শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Delhi Assembly Election 2025: দিল্লীৰ বিধানসভাত হ্ৰাস পালে মহিলা প্ৰতিনিধি, নিৰ্বাচিত হ’ল আতিশীকে ধৰি ৫ গৰাকী মহিলা প্ৰাৰ্থী…

দিল্লীৰ বিধানসভা নিৰ্বাচনত আপৰ নেত্ৰী আতিশীকে ধৰি ৫ গৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । উল্লেখ্য যে, ২০২০ চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত ৮ গৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল ।

Delhi Assembly Election 2025:  দিল্লীৰ বিধানসভাত হ্ৰাস পালে মহিলা প্ৰতিনিধি, নিৰ্বাচিত হ’ল আতিশীকে ধৰি ৫ গৰাকী মহিলা প্ৰাৰ্থী…
দিল্লীৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা আপৰ একমাত্ৰ মহিলা প্ৰাৰ্থী আতিশী
manas-borah
Manas Borah | Updated On: 08 Feb 2025 21:55 PM

দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি। ২৭ বছৰৰ অপেক্ষাৰ অন্তত দেশৰ ৰাজধানীক শাসন কৰিব বিজেপিয়ে । যিধৰণে বিজেপিয়ে ঐতিহাসিক জয়েৰে দিল্লীত চৰকাৰ গঠন কৰিব সাজু হৈছে, সেইধৰণে পাঁচগৰাকীকৈ মহিলাই ২০২৫ চনৰ দিল্লীৰ এই বিধানসভা নিৰ্বাচনটোত জয়লাভ কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে । এই নিৰ্বাচনত আপৰ নেত্ৰী আতিশীকে ধৰি ৫ গৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছে । উল্লেখ্য যে, ২০২০ চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত ৮ গৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল । যোৱা নিৰ্বাচনত তুলনাত এইবাৰ তিনিগৰাকী মহিলা প্ৰাৰ্থী হ্ৰাস পাইছে ।

এইবাৰ জয়ী হোৱা আপৰ একমাত্ৰ মহিলা প্ৰাৰ্থী আতিশী। বিজেপিৰ ৰমেশ বিধুৰীক ৩৫২১ ভোটৰ ব্যৱধানত পৰাস্ত কৰি কলকাজী আসনখন নিজৰ হাতত ৰাখে আতিশীয়ে । ইফালে এই নিৰ্বাচনত বিজেপিৰ চাৰিগৰাকী মহিলা প্ৰাৰ্থী নিৰ্বাচনত জয়লাভ কৰিছে । তেওঁলোক হৈছে ছলিমাৰ বাগৰ পৰা ৰেখা গুপ্তা, ৱাজিৰপুৰৰ পৰা পুনম শৰ্মা, নাজাফগড়ৰ পৰা নীলম পাহেলৱান আৰু কৈলাশৰ পৰা বিজেপিৰ মহিলা প্ৰাৰ্থী শিখা ৰয়ে জয়লাভ কৰিছে।

এইবাৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত মুঠ ৬৯৯গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । ইয়াৰ ভিতৰত ৯৬গৰাকী আছিল মহিলা প্ৰাৰ্থী । নিৰ্বাচনত তিনিটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ ভিতৰত বিজেপি আৰু আপে ৯ গৰাকীকৈ মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৭ গৰাকী মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল । ২০২০ৰ বিধানসভা নিৰ্বাচনতকৈ এইবাৰ তিনিওটা দলে অধিক মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰে।

উল্লেখ্য় যে, দিল্লী বিধানসভা নিৰ্বাচনত ৪৮ খন আসন লাভ কৰি চৰকাৰ গঠনৰ বাবে সাজু হৈছে বিজেপি। আনহাতে আপে ২২ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় । এই নিৰ্বাচনত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ লগতে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া পৰাজিত হয়। অৱশ্যে আতিশীয়ে দলৰ মান ৰাখি জয়লাভ কৰিবলৈ সক্ষম হয়। মনকৰিবলগীয়া যে, এই নিৰ্বাচনত এইবাৰো একাউণ্ট খুলিবলৈ সক্ষম নহয় কংগ্ৰেছে ।