বিচনাত উঠাটোৱেই অপৰাধ! ৮ বছৰীয়া দলিত ছাত্ৰক অকথ্য নিৰ্যাতন শিক্ষকৰ | Dalit child brutally beaten school in Bihar Assam news - Assam Tv9

বিচনাত উঠাটোৱেই অপৰাধ! ৮ বছৰীয়া দলিত ছাত্ৰক অকথ্য নিৰ্যাতন শিক্ষকৰ

Published: 

22 Sep 2024 23:20 PM

এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত অধ্যয়নৰত ৮ বছৰীয়া এটি দলিত শিশুৱে বিদ্যালয়খনৰ সঞ্চালকৰ বিচনাত উঠাৰ বাবেই এগৰাকী শিক্ষকৰ সৈতে সঞ্চালকজনে শিশুটিক নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। শিশুটিৰ পিতৃয়ে লগতে বিদ্যালয় কৰ্তৃপক্ষই শিশুটিৰ লগত বৈষম্যমূলক আচৰণ কৰাৰো অভিযোগ তুলিছে।

বিচনাত উঠাটোৱেই অপৰাধ! ৮ বছৰীয়া দলিত ছাত্ৰক অকথ্য নিৰ্যাতন শিক্ষকৰ

শিশুটিৰ দেহত আঘাতৰ চিন

Follow Us On

জাতিবাদৰ ঘৃণনীয় পৰিৱেশৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই দেশ। একবিংশ শতিকাৰ এই আধুনিক সময়ছোৱাতো জাতিৰ আধাৰত উচ্চ-নীচ বিচাৰেৰে দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বৈষম্যমূলক বিচাৰধাৰাৰ। জাতিবাদৰ এনে এক ভয়াৱহ দৃশ্য পুনৰ এবাৰ প্ৰতিফলিত কৰি তুলিছে বিহাৰৰ কাতিহাৰত সংঘটিত এক নিকৃষ্ট কাণ্ডই। সামান্য এটি ভুলৰ বাবেই এখন ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ সঞ্চালক আৰু সঞ্চালকে এটি ৮ বছৰীয়া শিশুৰ ওপৰত কৰা অমানৱীয় নিৰ্যাতনে চকু কপালত তুলিছে সকলোৰে।

প্ৰকাশিত খবৰ অনুসৰি, কাতিহাৰ জিলাৰ পঠিয়া থানা এলেকাৰ এখন ব্যক্তিগত বিদ্যালয়ত শিশুটিয়ে বাগৰ দিছিল বিদ্যালয়খনৰ সঞ্চালকৰ বিচনাত। এই সামান্য এটি কথাৰ বাবেই দলিত শিশুটিক বিদ্যালয়ৰ সঞ্চালক আৰু শিক্ষকে মিলি অমানৱীয়ভাৱে প্ৰহাৰ কৰে। দলিত ছাত্ৰজনক বিচনাত শুই থকা দেখি ক্ষোভত জ্বলি উঠা সঞ্চালকজনে প্ৰথমে বিচনা চাদৰখন আঁতৰাই দিলে। ইয়াৰ পিছত শিক্ষকৰ সহায়ত শিশুটিক খিৰিকীত বান্ধি মাৰপিট কৰে।

শিশুটিৰ সৰ্বশৰীৰতে এই নিৰ্দয় প্ৰহাৰৰ চিন পৰে। মাত্ৰ ৮ বছৰীয়া এল কে জি শ্ৰেণীত অধ্যয়নৰত শিশুটিৰ দেহত এনে দাগ দেখি শিহৰিত হৈ উঠে সকলো লোক। ঘটনা সন্দৰ্ভত শিশুটিৰ পিতৃ মুকেশ কুমাৰ মল্লিকে কয় যে তেওঁ নিজৰ সন্তানক পঢ়া-শুনাৰ বাবে পঠিয়া বজাৰৰ ব্রাইট ফিউচাৰ ইণ্টাৰনেশ্যনেল স্কুলত নামভৰ্তি কৰাইছিল৷ শিশুটিয়ে হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিল।

তেওঁ জানিবলৈ দিয়া মতে সেই একেখনে বিদ্যালয়তে অধ্যয়ন কৰা তেওঁৰ বৰপুত্ৰ ঘটনাৰ দিনা বিদ্যালয়ত উপস্থিত নাছিল। পিছদিনা যেতিয়া শিশুটিৰ জ্যেষ্ঠ ভাতৃ বিদ্যালয়লৈ যায়, এই সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰে। বিষত জৰ্জৰিত হৈ কান্দি উঠা শিশুটিৰ গোটেই শৰীৰত আঘাতৰ চিন দেখাৰ পিছত জ্যেষ্ঠ ভাতৃয়ে ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰে। ইয়াৰ পিছত শিশুটিক চিকিৎসাৰ বাবে ফালকা কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰা হয়।

এনে নিৰ্যাতনৰ বলি হোৱা শিশুটিৰ পিতৃয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত বিদ্যালয়ৰ সঞ্চালক ৰোহিত সিংহানিয়া আৰু শিক্ষক সন্তোষ কুমাৰে শিশুটিক বৈষম্য আচৰণেৰে তলত শুবলৈ বাধ্য কৰিছিল আৰু আন শিশুৰ পৰা পৃথকে বহিবলৈ দি খাদ্য খাবলৈ দিছিল। আনকি তেওঁৰ বাচন-বৰ্তনবোৰো পৃথক কৰা হৈছে বুলি পিতৃয়ে অভিযোগ কৰে। দুয়োকে শিশুটিক প্ৰহাৰ কৰাৰ কথা সোধাত তেওঁলোকে কোনো উত্তৰ নিদিলে বুলিও তেওঁ লগতে উল্লেখ কৰে।

ইফালে তেওঁ লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ নেমেলিবলৈ বিদ্যালয়খনৰ সঞ্চালকে ভাবুকি দিয়া বুলিও অভিযোগ তুলিছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ব্লক শিক্ষা বিষয়া ৰাম দহিম প্ৰসাদে কয় যে শিশুটিৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু বিদ্যালয়খনৰ আন ছাত্ৰ-ছাত্ৰীসকলৰ পৰাও এই বিষয়ত জানিবলৈ চেষ্টা কৰে। প্ৰাথমিক তদন্তত অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত নিৰ্যাতনৰ অভিযোগৰ সত্যতা থকা বুলি জানিব পৰা গৈছে।

চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়খনত হোষ্টেল চলোৱাৰ চৰকাৰী নিয়ম মানি চলা নাই বুলিও পোহৰলৈ আহিছে। ইফালে শিশুটিক প্ৰহাৰ কৰা এক ভিডিঅ’ও সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শিশুটিৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে।

আনহাতে বিদ্যালয়ৰ সঞ্চালক অভিযুক্ত ৰোহিত সিংহানিয়াই এই অভিযোগ নাকচ কৰি শিশুটিয়ে অভব্য আচৰণ কৰাৰ বাবে ৱাৰ্ডেনে তেওঁক অলপ মাৰপিট কৰিছিল বুলি দাবী কৰে। তাৰ বাদে আন সকলো অভিযোগ অসত্য বুলি তেওঁ দাবী কৰিছে।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version