অবৈধ সম্পৰ্কত বাধা! প্ৰেমিকৰ সৈতে মিলি নিজ মাতৃক হত্যা কন্যাৰ | Daughter Arrested for killing her mother with boyfriend in Nuh haryana Assam news - Assam Tv9

অবৈধ সম্পৰ্কত বাধা! প্ৰেমিকৰ সৈতে মিলি নিজ মাতৃক হত্যা কন্যাৰ

লজ্জাজনক ঘটনা! প্ৰেমিকৰ সৈতে মিলি নিজ মাতৃক হত্যা কন্যাৰ। ছোৱালীজনীয়ে মাকক হত্যা কাৰণ এয়ে যে প্ৰেমিকৰ সৈতে আপত্তিজনক স্থিতিত প্ৰত্যক্ষ কৰিছিল মাতৃয়ে। হত্যাকাৰী জীয়ৰীক আদালতত হাজিৰ কৰোৱা হৈছে। তাৰ পাছত জেল'লৈ প্ৰেৰণ কৰা হৈছে। ইফালে প্ৰেমিকক বিচাৰি অব্যাহত আছে আৰক্ষীৰ অভিযান।

অবৈধ সম্পৰ্কত বাধা! প্ৰেমিকৰ সৈতে মিলি নিজ মাতৃক হত্যা কন্যাৰ

প্ৰেমিকৰ সৈতে মিলি নিজ মাতৃক হত্যা কন্যাৰ

Updated On: 

07 Nov 2024 12:18 PM

কোৱা হয় যে মাতৃ-কন্যাৰ সম্পৰ্ক আটাইতকৈ বিশেষ! এগৰাকী মাতৃয়ে তেওঁৰ জীয়ৰীক সমাজৰ কু-দৃষ্টিৰ পৰা বচাবলৈ যিকোনো কাম কৰে। মাতৃয়ে কেতিয়াও সন্তানৰ বেয়া কামনা নকৰে বা সন্তানৰ বেয়া হোৱা কাম নকৰে। কিন্তু হাৰিয়ানাৰ নুহত সংঘটিত হৈছে এক নৃশংস ঘটনা। য’ত প্ৰেমিকৰ সৈতে মিলি নিজ মাতৃক হত্যা কৰে কন্যাই। কাৰণ মাকে তেওঁক প্ৰেমিকৰ সৈতে আপত্তিজনক স্থিতিত দেখা পাইছিল। সেয়েহে তেওঁ প্ৰেমিকৰ সৈতে মিলি মাকক হত্যা কৰিছিল।

ঘটনা অনুসৰি, দেওবাৰে-সোমবাৰৰ নিশা যুৱতীগৰাকীৰ মাতৃ শুই আছিল আৰু তেওঁ প্ৰেমিকৰ সৈতে আছিল। মাকে ৰাতি সাৰ পাই কন্যক প্ৰেমিকৰ সৈতে আপত্তিজনক স্থিতিত দেখিছিল। তাৰ পাছতে ২০ বছৰীয়া যুৱতীগৰাকীয়ে প্ৰেমিক জাভেদৰ সৈতে মিলি মাকক শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে কিন্তু প্ৰেমিকজন পলাই যায়।

বুধবাৰে যুৱতীগৰাকীক আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতৰ নিৰ্দেশত মৰ্ম মাতৃৰ হত্যাকাৰী কন্যাক কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু পলাতক প্ৰেমিকক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। অৱশ্যে, এতিয়ালৈকে পলাতক প্ৰেমিক সন্দৰ্ভত কোনো ধৰণৰ তথ্য লাভ কৰা নাই আৰক্ষীয়ে। এই ঘটনাত আন লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। যাৰ বাবে আৰক্ষীয়ে তদন্ত কৰি আছে। কোৱা হৈছে যে আৰক্ষীয়ে সোনকালেই অভিযুক্ত জাভেদক জালত পেলাব।

সূত্ৰ অনুসৰি, আৰক্ষীয়ে অভিযুক্ত জাভেদক ধৰিবলৈ তেওঁৰ ঘনিষ্ঠ বন্ধুসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ প্ৰস্তুতি চলাই আছে। তথ্য প্ৰদান কৰি তদন্তকাৰী বিষয়াই কয় যে গোচৰটোৰ সৈতে জড়িত লোকসকলৰ তদন্তৰ পিছতহে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে, এইটোও কোৱা হৈছে যে মৃত মহিলাগৰাকীয়ে তেওঁৰ কন্যা আৰু প্ৰেমিকৰ মাজত থকা অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰিছিল। সেয়েহে তেওঁলোক দুয়োজনে মাজৰ পৰা আঁতৰাবলৈ মাতৃক হত্যা কৰা হৈছিল।

 

সূৰ্যাস্তৰ পিছত বা নিশা গা ধোৱাটো কিয় অশুভ বুলি কোৱা হয়?
তুলসী গছত আগবঢ়াওক এইসমূহ সামগ্ৰী, কেতিয়াও নহ'ব ধনৰ অভাৱ!
পুৱা উঠিয়েই ফোন চোৱাৰ অভ্যাস আছে নেকি? তেন্তে সাৱধান!
কেতিয়াও আদান-প্ৰদান নকৰিব এই সামগ্ৰী, হ'ব ধনৰ সমস্যা