Cyclone Dana: ১২০ কিলোমিটাৰ বেগত আহি আছে ডানা! বন্ধ বিদ্যালয়, বাতিল ৰে'ল, বিমান সেৱা... | Cyclone Dana storm to make landfall west Bengal odisha cancel train flight Assam news - Assam Tv9

Cyclone Dana: ১২০ কিলোমিটাৰ বেগত আহি আছে ডানা! বন্ধ বিদ্যালয়, বাতিল ৰে’ল, বিমান সেৱা…

Cyclone Dana: ঘন্টাত ১২০ কিলোমিটাৰ বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ডানা। এই সময়চোৱাত ইয়াৰ ফলত প্ৰভাৱিত হোৱা ৰাজ্যসমূহত প্ৰচণ্ড বতাহ, বৰষুণ আৰু বানপানীৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

Cyclone Dana: ১২০ কিলোমিটাৰ বেগত আহি আছে ডানা! বন্ধ বিদ্যালয়, বাতিল ৰেল, বিমান সেৱা...

ডানা

Updated On: 

24 Oct 2024 07:10 AM

আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ডানা’।বংগোপ সাগৰত উৎপত্তি হোৱা ডানাই ইতিমধ্যে লৈছে ভয়ংকৰ ৰূপ। ২৪ অক্টোবৰৰ সন্ধিয়াৰ পৰা ২৫ অক্টোবৰৰ পুৱাৰ ভাগলৈ সাগৰীয় ঘূৰ্ণী বতাহ ডানাই প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ পুৰি আৰু পশ্চিম বংগৰ সাগৰ দ্বীপৰ মাজত কোবাই যাব পাৰে। যাৰ বাবে এতিয়া উক্ত অঞ্চলৰ লগতে তাৰ ওচৰ- পাজৰ অঞ্চলটো সতৰ্কতা জাৰি কৰা হৈছে। ভাৰতীয় উপকূল আৰক্ষীয়ে মঙলবাৰে হাই এলাৰ্ট জাৰি কৰি কয় যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি কৰিছে।

ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে পুৰিৰ পৰা আৰম্ভ কৰি পশ্চিম বংগৰ উপকূল অঞ্চললৈ ডানা ঘূৰ্ণী বতাহে প্ৰভাৱিত কৰাৰ সম্ভৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই কয় যে বংগোপ সাগৰৰ ওপৰত প্ৰচণ্ড চাপ পৰাৰ বাবে এই ঘূৰ্ণী ধুমুহালৈ ৰূপান্তৰিত হৈ ২৫ অক্টোবৰৰ পুৱা পুৰী আৰু সাগৰ দ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু দক্ষিণ পশ্চিম বংগৰ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। এই সময়চোৱাত বতাহৰ বেগ প্ৰতি ঘন্টা ১০০-১১০ বা ১২০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।

এই ডানাৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম বংগ আৰু ওড়িশাৰ বহু শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে। ৰে’লৰ লগতে বাতিল হৈছে বিমান সেৱা। ডানাৰ ফলত ২৪ আৰু ২৫ অক্টোবৰত পূৱ আৰু পশ্চিম মেদিনীপুৰত. দক্ষিণ ২৪ পৰগনা আৰু ঝাৰগ্ৰাম জিলাৰ লগতে কেইবাটা অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে ২৪ আৰু ২৫ অক্টোবৰত কলকাতা, হাওৰা, হুগলী, উত্তৰ ২৪ পৰগনা, পুৰুলিয়া, বাংকুৰা আদিত বতাহ আৰু ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি আৰু কেইবাখন ঠাইৰ বাবে এলাৰ্ট জাৰি কৰিছে।

ডানাৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ দুই ৰাজ্যৰ চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা কৰিছে। ওড়িশা চৰকাৰে প্ৰায় ৮০০ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। এই আশ্ৰয় শিবিৰত বেছি প্ৰভাৱিত কৰিব পৰা অঞ্চলৰ পৰা স্থানান্তৰিত কৰা লোকসকলক ৰখা হ’ব। ইয়াৰোপৰি বিদ্যালয়, কলেজ আদিত ৫০০ টা অতিৰিক্ত শিবিৰ নিৰ্মাণ কৰা হৈছে। এই আশ্ৰয় শিবিৰসমূহত খাদ্য. পানী, বিদ্যুত বা অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ ব্যৱস্থা কৰা হৈছে।

পশ্চিম বংগৰ জৰুৰীকালীন বিভাগ সমূহো সকলো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু আছে। বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলক ২৩ আৰু ২৫ অক্টোবৰত সাগৰৰ পাৰলৈ নাযাবলৈ আহ্বান জনাইছে। সাধাৰণ জনতাকো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

আশংকা কৰা হৈছে এই ডানাৰ প্ৰভাৱ কিছু পৰিমাণে অসমতো পৰিব পাৰে। ইতিমধ্যে অসমৰ কেইবাখনো জিলাত পাতলীয়া বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই ক্ষেত্ৰত এতিয়ালৈকে বতৰ বিজ্ঞানৰ বিভাগে জাৰি কৰা কোনো তথ্য লাভ কৰা নাই।  জানিব পৰা মতে ডানাৰ প্ৰভাৱ ৫ খন ৰাজ্যত পৰিব পাৰে। এই ৰাজ্যকেইখন-পশ্চিম বংগ, ওড়িশা, চত্তিশগড়, ঝাৰখণ্ড, অন্ধ্ৰপ্ৰদেশ।বৃহস্পতিবাৰ আৰু শুকুৰবাৰৰ ভিতৰত এই ৰাজ্যকেইখনত ডানা প্ৰৱেশ কৰাৰ ফলত ধাৰাসাৰ বৰষুণ আৰু বানপানী হ’ব পাৰে।

Latest Stories
Salman khan: ছলমান খানক হত্যাৰ ভাবুকি আৰু ৫ কোটি দাবী কৰা অভিযুক্ত গ্ৰেপ্তাৰ,জানক কোন শ্বেইখ হুচেইন
Modi-Jinping Meeting: ভাৰত-চীনৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ… চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য
কামাখ্যা ধামত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, নিৰ্বাচনৰ পূৰ্বে বিচাৰিলে মা কামাখ্যাৰ আশীৰ্বাদ
Nagpur case: প্ৰেম, প্ৰতাৰণা আৰু এক ভয়ংকৰ ঘটনা! পৰিত্ৰাণ পাবলৈ প্ৰেমিকে পুতি থ’লে প্ৰেমিকাক…
Priyanka Gandhi Nomination: প্ৰথমবাৰলৈ প্ৰত্যক্ষ ৰাজনীতিত খোজ পেলালে প্ৰিয়ংকা গান্ধীয়ে! উপ-নিৰ্বাচনৰ বাবে বায়নাডৰ পৰা দাখিল কৰিলে মনোনয়ন পত্ৰ
Cyclone Dana: ঘন্টাত ১২০ কি.মি বেগত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ ‘ডানা’, অসমতো পৰিব পাৰে প্ৰভাৱ…
এনেদৰে আলু খালে কেতিয়াও শকত নহয় আপুনি! জানি লওক টিপচ
গৰুড় পুৰাণৰ মতে, মৃত্যুৰ পূৰ্বে এজন ব্যক্তিয়ে লাভ কৰে এই ৫টা সংকেত!
ভাত কেৰেলা খাই ভাল পায় নে ? জানক ভাত কেৰেলাৰ উপকাৰিতাৰ বিষয়ে...
LICৰ আকৰ্ষণীয় পলিচি: এবাৰতে পাব ২৪ লাখ টকা