5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Cyclone Dana: ঘন্টাত ১২০ কি.মি বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ডানা’, অসমতো পৰিব পাৰে প্ৰভাৱ…

Cyclone Dana: তীব্ৰ বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ডানা। ইতিমধ্যে এই ক্ষেত্ৰত পশ্চিম বংগ আৰু ওড়িশা চৰকাৰে এলাৰ্ট জাৰি কৰিছে। ইয়াৰ প্ৰভাৱ কিছু পৰিমাণে অসমতো পৰিব পাৰে। ডানাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখন ট্ৰেইনৰ চলাচল বাতিল কৰা হৈছে।

Cyclone Dana: ঘন্টাত ১২০ কি.মি বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ডানা’, অসমতো পৰিব পাৰে প্ৰভাৱ…
ডানা (প্ৰতীকি ফটো)
barasha-sarma
Barasha Sarma | Published: 23 Oct 2024 10:01 AM

আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ডানা’। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশা চৰকাৰ সষ্টম হৈ পৰিছে আৰু ২৫- ২৬ অক্টোবৰত পশ্চিম বংগৰ ৯ খন বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে ওড়িশা চৰকাৰে  ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ ১৪ খন জিলাৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।  মঙলবাৰে পুৱা পূব উপকূলীয় দিশে গতি কৰিছিল সাগৰীয় ঘূৰ্ণী বতাহ ডানা। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি এই ধুমুহাই ২৫ অক্টোবৰৰ পুৱা পুৰী আৰু সাগৰ দ্বীপৰ মাজৰ উত্তৰ ওড়িশা আৰু দক্ষিণ পশ্চিম বংগৰ উপকূলত আঘাত কৰিব।

উপকূলত আঘাত কৰাৰ সময়ত এই ঘূৰ্ণী বতাহ প্ৰতি ঘন্টাত ১০০ ৰ পৰা ১১০ কিলোমিটাৰ বেগত থাকিব। এই ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশা চৰকাৰে ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ দুৰ্যোগ প্ৰশমন বিভাগৰ বা অন্য বিভাগীয় কৰ্তৃপক্ষৰ সকলো কৰ্মচাৰীৰ ছুটী বাতিল কৰিছে । বৰ্তমানলৈকে ১৬০ খনতকৈ অধিক ৰে’লৰ চলাচল বাতিল কৰিছে বুলিও জানবি পৰা গৈছে।

ইয়াৰোপৰি ৩টা ODRAF দলক এলাৰ্ট মোডত ৰখা হৈছে। চৰকাৰে মাছমৰীয়াসকলক এই কেইটদিন সাগৰৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে। চৰকাৰে কৈছে যে ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ মাছমৰীয়াসকল সাগৰলৈ যাব নালাগে। ইয়াৰোপৰি সাগৰৰ পাৰত বাস কৰা লোকসকলক অন্য স্থানত স্থানান্তৰ হ’বলৈ আহ্বান জনাইছে। পশ্চিম বংগ আৰু ওড়িশাৰ সাগৰৰ পাৰৰ প্ৰায় ১০ লাখ লোকে ইতিমধ্যে নিৰাপদ স্থানলৈ গতি কৰিছে।

ডানাৰ প্ৰতি সষ্টম হৈ উঠিছে পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰো। তেওঁ কৈছে যে, যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পশ্চিম বংগ চৰকাৰ সাজু আছে। তেওঁ জনতাক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱাৰ লগতে মাছমৰীয়াসকলক সাগৰৰ পাৰলৈ যোৱাত বাধা প্ৰদান কৰিছে।

ডানাৰ ফলত দক্ষিণ আৰু উত্তৰ ২৪ পৰগনা জিলা, পূব মেদিনীপুৰ আৰু উপকূলীয় অঞ্চলত ব্যাপক প্ৰভাৱ পৰিব পাৰে। পশ্চিম মেদিনীপুৰ, বাংকুৰা, হুগলী আৰু ঝাৰগ্ৰামতো এই ধুমুহাৰ প্ৰভাৱ পৰিব। এই সময়চোৱাত কলকাতাকে ধৰি বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এতিয়ালৈকে অসমৰ বতৰ বিজ্ঞান কেন্দ্ৰই কোনো তথ্য জাৰি কৰা নাই যদিও এই ডানাৰ প্ৰভাৱ  অসমতো কিছু পৰিমাণে পৰিব পাৰে। ইতিমধ্যে অসমৰ পৰা যাবলগীয়া বা আহিবলগীয়া ৫ খন ৰে’লৰ চলাচল বাতিল কৰা হৈছে। আজি বাতিল কৰা ৫ খন ৰে’ল- ১২৫৫২ কামাখ্য- SMVT বাংগালুৰু চুপাৰ ফাষ্ট এক্সপ্ৰেছ, ১২৫১৪ শিলচৰ- ছেকেন্দ্ৰাবাদ ছুপাৰ ফাষ্ট এক্সপ্ৰেছ, ২২৫০৪ ডিব্ৰুগড়- কন্যাকুমাৰী বিবেক এক্সপ্ৰেছ , ১২৫০৯ SMVY বাংগালুৰু- গুৱাহাটী এক্সপ্ৰেছ আৰু ২২৫০৩ কন্যাকুমাৰী- ডিব্ৰুগড় বিবেক এক্সপ্ৰেছ।

Latest News