নামে কি কৰে, কামেহে ৰাজনীতি তৰে! আনন্দতে যেন এইদৰেই ক’লে পৰৱেশ বাৰ্মাৰ কন্যাই

আজি ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতা দখলৰ পথ মুকলি কৰে বিজেপিয়ে। নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হৈছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল। নতুন দিল্লী আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কেজৰিৱালক পৰাভূত কৰে বিজেপিৰ পৰৱেশ সিং বাৰ্মাই। এই ফলাফলৰ পিছতে বিজেপি নেতাগৰাকীৰ কন্যাই প্ৰকাশ কৰা প্ৰতিক্ৰিয়াই চৰ্চা লাভ কৰিছে।

নামে কি কৰে, কামেহে ৰাজনীতি তৰে! আনন্দতে যেন এইদৰেই ক’লে পৰৱেশ বাৰ্মাৰ কন্যাই

পৰৱেশ বাৰ্মাৰ কন্যাৰ প্ৰতিক্ৰিয়া

Published: 

08 Feb 2025 19:41 PM

২৭ বছৰীয়া দীৰ্ঘদিনৰ খৰাঙৰ অন্ত পেলাই দিল্লীত আজি দোপতদোপে ফুলি উঠিল পদুম। দেশৰ ৰাজধানীত পদুমৰ ভিৰৰ মাজত হেৰাই গ’ল ঝাৰুৰ প্ৰকোপ। আজি ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতা দখলৰ পথ মুকলি কৰে বিজেপিয়ে। আনহাতে ধাৰাবাহিকভাৱে দিল্লীৰ মচনদ দখল কৰি অহা আপে এইবাৰ বিধানসভাত বিৰোধীৰ ভূমিকাতে সন্তুষ্ট থাকিব লাগিব। আপৰ সামগ্ৰিক পৰাজয়ৰ সমান্তৰালকৈ দলটোৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ পৰাজয়ে দেশৰ ৰাজনীতিত একপ্ৰকাৰে চমক সৃষ্টি কৰিছে।

নতুন দিল্লী আসনৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কেজৰিৱালক নিৰ্বাচনী যুঁজত পৰাভূত কৰে দুবাৰৰ বিজেপি সাংসদ পৰৱেশ সিং বাৰ্মাই। বিজেপি নেতাগৰাকীৰ এই অনন্য সাফল্যই দলৰ সমান্তৰালকৈ তেওঁৰ পৰিয়ালতো সুখৰ লহৰ তুলিছে। পিতৃৰ এনে সাফল্যত আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁৰ তিনি সন্তান সনিধি, তৃষা আৰু ছিবেন। ফলাফল ঘোষণাৰ পিছতে তেওঁৰ দুই কন্যাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

জ্যেষ্ঠ কন্যা সনিধিয়ে পিতৃৰ সাফল্যত অত্যন্ত সুখী বুলি মন্তব্য কৰি কেজৰিৱালৰ বিপক্ষে এই জয়ক অভাৱনীয় আখ্যা দিয়ে। পৰৱেশ সিং দিল্লীৰ মুখ্যমন্ত্ৰী হ’ব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত সনিধিয়ে দলে যি দায়িত্ব দিয়ে, সেই দায়িত্বই পিতৃয়ে ল’ব বুলি উল্লেখ কৰে। “মুখ্যমন্ত্ৰী হওঁক বা নহওঁক, সেই উদযাপন পিছত কৰা হ’ব। এতিয়াৰ দেউতা বিধায়ক হোৱাৰ আনন্দ উদযাপন কৰো।”- তেওঁ লগতে কয়।

দিল্লীৰ জনসাধাৰণে কি উচিত আৰু কি অনুচিত সেয়া নিৰ্বাচিত কৰিছে বুলি উল্লেখ কৰি সনিধিয়ে লগতে পিতৃয়ে দিনে নিশাই কৰা কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ পাইছে বুলি মন্তব্য কৰে। ইফালে পৰৱেশ বাৰ্মাৰ কনিষ্ঠ কন্যা তৃষাই ‘ককাদেউতাই এৰি থৈ যোৱা উত্তৰাধিকাৰ আজি দেউতাই পূৰণ কৰিব’ বুলি মন্তব্য কৰিছে। “আমি কিমান সুখী সেই কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ।”- এইদৰে কয় তৃষাই।

লগতে পিতৃক নিৰ্বাচিত কৰাৰ বাবে নতুন দিল্লীবাসীৰ ওচৰত কৃতজ্ঞতাও প্ৰকাশ কৰে পৰৱেশ বাৰ্মাৰ কনিষ্ঠ কন্যা তৃষাই। ইফালে তেওঁ কেজৰিৱাল সন্দৰ্ভতো কিছু মন্তব্য কৰিছে। কেজৰিৱাল হওক বা আন কোনোবা, কাম নকৰিলে তাৰ পৰিণামৰ সন্মুখীন হ’ব লাগিব বুলি তেওঁ মন্তব্য কৰে। “নামে কেৱল এটা নিৰ্দিষ্ট স্তৰলৈকে সহায় কৰে, তাৰ পিছত কাম কৰিব লাগিব। দিল্লীৰ জনসাধাৰণে সেই কথা প্রমাণ কৰিছে।”- তৃষাই কয়।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ