Delhi Elections Result 2025: আপ নে বিজেপি! কোনে দখল কৰিব দিল্লীৰ মচনদ? আজি ঘোষণা হ’ব ফলাফল
দিল্লী বিধানসভা নিৰ্বাচনৰ বহু প্ৰত্যাশিত ফলাফল আজি ঘোষণা কৰা হ’ব। কিছু সময় পিছতে পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। এতিয়া ক্ৰমাগতভাৱে আপে দিল্লীৰ জনসাধাৰণৰ আস্থা জয় কৰিব নে আপক উৎখাত কৰি বিজেপিয়ে দিল্লীৰ মচনদ দখল কৰিবলৈ সক্ষম হ’ব, সেই প্ৰশ্নৰ উত্তৰ শীঘ্ৰেই পোহৰলৈ আহিব।
![Delhi Elections Result 2025: আপ নে বিজেপি! কোনে দখল কৰিব দিল্লীৰ মচনদ? আজি ঘোষণা হ’ব ফলাফল Delhi Elections Result 2025: আপ নে বিজেপি! কোনে দখল কৰিব দিল্লীৰ মচনদ? আজি ঘোষণা হ’ব ফলাফল](https://images.assamtv9.com/uploads/2025/02/Delhi-Elections-Result-2025.jpg?w=1280)
আজি ঘোষণা কৰা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। দিল্লীৰ জনসাধাৰণে ইভিএমত বন্দী কৰা মতদানে আজি নিৰ্ণয় কৰিব প্ৰতিটো ৰাজনৈতিক দলে কৰি অহা দিল্লীৰ ক্ষমতা দখলৰ দাবীৰ সত্যতা। কিছু সময় পিছতে পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। ইতিমধ্যে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে; গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। এতিয়া ক্ৰমাগতভাৱে আপে দিল্লীৰ জনসাধাৰণৰ আস্থা জয় কৰিব নে আপক উৎখাত কৰি বিজেপিয়ে দিল্লীৰ মচনদ দখল কৰিবলৈ সক্ষম হ’ব, সেই প্ৰশ্নৰ উত্তৰ শীঘ্ৰেই পোহৰলৈ আহিব।
উল্লেখ্য যে যোৱা ৫ ফেব্ৰুৱাৰীত একক পৰ্যায়ত অনুষ্ঠিত হৈছিল ৭০ খন আসনৰ দিল্লী বিধানসভাৰ ভোটগ্ৰহণ। অৱশ্যে নিৰ্বাচনত দিল্লীৰ জনসাধাৰণৰ অংশগ্ৰহণ সেৰেঙা পৰিলক্ষিত হৈছিল আৰু মাত্ৰ ৬০.৫৪ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছিল। এই নিৰ্বাচনত মুঠ ৬৯৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। মূলতঃ শাসকীয় আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজতে দিল্লী দখলৰ যুঁজ হোৱাৰ সম্ভাৱনা আছে।
বিগত দুটা নিৰ্বাচনত প্ৰায় বিধ্বস্ত হৈ পৰা কংগ্ৰেছে এইবাৰ সম্পূৰ্ণ শক্তিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও দলটো মূল যুঁজলৈ অহাৰ সম্ভাৱনা নিচেই ক’ম। দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সশদেৱে ইতিমধ্যে দলে প্ৰায় ৫০খন আসন লাভ কৰিব বুলি দাবী কৰিছে। ইফালে শাসকীয় আম আদমী পাৰ্টিয়েও পুনৰবাৰ চৰকাৰ গঠন কৰিব বুলি দৃঢ় দাবী কৰিছে। দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব বুলি দৃঢ় বিশ্বাস প্ৰকাশ কৰিছে আপ কৰ্মীসকলে।
বিজেপি আৰু আম আদমী পাৰ্টিৰ এনে দাবীৰ বিপৰীতে শেহতীয়াকৈ প্ৰকাশ পোৱা বহু এগজিট প’লে এইবাৰ বিজেপিয়ে ২৭ বছৰৰ মূৰত পুনৰ দিল্লীৰ ক্ষমতালৈ ঘূৰি আহিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে। কেৱল মাত্ৰ দুটা এগজিট প’লে আম আদমী পাৰ্টি পুনৰ ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। বহু চৰ্চিত Axis My Indiaৰ এগজিট প’লত বিজেপিয়ে ৪৫-৫৫ খন আসন আৰু আম আদমী পাৰ্টিয়ে ১৫-২৫খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছে।
সাধাৰণতে যিকোনো নিৰ্বাচনত প্ৰতিখন আসনৰ নিজস্ব গুৰুত্ব থাকে যদিও কিছুমান ভিআইপি আসনৰ প্ৰতি সকলোৰে বিশেষ দৃষ্টি থাকে। দিল্লীত সকলোতকৈ চৰ্চিত আসন হিচাপে পৰিগণিত হৈছে নতুন দিল্লী বিধানসভাৰ আসন। এই আসনৰ পৰাই আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। তেওঁৰ বিৰুদ্ধে বিজেপিয়ে পৰবেশ বাৰ্মাক আৰু কংগ্ৰেছে সন্দীপ দীক্ষিতক প্ৰক্ষেপ কৰিছে।
বিশেষ চৰ্চাত থকা আন এখন বিধানসভাৰ আসন হৈছে কলকাজী। বৰ্তমানৰ দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে এই আসনৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তেওঁৰ বিৰুদ্ধে কংগ্ৰেছে অলকা লাম্বা আৰু ভাৰতীয় জনতা পাৰ্টিয়ে ৰমেশ বিধুৰীক প্ৰক্ষেপ কৰিছে। একেদৰে জাংপুৰা বিধানসভা আসনৰ পৰা আপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মনীষ চিছ’দিয়া। এই আসনৰ ওপৰতো আজি সকলোৰে দৃষ্টি নিবদ্ধ হ’ব।