পুনৰ দেখা দিব নেকি ক’ভিদ আতংকই! দেশত ধৰা পৰিছে দুগৰাকী ৰোগী, মৃত্যু ঘটিল এজনৰ
ক’ভিদ সৃষ্ট বিভীষিকাময় পৰিস্থিতিৰ কথা এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰে পুনৰ এবাৰ সৃষ্টি কৰিছে ক’ভিদ আতংকৰ। এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰতিনিধিত্বমূলক ছবি
মাত্ৰ কেইটামান বছৰ পূৰ্বে সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছিল ক’ভিদ মহামাৰীয়ে। ক’ভিদৰ আগ্ৰাসী ৰূপৰ ফলত বিশ্বজুৰি দেখা গৈছিল মৃত্যুলীলা, প্ৰাণ হেৰুৱাইছিল অলেখ লোকে। সমগ্ৰ বিশ্বৰ লগতে ক’ভিদে বিধ্বংসী ৰূপ ৰূপ ধাৰণ কৰিছিল ভাৰততো। এনে আতংকৰ পৰিণতিত সমগ্ৰ দেশতে ঘোষণা কৰা হৈছিল লক ডাউন। ক’ভিদ সৃষ্ট এই বিভীষিকাময় পৰিস্থিতিৰ কথা এতিয়াও পাহৰিব পৰা নাই দেশবাসীয়ে। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এক খবৰে পুনৰ এবাৰ সৃষ্টি কৰিছে ক’ভিদ আতংকৰ।
মধ্যপ্ৰদেশৰ ইন্দোৰত পুনৰ এবাৰ দেখা পোৱা গৈছে ক’ভিদৰ সংক্ৰমণ। ইন্দোৰত এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই দুয়োজন ৰোগীকে ইন্দোৰৰ অৰবিন্দ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিহত মহিলাগৰাকীক ৭৪ বৰ্ষীয় নোছিবাই বুলি চিনাক্ত কৰা হৈছে। আনহাতে হিমলেশ নামৰ আনজন লোক সম্প্ৰতি চিকিৎসাধীন হৈ আছে।
প্ৰকাশিত তথ্য অনুসৰি, শেহতীয়াকৈ ইন্দোৰৰ অৰবিন্দ চিকিৎসালয়লৈ অনা হৈছিল নোছিবাই নামৰ মহিলা ৰোগীগৰাকীক। চৰ্দি কাহ ৰোগত আক্ৰান্ত হোৱা মহিলাগৰাকীয়ে বহু চিকিৎসাৰ পিছতো সকাহ লাভ কৰা নাছিল। মহিলাগৰাকীৰ দেহত দেখা দিয়া লক্ষণৰ বাবে পিছত ক’ভিদ পৰীক্ষা কৰা হয়। এই পৰীক্ষাত ৰিপৰ্ট পজিটিভ ওলাল। লগে লগে মহিলাগৰাকীক কোৱাৰেণ্টাইন কৰি চিকিৎসা আৰম্ভ কৰা হয় যদিও অৱশেষত মহিলাগৰাকীৰ মৃত্যু হয়।
ইফালে মহানগৰীৰ আন এজন ৰোগীৰ দেহতো ইয়াৰ পিছত ক’ভিদৰ লক্ষণ দেখা পোৱা গৈছে। অৰবিন্দ চিকিৎসালয়ৰ মুখ্য চিকিৎসক মেহক ভাণ্ডাৰীয়ে জানিবলৈ দিয়া মতে হিমলেশ নামৰ এজন ৰোগীকো একেধৰণৰ লক্ষণৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। হিমলেশৰ ক’ভিদ পৰীক্ষাৰ ৰিপ’ৰ্টতো পজিটিভ ওলাইছে বুলি জানিবলৈ দিয়ে চিকিৎসকগৰাকীয়ে। সেয়ে তেওঁক বৰ্তমান চিকিৎসালয়খনতে বিশেষ পৰ্যবেক্ষণত ৰখা হৈছে।
চিকিৎসাধীন হিমলেশ দেৱাছ অঞ্চলৰ। সেয়ে এই সন্দৰ্ভত দেৱাছ স্বাস্থ্য বিভাগকো অৱগত কৰা হৈছে। স্বাস্থ্য বিভাগে এই দুগৰাকী ৰোগীৰ কণ্ট্ৰেক্ট হিষ্ট্ৰী সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই দুই ৰোগীৰ ৰিপৰ্ট ওলোৱাৰ পিছতে স্বাস্থ্য বিভাগত আলোড়নৰ সৃষ্টি হয়। দুগৰাকী ৰোগীৰ দেহত ক’ভিদৰ উপস্থিতি ধৰা পৰাৰ পিছতে এই ৰোগে পুনৰ ভয়াৱহ ৰূপ লোৱাৰ আশংকাত প্ৰশাসন এতিয়া সক্ৰিয় হৈ পৰিছে।