মণিপুৰত শিবিৰৰ ভিতৰতে চিআৰপিএফ জোৱানৰ গুলীচালনাঃ দুই সতীৰ্থ জোৱান নিহত, আহত আঠজন

মণিপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ CRPFৰ এগৰাকী জোৱানে নিজ শিবিৰৰ ভিতৰতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত প্ৰাণ হেৰুৱাইছে দুই সতীৰ্থ জোৱানে। এই ঘটনাত লগতে আঠজন জোৱান আহতো হৈছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰাৰ পিছত গুলীচালনা কৰা জোৱানজনে নিজেও আত্মহত্যা কৰে।

মণিপুৰত শিবিৰৰ ভিতৰতে চিআৰপিএফ জোৱানৰ গুলীচালনাঃ দুই সতীৰ্থ জোৱান নিহত, আহত আঠজন

মণিপুৰত চাঞ্চল্যকৰ ঘটনা

Published: 

13 Feb 2025 23:01 PM

গোষ্ঠীসংঘৰ্ষই সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতি আৰু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবে সংবাদ শিৰোনাম দখল কৰি আহিছে মণিপুৰে। এইবাৰ ৰাজ্যখনত সংঘটিত আন এক চাঞ্চল্যকৰ ঘটনাৰ বাবে মণিপুৰে সংবাদ শিৰোনাম দখল কৰিছে। ৰাজ্যখনত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ CRPFৰ এগৰাকী জোৱানে নিজ শিবিৰৰ ভিতৰতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত প্ৰাণ হেৰুৱাইছে দুই সতীৰ্থ জোৱানে। এই ঘটনাত লগতে আঠজন জোৱান আহতো হৈছে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰাৰ পিছত গুলীচালনা কৰা জোৱানজনে নিজেও আত্মহত্যা কৰে। ইম্ফল পশ্চিম জিলাৰ লামফেলত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰত আজি কিছু সময় পূৰ্বে প্ৰায় ৮.২০ বজাত সংঘটিত হয় এই ঘটনা। গুলীচালনা কৰা জোৱানজনক সঞ্জয় কুমাৰ বুলি চিনাক্ত কৰা হৈছে। ১২০ নং বেটেলিয়নৰ হাবিলদাৰ আছিল সঞ্জয় কুমাৰ।

প্ৰকাশিত খবৰ অনুসৰি জোৱানজন অসমৰ বাসিন্দা আছিল আৰু ত্ৰিসুন্দিৰ চি আৰ পি এফ শিবিৰত নিয়োজিত হৈ আছিল। গুলীচালনাৰ পিছত জোৱান সঞ্জয় কুমাৰে আত্মহত্যা কৰাৰ বিপৰীতে ঘটনাত আহত জোৱানকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে জ্যেষ্ঠ আৰক্ষী আৰু চি আৰ পি এফ বিষয়াৰ দল।

এই ঘটনাৰ আঁৰৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে এই কথা স্পষ্ট হ’ব বুলি বিষয়াসকলে জানিবলৈ দিছে। চি আৰ পি এফৰ বিষয়াসকলে শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। বৰ্তমান এই বিষয়ত কোনো জ্যেষ্ঠ বিষয়াৰ পৰা কোনোধৰণৰ বক্তব্য প্ৰকাশ পোৱা নাই।

বিভাগীয় বিষয়াসকলে ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। লক্ষণীয়ভাৱে ৰাজ্যখনৰ বিগত সময়ৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ ফলশ্ৰুতিত চাৰিদিন পূৰ্বে, অৰ্থাৎ যোৱা ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। এনে পৰিস্থিতিত আজি মণিপুৰত জাৰি কৰা হৈছে ৰাষ্ট্ৰপতিৰ শাসন। বিধানসভাও স্থগিত ৰখা হৈছে ৰাজ্যখনত।

গৃহ মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰি আজি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ কথা ঘোষণা কৰে। উল্লেখ্য যে যোৱা ২০২৩ চনৰ ৩ মে’ৰ পৰাই গোষ্ঠীসংঘৰ্ষই উত্তপ্ত কৰি ৰাখিছে মণিপুৰ। মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা সংঘতৰ ফলত ৰাজ্যখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই হিংসাত্মক পৰিস্থিতিৰ ফলত মণিপুৰত এতিয়ালৈকে ৩০০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গৃ্হহীন হৈছে হাজাৰ হাজাৰ লোক।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?