শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Election 2025 Results LIVE: দিল্লীত কাৰ হ’ব চৰকাৰ! প্ৰথম পৰ্যায়ৰ ভোটগণনাত আগবাঢ়িছে বিজেপি

Delhi Assembly Election Results 2025 LIVE: কিছুসময় পিছতে আৰম্ভ হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে জনসাধাৰণে যোৱা ৫ ফেব্ৰুৱাৰীত ইভিএমত কৰা মতদানৰ গণনা কৰা হ’ব। সেই উপলক্ষে ইতিমধ্যে নিৰ্বাচন আয়োগ আৰু দিল্লী প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

monjit-dutta
Monjit Dutta | Updated On: 08 Feb 2025 12:23 PM
Election 2025 Results LIVE: দিল্লীত কাৰ হ’ব চৰকাৰ! প্ৰথম পৰ্যায়ৰ ভোটগণনাত আগবাঢ়িছে বিজেপি
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল

LIVE NEWS & UPDATES

  • 08 Feb 2025 12:23 PM (IST)

    সুৰা আৰু টকাৰ লগত জড়িত হৈ পৰিল আপঃ প্ৰতিক্ৰিয়া আন্না হাজাৰেৰ

    দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰবীণ সমাজকৰ্মী আন্না হাজাৰেই। তেওঁ কয়, “মই বহুদিনৰ পৰা কৈ আহিছো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত প্ৰাৰ্থীৰ চৰিত্ৰ, ভাল ধাৰণা থাকিব লাগে আৰু ভাবমূৰ্তিত কোনো দাগ থাকিব নালাগে। কিন্তু আপে এই কথা বুজি নাপালে, তেওঁলোক সুৰা আৰু টকাৰ লগত জড়িত হৈ পৰিল। ইয়াৰ ফলত অৰবিন্দ কেজৰিৱালৰ ভাবমূৰ্তি নষ্ট হ’ল আৰু সেয়েহে নিৰ্বাচনত তেওঁলোকে কম ভোট পাইছে।”

  • 08 Feb 2025 12:08 PM (IST)

    বিশাল বিজয়ৰ দিশে বিজেপি, ক্ষমতাচ্যুত হোৱাৰ দিশে আপ

    দিল্লীত বিশাল বিজয়ৰ দিশে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টী। নিৰ্বাচন আয়োগৰ তথ্য মতে, বিজেপি এইপৰ্যন্ত ৪৬ খন আসনত আগবাঢ়ি আছে। আনহাতে শাসকীয় আম আদমী পাৰ্টি কেৱল ২৪ খন আসনত আগবাঢ়ি আছে।

  • 08 Feb 2025 11:49 AM (IST)

    আজি সন্ধিয়া বিজেপি কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰী মোদী

    ২৭ বছৰৰ দীঘলীয়া ব্যৰ্থতাৰ পিছত দিল্লীত আজি বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি। দলৰ এই সাফল্যৰ মাজতে আজি সন্ধিয়া ৭:৪৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰিব। এই সময়ত তেওঁ দলীয় কৰ্মীসকলক সম্বোধন কৰিব পাৰে।

  • 08 Feb 2025 11:35 AM (IST)

    পৰাস্ত হ’ব কেজৰিৱাল, চিছ’দিয়া আৰু আতিশীঃ মন্তব্য বীৰেন্দ্ৰ সশদেৱৰ

    দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সশদেৱে নিৰ্বাচনত দলৰ সাফল্যৰ পিছত জনসাধাৰণে দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিছে বুলি মন্তব্য কৰিছে। তেওঁৰ মতে বিজেপিৰ সুশাসন বনাম আপৰ অপশাসনক কেন্দ্ৰ কৰি নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৰবিন্দ কেজৰিৱাল, মনীষ চিছ’দিয়া আৰু আতিশীৰ দৰে আপৰ সকলো প্ৰধান নেতা আজি পৰাস্ত হ’ব বুলি তেওঁ দাবী কৰে।

  • 08 Feb 2025 11:20 AM (IST)

    দিল্লী জয়ৰ দিশে বিজেপি, সচিবালয়তো দেখা গৈছে ভোটগণনাৰ প্ৰভাৱ

    দিল্লী বিধানসভাৰ ভোটগণনা যিমানেই আগবাঢ়িছে, সিমানেই বৃদ্ধি পাইছে বিজেপিৰ জয়ৰ সম্ভাৱনা। সূত্ৰ অনুসৰি, দিল্লী সচিবালয়তো দেখা গৈছে ভোটগণনাৰ প্ৰভাৱ। সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলক তাৎক্ষণিকভাৱে কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

  • 08 Feb 2025 11:10 AM (IST)

    পুনৰ পিছ পৰিল আপ মুৰব্বী কেজৰিৱাল

    ঘনে প্ৰতি সলনি হৈছে নতুন দিল্লী আসনৰ ভোটগণনাৰ স্থিতি। পুৱা ভোটগণনা আৰম্ভ হোৱাৰ পিছত বহুসময়লৈ এই আসনত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল পিছ পৰি আছিল যদিও দ্বিতীয় ৰাউণ্ডৰ পিছত কিছু আগবাঢ়িবলৈ সক্ষম হৈছিল। এতিয়া ষষ্ঠ ৰাউণ্ডৰ ভোটগণনাৰ পিছত কেজৰিৱাল পুনৰ ২২৫ টা ভোটত পিছ পৰিছে।

  • 08 Feb 2025 10:59 AM (IST)

    প্ৰত্যৱৰ্তন ঘটিব নেকি আপৰ! কেইবাখনো আসনত সামান্য ব্যৱধান

    নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইপৰ্যন্ত ভোটগণনাত বিজেপি ৪১ খন আৰু আপ ২৯ খন আসনত আগবাঢ়ি আছে। ইয়াৰে প্ৰায় ১০ খন আসনত দল দুটাৰ প্ৰাৰ্থীৰ মাজত দুই হাজাৰতকৈয়ও কম ভোটৰ ব্যৱধান আছে।

  • 08 Feb 2025 10:45 AM (IST)

    ২৭ বছৰৰ মূৰত ক্ষমতালৈ অহাৰ সম্ভাৱনা, দিল্লীত বিজেপি সমৰ্থকৰ উল্লাস

    ভোটগণনা আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ দিল্লীত বিজেপিৰ স্থিতি শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈছে। এইপৰ্যন্ত দলটো ৪৩ খন আসনত আগবাঢ়িছে। বিজেপি সমৰ্থকসকলে ইতিমধ্যেই আৰম্ভ কৰিছে সম্ভাৱ্য জয়ৰ আনন্দ উদযাপন।

  • 08 Feb 2025 10:23 AM (IST)

    কোন হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? জনালে দিল্লী বিজেপিৰ সভাপতিয়ে

    এইপৰ্যন্ত ভোটগণনাত অগ্ৰগতি লাভ কৰি থকাৰ পিছত জয়ৰ বিশ্বাস বৃদ্ধি পাইছে বিজেপিৰ। দলটোৰ দিল্লী শাখাৰ সভাপতি বীৰেন্দ্ৰ সশদেৱে দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰিছে।

  • 08 Feb 2025 10:04 AM (IST)

    ভোটগণনাত প্ৰথমবাৰৰ বাবে আগবাঢ়িল কেজৰিৱাল, চিছ’দিয়া

    আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু দলটোৰ অন্যতম এগৰাকী শীৰ্ষ নেতা মনীষ চিছ’দিয়া ভোটগণনা আৰম্ভ হোৱাৰ সময়ৰ পৰাই পিছপৰি থকা দেখিবলৈ পোৱা গৈছিল যদিও এতিয়া দুয়োগৰাকীকে আগবঢ়া দেখিবলৈ পোৱা গৈছে। নতুন দিল্লী আসনত কেজৰিৱাল ২৫৪টা ভোটত আগবাঢ়ি আছে। আনহাতে চিছ’দিয়াও জাংপুৰা বিধানসভা আসনত কিছু ভোটত আগবাঢ়িছে।

  • 08 Feb 2025 09:40 AM (IST)

    মুছলিম প্ৰধান আসনতো আগবাঢ়িছে বিজেপি

    প্ৰাৰম্ভিক পৰ্যায়ৰ ভোটগণনাত এইপৰ্যন্ত দিল্লীত বিজেপিৰ উত্থানৰ ইংগিত পৰিলক্ষিত হৈছে। লক্ষণীয়ভাৱে দলটোৱে মুছলমান প্ৰধান আসনতো শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে। মুলমান প্ৰধান এনে ১২ টা অঞ্চলৰ ভিতৰত ৭ টা অঞ্চলত বিজেপিৰ অগ্ৰগতি দেখা গৈছে।

  • 08 Feb 2025 09:18 AM (IST)

    সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম বিজেপিৰ

    দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভোটগণনাৰ তথ্য পোহৰলৈ আহিছে। এইপৰ্যন্ত বিজেপিয়ে ৩৯খন আসনেৰে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। একে সময়তে আম আদমী পাৰ্টিয়ে ২৯খন আসনত আৰু কংগ্ৰেছে ২খন আসনত অগ্ৰগতি লাভ কৰিছে।

  • 08 Feb 2025 09:05 AM (IST)

    প্ৰথম পৰ্যায়ৰ ভোটগণনাত সংখ্যাগৰিষ্ঠতাৰ কাষ চাপিছে বিজেপি

    দিল্লী নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগণনাত বিজেপিয়ে ৩১খন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে আপ ২০ খন আসনত আগবাঢ়ি আছে। পুনৰ হতাশাজনক প্ৰদৰ্শনেৰে কংগ্ৰেছ কেৱল ১ খন আসনত আগবাঢ়ি আছে।

  • 08 Feb 2025 08:41 AM (IST)

    পিছ পৰিছে কেজৰিৱাল, আতিশী আৰু চিছ’দিয়া

    দিল্লী নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগণনাত বিজেপি যথেষ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। আপৰ হেভীৱেইট প্ৰাৰ্থী অৰবিন্দ কেজৰিৱাল, আতিশী আৰু মনীষ চিছ’দিয়াও নিজ নিজ আসনত পিছ পৰি থকা দেখা গৈছে।

  • 08 Feb 2025 08:21 AM (IST)

    প্ৰথম পৰ্যায়ত আগবাঢ়িছে বিজেপি

    ৮ বজাৰ পৰাই দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। এইপৰ্যন্ত চলি থকা প্ৰথম পৰ্যায়ৰ ভোটগণনাত বিজেপি আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। আনহাতে পিছ পৰিছে শাসকীয় আম আদমী পাৰ্টি।

  • 08 Feb 2025 08:00 AM (IST)

    ৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা

    ৮ বজাৰ লগে লগে ভোটগণনা কেন্দ্ৰসমূহত আৰম্ভ হৈছে ভোটগণনা। উল্লেখ্য যে ইভিএমৰ পূৰ্বে প্ৰথমে পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে। পোষ্টেল ভোটৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছতহে ইভিএম খোলা হ’ব।

  • 08 Feb 2025 07:47 AM (IST)

    ইভিএমত বন্দী ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

    ৭০ খন আসনৰ দিল্লী বিধানসভা নিৰ্বাচনত মুঠ ৬৯৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ইয়াৰ ভিতৰত ৬০৩ জন পুৰুষ, ৯৫ গৰাকী মহিলা আৰু এজন তৃতীয় লিংগৰ প্ৰাৰ্থী। নিৰ্বাচনত ১৫,৬১৪,০০০ পঞ্জীভুক্ত ভোটাৰৰ ভিতৰত ৯,৪৫১,৯৯৭ জন ভোটাৰে ভোটদান কৰি এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰূপণ কৰিছে

  • 08 Feb 2025 07:27 AM (IST)

    ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ

    যোৱা ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য মতে, নিৰ্বাচনত মুঠ ৬০.৫৪ শতাংশ ভোটদান সম্পন্ন হৈছিল। ২০২০ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ প্ৰায় ২.৫ শতাংশ কমকৈ ভোটদান হয়।

  • 08 Feb 2025 07:11 AM (IST)

    ফলাফলৰ পূৰ্বে দিল্লী বিধানসভা ভংগ

    আজি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে দিল্লী বিধানসভা ভংগ কৰাৰ সন্দৰ্ভত এখন জাননী জাৰি কৰা হৈছে। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে ৭ ফেব্ৰুৱাৰী, অৰ্থাৎ শুকুৰবাৰে বিধানসভা ভংগ সম্পৰ্কীয় জাননী জাৰি কৰিছিল।

কিছুসময় পিছতে আৰম্ভ হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে জনসাধাৰণে যোৱা ৫ ফেব্ৰুৱাৰীত ইভিএমত কৰা মতদানৰ গণনা কৰা হ’ব। সেই উপলক্ষে ইতিমধ্যে নিৰ্বাচন আয়োগ আৰু দিল্লী প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৮ বজাৰ লগে লগে ভোটগণনা কেন্দ্ৰসমূহত মুকলি কৰা হ’ব ইভিএম।

Published On - Feb 08,2025 7:06 AM