শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Mahakumbh 2025: বোকোচাত তুলি শাহুৱেকক মহাকুম্ভলৈ আনিলে এইগৰাকী বোৱাৰীয়ে; মহেশেও দেখুৱালে মাতৃ ভক্তি

মহাকুম্ভৰ দুখন ছবিয়ে আবেগিক কৰি তুলিব আপোনাক । ছবি দুখন দেখি আপুনিও ক'ব বৃদ্ধ শাহু-শহুৰক বোজা বুলি নভবা বোৱাৰী এতিয়াও আছে সমাজত ।

Mahakumbh 2025: বোকোচাত তুলি শাহুৱেকক মহাকুম্ভলৈ আনিলে এইগৰাকী বোৱাৰীয়ে; মহেশেও দেখুৱালে মাতৃ ভক্তি
মাতৃ ভক্তিImage Credit source: Tv9 Hindi
raj-saikia
Raj Saikia | Published: 28 Jan 2025 18:54 PM

প্ৰায় ১৪৪ বছৰৰ পাছত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈছে মহাকুম্ভ । লক্ষ লক্ষ ভক্তই ভিৰ কৰিছে ত্ৰিবেণী সংগমত । জনসমুদ্ৰত পৰিণত মহাকুম্ভত বিভিন্নজন সাধু-সন্তৰ কাৰ্য-কলাপে ভক্তক আকৰ্ষিত কৰিছে । তাৰ মাজতে কেতবোৰ মননশীল ছবিও পোহৰলৈ আহিছে, যিবোৰে আপোনাৰ মনত সাঁচ বহুৱাই যাব ।

তেনে এখন ছবিত দেখা গৈছে এগৰাকী মহিলাই এগৰাকী বৃদ্ধাক বোকোচাত তুলি লৈ আহিছে কুম্ভমেলালৈ । প্ৰায় পাঁচ কিঃমিঃ বাট নোৰোৱাকৈ নাভাগৰাকৈ মহিলাগৰাকীয়ে বোকোচাত তুলি আনিছে বৃদ্ধাগৰাকীক । সেয়া তেওঁৰ শাহু । ইমান দূৰ বাটকুৰি বাই অহাৰ পাছতো তেওঁৰ মুখত দেখা নগ’ল ভাগৰৰ চিন ।

তেওঁৰ মুখত জিলিকি থকা মিচিকিয়া হাঁহিটোৱেই প্ৰকাশ কৰিছে তেওঁ শাহুৱেকক কিমান ভালপায় আৰু মহাকুম্ভত এইদৰে শাহুৱেকক স্নান কৰাবলৈ আনি তেওঁ কি পুণ্য অৰ্জন কৰিছে । সামাজিক মাধ্যমত ভিন্নজনে প্ৰশংসা কৰিছে এই বোৱাৰীগৰাকীক । তেওঁৰ শাহুৱেকে মহাকুম্ভত স্নান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল । কিন্তু ইমান ভিৰৰ মাজত তেওঁ স্নানৰ বাবে আহিবলৈ সাহস কৰিব পৰা নাছিল । কিন্তু বোৱাৰীগৰাকীয়ে মন স্থিৰ কৰিলে যে তেওঁ প্ৰতিবছৰে শাহুৱেকৰ মনৰ আশা পূৰণ কৰিব ।

৮ কিঃমি দূৰ খোজ কাঢ়ি পালেহি ত্ৰিবেণী সংগম

তেওঁ নিজৰ ঘৰৰ পৰা প্ৰয়াগৰাজলৈ আহিল, কিন্তু তেতিয়াহে জানিব পাৰিলে যে অতি কমেও ৮ কিঃমিঃ খোজ কাঢ়িব লাগিব । এই কথা জানিব পাৰিও তেওঁ সাহস নেহেৰুৱালে আৰু শাহুৱেকক পিঠিত তুলি মহাকুম্ভত উপস্থিত হয় । সামাজিক মাধ্যমত ভাইৰেল হোৱা এই ছবিখন মহাকুম্ভৰ ২০২৫ চনৰ আটাইতকৈ মনোগ্ৰাহী ছবি হিচাপে পৰিগণিত হৈছে । ছবিখন দেখি সকলোৱে শাহু-বোৱাৰীৰ মাজৰ মধুৰ সম্পৰ্কক প্ৰশংসা কৰিছে ।

আজিৰ মহিলাসকলে শাহুৱেকক শ্ৰদ্ধা ভক্তি নকৰে বুলি বহুতেই যুক্তি দিয়ে । এনে পৰিস্থিতিত এই বোৱাৰীগৰাকীয়ে তেনে একাংশক ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধ শিকাবলৈ চেষ্টা কৰিছে । ডাঙৰ কথাটো হ’ল মহিলাগৰাকীয়ে শাৰী পিন্ধিও শাহুৱেকক পিঠিত লৈ ফুৰিছে । সেইবাবেই তেওঁ সম্পূৰ্ণ ধ্যান ৰাখিছে যে তেওঁৰ মূৰৰ পৰা ওৰণি যাতে খহি নপৰে । এনে ভিৰৰ মাজতো মাকে সন্তানক ধৰি ৰখাৰ দৰে বোৱাৰীয়েকে শাহুৱেকক ধৰি ৰখাৰ দৃশ্যই সকলোকে আবেগিক কৰি তুলিছে ।

অন্য এক শ্ৰৱণ কুমাৰ

চাৰিদিন পূৰ্বেও একেধৰণৰ ছবি দেখা গৈছিল । এই ছবিখনত এজন যুৱকে বৃদ্ধ তথা দুৰ্বল মাকক পিঠিত লৈ মহাকুম্ভৰ থলীলৈ আহিছে । আমেথিৰ গৌৰীগঞ্জ তহচিলৰ কুশৱৈৰা গাঁৱত বাস কৰা কৃষক মহেশ তিৱাৰীয়ে মাকক সংক্ৰান্তিৰ দিনা মহাকুম্ভত স্নান কৰোৱাৰ চেষ্টা কৰিছিল । কিন্তু সেই সময়ত জনসমাগমৰ বাবে তেওঁ সফল নহ’ল যদিও এতিয়া ৰে’লেৰে প্ৰয়াগৰাজ ষ্টেচন পালেহি । ইয়াৰ পৰাই মাকক পিঠিত লৈ খোজকাঢ়ি সংগমলৈ ৰাওনা হ’ল । মহেশৰ মাতৃ ভক্তিয়ে সকলোৰে মনত শ্ৰৱণ কুমাৰৰ ছবিখন মনত পেলাই দিছে ।