5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

৭ কোটি টকা লুণ্ঠন, DB ষ্টক ট্ৰেডিং কেলেংকাৰীত জড়িত আন এজনক গ্ৰেপ্তাৰ!

DB ষ্টক ট্রেডিং কেলেংকাৰিৰে জড়িত এজনক গ্ৰেপ্তাৰ। হায়দৰাবাদ আৰক্ষীৰ জালত ভিজ্জি জগদীশ চন্দ্র প্রসাদ নামৰ এজন। DB ষ্টকৰ ভিজ্জি জগদীশ চন্দ্ৰ প্ৰসাদক গ্ৰেপ্তাৰ। DB ষ্টকৰ কুকাটপল্লীত থকা কাৰ্যালয়ৰ মেনেজাৰ আছিল জগদীশ।

৭ কোটি টকা লুণ্ঠন, DB ষ্টক ট্ৰেডিং কেলেংকাৰীত জড়িত আন এজনক গ্ৰেপ্তাৰ!
DB ষ্টক ট্ৰেডিং কেলেংকাৰীত জড়িত আন এজনক গ্ৰেপ্তাৰ! (প্ৰতীকি ফটো)
trishna-kalita
Trishna Kalita | Updated On: 02 Nov 2024 19:23 PM

DB ষ্টক ট্ৰেডিং কেলেংকাৰীক লৈ এইবাৰ তৎপৰ হায়দৰাবাদ আৰক্ষী। DB ষ্টক ট্রেডিং কেলেংকাৰীৰে জড়িত এজনক গ্ৰেপ্তাৰ। হায়দৰাবাদ আৰক্ষীৰ জালত ভিজ্জি জগদীশ চন্দ্র প্রসাদ নামৰ এজন। DB ষ্টকৰ ভিজ্জি জগদীশ চন্দ্ৰ প্ৰসাদক গ্ৰেপ্তাৰ। DB ষ্টকৰ কুকাটপল্লীত থকা কাৰ্যালয়ৰ মেনেজাৰ আছিল জগদীশ। জগদীশ প্রসাদে বহু লোকৰ পৰা বিনিয়োগ কৰাইছিল প্রায় ৭ কোটি টকা।

ডি বি ষ্টক ব্ৰকিঙৰ স্বত্বাধিকাৰ তথা প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে কেৱল গুৱাহাটীতেই নহয়, হায়দৰাবাদতো কাৰ্যলয় খুলি চলাই গৈছিল লুণ্ঠন। শেহতীয়াকৈ ডি বি ষ্টক ব্ৰকিং কেলেংকাৰীৰ সন্দৰ্ভত হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক। জানিব পৰা মতে জগদীশ চন্দ্ৰ প্ৰসাদে প্ৰায় ৭ কোটি টকা ডি বি ষ্টকত বিনিয়োগ কৰোৱাইছিল। হায়দৰাবাদৰ অৰ্থনৈতিক অপৰাধ গোটে গ্রেপ্তাৰ কৰি জেৰা চলাই আছে এই মেনেজাৰগৰাকীক। জানিব পৰা মতে ডি বি ষ্টক ব্ৰকিঙৰ বিৰুদ্ধে যোৱা ২৩ ছেপ্টেম্বৰত এজাহাৰ দাখিল কৰিছিল ছানাই পানচাকচাৰ নামৰ এজন ভুক্তভোগীয়ে।
ইতিমধ্যেই ডি বি ষ্টকৰ স্বতাধিকাৰ দীপাংকৰক গোৱাৰ এখন হোটেলৰ গ্ৰেপ্তাৰ কৰিছিল পৰা মহানগৰ আৰক্ষীয়ে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ডি বি ষ্টকৰ নামত কেইবা হাজাৰ কোটি টকা লুণ্ঠন কৰি প্ৰায় ৬৬ দিন ধৰি পলায়ন কৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। দেওবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক।  কেইবাদিনো ধৰি দীপাংকৰ বৰ্মনক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে। দীপাংকৰৰ ঠিকনা বিচাৰি পিতৃ- মাতৃকো চলোৱা হৈছিল জেৰা। তাৰ পাছতো আৰক্ষীৰ জালত পৰা নাছিল দীপাংকৰ বৰ্মন। অৱশেষত গোৱাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দীপাংকৰ।

ইফালে গুৱাহাটীৰ পাণবজাৰ আৰক্ষী থানাত আজি পুনৰ হাজিৰ হৈছে ডি বি ষ্টকৰ ৭গৰাকী কৰ্মচাৰীক। শুকুৰবাৰেও ১২ ঘণ্টা ধৰি তেওঁলোকক জেৰা কৰা হৈছিল। এই জেৰাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হৈছিল। আজি পুনৰ তেওঁলোক পুৱা ৯ বজাই পাণবজাৰ আৰক্ষী থানাত হাজিৰ হয়। জানিব পৰা মতে শীৰ্ষ আৰক্ষী বিষয়াই পুনৰ জেৰা চলাব কৰ্মচাৰীকেইজনক।

ইয়াৰ মাজতে আজি CBIৰ বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত ৰঞ্জিত কাকতি, স্বপ্ননীল দাস, বিশাল, অম্লান আৰু অভিজিতক।CBIয়ে পুনৰ জিম্মাত নল’লে বিশালক। পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৪ অভিযুক্তক। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ বিশাল, স্বপ্ননীল, ৰঞ্জিত কাকতি আৰু অভিজিত চান্দক। ১৩ নৱেম্বৰত পুনৰ CBI আদালতলৈ তলব বিশাল, চুমি, তার্কিক, স্বপ্ননীল সহিতে মুঠ ৯ গৰাকী ট্রেডিং অভিযুক্তক

Latest News