শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৩ বছৰীয়া শিশুৰ লগত জঘন্য কাণ্ড! আদালতে কি শাস্তি বিহিলে দোষীক?

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। একাংশ পাষাণ লোকৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। এনে ধৰণৰ এক গোচৰত শেহতীয়াকৈ আদালতে ১৫ বছৰীয়া এজন কিশোৰক শাস্তি প্ৰদান কৰে।

৩ বছৰীয়া শিশুৰ লগত জঘন্য কাণ্ড! আদালতে কি শাস্তি বিহিলে দোষীক?
ন্যায়ালয়Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 19 Feb 2025 12:22 PM

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। এনে এক ঘটনা সন্দৰ্ভত শেহতীয়াকৈ আাদালতে ১৫ বছৰীয়া এজন কিশোৰক শাস্তি প্ৰদান কৰিছে। অভিযোগ অনুসৰি ১৫ বছৰীয়া কিশোৰজনে ৩ বছৰীয়া এটি শিশুৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত কৰিছিল। এই গোচৰতেই আদালতে কিশোৰজনক ২০ বছৰৰ কাৰাদণ্ড বিহে। ১৫ বছৰীয়া কিশোৰজনৰ নাম শুভম ৰাৱট বুলি জানিব পৰা দৈছে। পকচো আইনৰ অধীনত যুৱকজনক আদালতে এই শাস্তি বিহে। এই ঘটনা উত্তৰ প্ৰদেশ, কানপুৰৰ।

উল্লেখ্য যে, ২০১৯ চনৰ ৬ মে’ত কাকোৰি আৰক্ষী থানাত এই ধৰ্ষণ কাণ্ডৰ গোচৰ ৰুজু হৈছিল। এই গোচৰতে আদালতে শেহতীয়াকৈ এই ৰায় প্ৰদান কৰে। বৰ্তমান অভিযুক্তৰ বয়স প্ৰায় ২২ বছৰ।

আদালতত কিশোৰ ন্যায় বোৰ্ডে কিশোৰগৰাকীক এই শাস্তি প্ৰদান কৰাৰ লগতে ১লাখ টকাৰ জৰিমনা বিহে। পকচো আদালতৰ ন্যায়াধীশ বিজেন্দ্ৰ ত্ৰিপাঠীৰ বিচাৰপীঠে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গোচৰৰ তদন্তৰ বাবে আদালতে এখন কমিটী প্ৰস্তুত কৰিছিল, এই কমিটীখনৰ পৰীক্ষাৰ অন্তত ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। ন্য়ায়ালয়ে কয় যে, দোষী কিশোৰ হ’লেও তেওঁৰ মানসিক আৰু শাৰীৰিক ক্ষমতা প্ৰাপ্তবয়স্ক অপৰাধীৰ দৰে। গতিকে এই অপৰাধৰ বাবে তেওঁ শাস্তি পাব লাগে।

আদালতে শাস্তি ঘোষণা কৰাৰ সময়ত ভুক্তভোগীৰ বয়স ১২ বছৰতকৈ কম, যাৰ বাবে আই পি চিৰ ৩৬৭ ধাৰাত ২০ বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে জৰিমনা বিহাৰ ব্যৱস্থা আছে। এই সন্দৰ্ভত প্ৰাক্তন আৰক্ষী অধীক্ষক বিক্ৰম সিঙে কয় যে, যিসকল লোক বা সংগঠনে আদালতৰ এই সিদ্ধান্তৰ বিষয়ে মাত মাতিছে সেই সকলে এবাৰ ভাবিব লাগে যে যদি তেওঁলোকৰ কন্যাৰ লগত এনে হ’লহেতেনে তেতিয়া কি কৰিলেহেতেন?

তেওঁ লগতে কয় যে, এই সিদ্ধান্ত প্ৰথমবাৰৰ বাবে নহয়। আছিয়ানা দলবদ্ধ ধৰ্ষণ গোচৰত কিশোৰ অপৰাধীজনক প্ৰাপ্তবয়স্ক হিচাপে গণ্য কৰি শাস্তি প্ৰদান কৰা হৈছিল। ইয়াৰোপৰি কানপুৰত কিশোৰ হত্যাৰ গোচৰত এজনক ১৬ বছৰীয়া কিশোৰক যাৱজ্জীৱন শাস্তি প্ৰদান কৰা হৈছিল। বহু সময়ত আদালতে এনে ৰায় দিয়াৰ প্ৰয়োজন আহি পৰে যাৰ ফলত অপৰাধীৰ মনত ভয়ৰ সৃষ্টি হয়।