Election 2025 Results LIVE: দিল্লীত চৰকাৰ গঠনৰ দিশে বিজেপিঃ ৰণত পৰিল কেজৰিৱাল, চিছ’দিয়া
Delhi Assembly Election Results 2025 LIVE: কিছুসময় পিছতে আৰম্ভ হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে জনসাধাৰণে যোৱা ৫ ফেব্ৰুৱাৰীত ইভিএমত কৰা মতদানৰ গণনা কৰা হ’ব। সেই উপলক্ষে ইতিমধ্যে নিৰ্বাচন আয়োগ আৰু দিল্লী প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
![Election 2025 Results LIVE: দিল্লীত চৰকাৰ গঠনৰ দিশে বিজেপিঃ ৰণত পৰিল কেজৰিৱাল, চিছ’দিয়া Election 2025 Results LIVE: দিল্লীত চৰকাৰ গঠনৰ দিশে বিজেপিঃ ৰণত পৰিল কেজৰিৱাল, চিছ’দিয়া](https://images.assamtv9.com/uploads/2025/02/Delhi-Elections-Result-2025-2.jpg?q=50&w=1280)
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল
LIVE NEWS & UPDATES
-
ভাৰত জাতীয়তাবাদৰ পক্ষত, নক্সালবাদৰ নহয়…নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত বিশেষ প’ষ্ট। তেওঁ কৈছে, “মোদীময় দিল্লী! মোদীজীৰ সফল নেতৃত্ব আৰু আমাৰ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে আমি জনসাধাৰণৰ পৰা এই অপৰিসীম আশীৰ্বাদ লাভ কৰিলোঁ। মোদীজীৰ দিহা-পৰামৰ্শ আৰু নিৰ্দেশনাত ডাবল ইঞ্জিন চৰকাৰে এতিয়া দেশৰ ৰাজধানীক বিশ্বৰ শ্ৰেষ্ঠ চহৰৰ ভিতৰত স্থান দিব।”
লগতে মুখ্যমন্ত্ৰীয়ে কয়, “জাতিয়ে উচ্চস্বৰে আৰু স্পষ্টকৈ কৈছে—ভাৰত জাতীয়তাবাদৰ পক্ষত থিয় দিছে, নক্সালবাদৰ নহয়!”
-
এয়া বিকাশৰ জয়, সুশাসনৰ জয়: বিজেপিৰ জয়ক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া
দিল্লীৰ বিজয়ক জনশক্তিৰ বাবে সৰ্বোপৰি বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয়, “এয়া বিকাশৰ জয়, সুশাসনৰ জয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দিল্লীৰ সকলো ভাই-ভনীক বিজেপিক এক ঐতিহাসিক বিজয় দিয়াৰ বাবে মোৰ প্ৰণাম আৰু অভিনন্দন! আপোনালোকে দিয়া প্ৰচুৰ আশীৰ্বাদ আৰু মৰমৰ বাবে আপোনালোক সকলোলৈ আন্তৰিক কৃতজ্ঞতা।”
তেওঁ কয়, “দিল্লীৰ সৰ্বাংগীন উন্নয়ন আৰু ইয়াৰ জনসাধাৰণৰ জীৱন উন্নত কৰিবলৈ আমি কোনো আঁসোৱাহ নোহেৱাকৈ কামৰ কৰিম, এয়া আমাৰ গেৰান্টী। ইয়াৰ সমান্তৰালকৈ আমি সুনিশ্চিত কৰিম যে দিল্লীয়ে এখন উন্নত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ সকলো বিজেপি কৰ্মীক লৈ মই অতি গৌৰৱান্বিত, যিসকলে এই নিৰ্বাচনৰ বাবে দিনে-নিশাই কাম কৰিছিল। এতিয়া আমি আমাৰ দিল্লীবাসীৰ সেৱাত আৰু অধিক দৃঢ়তাৰে সমৰ্পিত হম।”
-
কেজৰিৱালৰ ঘৰত উপস্থিত আপৰ বহু কেইগৰাকী নেতা
দিল্লী বিধানসভাৰ নির্বাচনত পৰাস্ত হোৱাৰ পাছত আম আদমী পাৰ্টিত অস্বস্তিৰ সৃষ্টি হৈছে৷ দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হৈছে সঞ্জয় সিং, ৰাঘৱ চাধা, মনীষ চিছ’দিয়াকে ধৰি বহু ডাঙৰ নেতাই।
-
পৰাজয়ৰ পিছত কেজৰিৱালৰ প্ৰতিক্ৰিয়া
দিল্লী নিৰ্বাচনত পৰাজয়ৰ পিছত আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি পৰাজয় মানি লৈছে। কেজৰিৱালে কয় যে, জনসাধাৰণৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য। আমি ক্ষমতাৰ বাবে ৰাজনীতিত অহা নাই। উন্নত বিৰোধীৰ ভূমিকা পালন কৰিব লাগিব। বিজয়ৰ বাবে বিজেপিলৈ অভিনন্দন।
-
আপৰ ফলাফলকলৈ আন্না হাজাৰেৰ প্ৰতিক্ৰিয়া
দিল্লীৰ নিৰ্বাচনত আপৰ এই বেয়া ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আন্না হাজাৰেই কয়,”মই ইতিমধ্যে কৈছো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত এজন প্ৰাৰ্থীৰ চৰিত্ৰ, সুচিন্তা আৰু ভাল ভাবমূৰ্তি থাকিব লাগে।” কি ক’লে ?
#WATCH | On #DelhiElectionResults, social activist Anna Hazare says, “I have been saying it for a long that while contesting the election – the candidate must have a character, good ideas and have no dent on image. But, they (AAP) didn’t get that. They got tangled in liquor and… pic.twitter.com/n9StHlOlK9
— ANI (@ANI) February 8, 2025
-
আতিশীৰ জয়লাভ
কলকাজীৰ সমষ্টিৰ পৰা আপ নেত্ৰী জয়লাভ কৰিছে আতিশীয়ে । কেজৰিৱাল জেলৰ পৰা উভতি অহাৰ পিছত আতিশীক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। কলকাজী সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰে।
-
কেজৰিৱালক লগ কৰিবলৈ আহিল চিছ’দিয়া
ফলাফল আৰু ট্ৰেণ্ডৰ মাজতে জাংপুৰা বিধানসভা আসনৰ পৰা আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনীষ চিছ’দিয়াই দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈছে।
-
নিচিহ্ন হ’ব দুৰ্নীতিৰ ৰাজপ্ৰসাদ … দিল্লীত আপৰ পৰাজয়ক লৈ শ্বাহৰ মন্তব্য
দিল্লীৰ বিজয় সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয়, “দিল্লীৰ হৃদয়ত মোদী আছে। দিল্লীবাসীয়ে মিছা, প্ৰতাৰণা আৰু দুৰ্নীতিৰ ৰাজপ্ৰসাদ নিচিহ্ন কৰি দিল্লীক ‘আপ-দা’ মুক্ত কৰিবলৈ কাম কৰিছে। দিল্লীয়ে প্ৰতিশ্ৰুতি ভংগ কৰা সকলক এনে শিক্ষা দিছে, যিটো সমগ্ৰ দেশতে জনসাধাৰণৰ আগত মিছা প্ৰতিশ্ৰুতি দিয়া সকলৰ বাবে এক আদৰ্শ হৈ পৰিব। এয়া দিল্লীৰ বিকাশ আৰু বিশ্বাসৰ নতুন যুগৰ আৰম্ভণি।”
-
৪৯ৰ পৰা ৫০ খন আসন দখল কৰিব বিজেপিয়ে: দিল্লীৰ নিৰ্বাচনী ফলাফলক লৈ অশোক সিংঘাল
‘৪৯ৰ পৰা ৫০ খন আসন দখল কৰিব বিজেপিয়ে।’ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ মন্তব্য। আমি আগৰ পৰাই গম পাই আছিলো গোটেই নিৰ্বাচনী যুঁজখন দুকোণীয়া হৈ আছে- নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ APCCৰ সভাপতি ভূপেন বৰাৰ ।
-
ৰাৱণৰ অহংকাৰো পতন হৈছিল: AAPৰ পৰাজয়ক লৈ ক’লে স্বাতীয়ে…
দিল্লী বিধানসভাৰ নির্বাচনত পৰাজয়ৰ দিশে আগবাঢ়িছে আম আদমী পাৰ্টি ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ স্বাতী মালিৱালে । তেওঁ কয়, “ৰাৱণৰ অহংকাৰো পতন হৈছিল”।
-
পৰাস্ত কেজৰিৱাল, জয়ী হৈয়েই অমিত শ্বাহক সাক্ষাতৰ বাবে যাত্ৰা পৰবেশ বাৰ্মাৰ
দলীয় বিপৰ্যয়ৰ সমান্তৰালকৈ আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালো নতুন দিল্লী আসনত পৰাজিত হৈছে। তেওঁ বিজেপিৰ পৰবেশ বাৰ্মাৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছে। জয়ৰ পিছতে তেওঁ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ উদ্দেশ্যে ৰাওনা হৈছে।
-
কলকাজী আসনৰ পৰা আতিশীৰ জয়, পৰাস্ত বিজেপিৰ ৰমেশ বিধুড়ী
কলকাজী আসনৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে মুখ্যমন্ত্ৰী আতিশীয়ে। নিৰ্বাচনত পৰাস্ত হৈছে বিজেপিৰ ৰমেশ বিধুড়ী। ইফালে পৰাজিত হৈছে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়া ।
-
পৰাজয় স্বীকাৰ কৰিলে চিছ’দিয়াই, প্ৰতিপক্ষক জনালে অভিনন্দন
জংপুৰা বিধানসভা সমষ্টিৰ আপৰ হেভীৱেইট প্ৰাৰ্থী মনীষ চিছ’দিয়াই নিজৰ পৰাজয় স্বীকাৰ কৰিছে। কঠোৰ পৰিশ্ৰমৰ পিছতো ৬০০ ভোটত পৰাজিত হোৱা বুলি উল্লেখ কৰি তেওঁ বিজেপিৰ বিজয়ী প্ৰাৰ্থীজনক অভিনন্দন জনাইছো। সমষ্টিটোৰ বাবে বিজেপি প্ৰাৰ্থীগৰাকীয়ে কাম কৰিব বুলি আশা প্ৰকাশ কৰে চিছ’দিয়াই।
-
নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে বিজেপি, আতচবাজীৰে কাৰ্যালয়ৰ বাহিৰত সমৰ্থকৰ উল্লাস
প্ৰায় স্পষ্ট হৈ পৰিছে দিল্লী বিধানসভাৰ ফলাফল। এইপৰ্যন্ত ভোটগণনাত বিজেপিয়ে ৪৮ খন আসনত অগ্ৰগতিৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে গতি কৰিছে। এই সাফল্যত উৎফুল্লিত দলৰ কৰ্মীসকলে কাৰ্যালয়ৰ বাহিৰত আতচবাজীৰে আনন্দ উদযাপন কৰা দেখা গৈছে।
-
সুৰা আৰু টকাৰ লগত জড়িত হৈ পৰিল আপঃ প্ৰতিক্ৰিয়া আন্না হাজাৰেৰ
দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰবীণ সমাজকৰ্মী আন্না হাজাৰেই। তেওঁ কয়, “মই বহুদিনৰ পৰা কৈ আহিছো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত প্ৰাৰ্থীৰ চৰিত্ৰ, ভাল ধাৰণা থাকিব লাগে আৰু ভাবমূৰ্তিত কোনো দাগ থাকিব নালাগে। কিন্তু আপে এই কথা বুজি নাপালে, তেওঁলোক সুৰা আৰু টকাৰ লগত জড়িত হৈ পৰিল। ইয়াৰ ফলত অৰবিন্দ কেজৰিৱালৰ ভাবমূৰ্তি নষ্ট হ’ল আৰু সেয়েহে নিৰ্বাচনত তেওঁলোকে কম ভোট পাইছে।”
-
বিশাল বিজয়ৰ দিশে বিজেপি, ক্ষমতাচ্যুত হোৱাৰ দিশে আপ
দিল্লীত বিশাল বিজয়ৰ দিশে আগবাঢ়িছে ভাৰতীয় জনতা পাৰ্টী। নিৰ্বাচন আয়োগৰ তথ্য মতে, বিজেপি এইপৰ্যন্ত ৪৬ খন আসনত আগবাঢ়ি আছে। আনহাতে শাসকীয় আম আদমী পাৰ্টি কেৱল ২৪ খন আসনত আগবাঢ়ি আছে।
-
আজি সন্ধিয়া বিজেপি কাৰ্যালয়লৈ যাব প্ৰধানমন্ত্ৰী মোদী
২৭ বছৰৰ দীঘলীয়া ব্যৰ্থতাৰ পিছত দিল্লীত আজি বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি। দলৰ এই সাফল্যৰ মাজতে আজি সন্ধিয়া ৭:৪৫ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি কাৰ্যালয় পৰিদৰ্শন কৰিব। এই সময়ত তেওঁ দলীয় কৰ্মীসকলক সম্বোধন কৰিব পাৰে।
-
পৰাস্ত হ’ব কেজৰিৱাল, চিছ’দিয়া আৰু আতিশীঃ মন্তব্য বীৰেন্দ্ৰ সশদেৱৰ
দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সশদেৱে নিৰ্বাচনত দলৰ সাফল্যৰ পিছত জনসাধাৰণে দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিছে বুলি মন্তব্য কৰিছে। তেওঁৰ মতে বিজেপিৰ সুশাসন বনাম আপৰ অপশাসনক কেন্দ্ৰ কৰি নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৰবিন্দ কেজৰিৱাল, মনীষ চিছ’দিয়া আৰু আতিশীৰ দৰে আপৰ সকলো প্ৰধান নেতা আজি পৰাস্ত হ’ব বুলি তেওঁ দাবী কৰে।
-
দিল্লী জয়ৰ দিশে বিজেপি, সচিবালয়তো দেখা গৈছে ভোটগণনাৰ প্ৰভাৱ
দিল্লী বিধানসভাৰ ভোটগণনা যিমানেই আগবাঢ়িছে, সিমানেই বৃদ্ধি পাইছে বিজেপিৰ জয়ৰ সম্ভাৱনা। সূত্ৰ অনুসৰি, দিল্লী সচিবালয়তো দেখা গৈছে ভোটগণনাৰ প্ৰভাৱ। সচিবালয়ৰ জ্যেষ্ঠ বিষয়াসকলক তাৎক্ষণিকভাৱে কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
-
পুনৰ পিছ পৰিল আপ মুৰব্বী কেজৰিৱাল
ঘনে প্ৰতি সলনি হৈছে নতুন দিল্লী আসনৰ ভোটগণনাৰ স্থিতি। পুৱা ভোটগণনা আৰম্ভ হোৱাৰ পিছত বহুসময়লৈ এই আসনত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল পিছ পৰি আছিল যদিও দ্বিতীয় ৰাউণ্ডৰ পিছত কিছু আগবাঢ়িবলৈ সক্ষম হৈছিল। এতিয়া ষষ্ঠ ৰাউণ্ডৰ ভোটগণনাৰ পিছত কেজৰিৱাল পুনৰ ২২৫ টা ভোটত পিছ পৰিছে।
-
প্ৰত্যৱৰ্তন ঘটিব নেকি আপৰ! কেইবাখনো আসনত সামান্য ব্যৱধান
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইপৰ্যন্ত ভোটগণনাত বিজেপি ৪১ খন আৰু আপ ২৯ খন আসনত আগবাঢ়ি আছে। ইয়াৰে প্ৰায় ১০ খন আসনত দল দুটাৰ প্ৰাৰ্থীৰ মাজত দুই হাজাৰতকৈয়ও কম ভোটৰ ব্যৱধান আছে।
-
২৭ বছৰৰ মূৰত ক্ষমতালৈ অহাৰ সম্ভাৱনা, দিল্লীত বিজেপি সমৰ্থকৰ উল্লাস
ভোটগণনা আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ দিল্লীত বিজেপিৰ স্থিতি শক্তিশালী হৈ পৰা পৰিলক্ষিত হৈছে। এইপৰ্যন্ত দলটো ৪৩ খন আসনত আগবাঢ়িছে। বিজেপি সমৰ্থকসকলে ইতিমধ্যেই আৰম্ভ কৰিছে সম্ভাৱ্য জয়ৰ আনন্দ উদযাপন।
-
কোন হ’ব বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? জনালে দিল্লী বিজেপিৰ সভাপতিয়ে
এইপৰ্যন্ত ভোটগণনাত অগ্ৰগতি লাভ কৰি থকাৰ পিছত জয়ৰ বিশ্বাস বৃদ্ধি পাইছে বিজেপিৰ। দলটোৰ দিল্লী শাখাৰ সভাপতি বীৰেন্দ্ৰ সশদেৱে দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী সন্দৰ্ভত কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰিছে।
-
ভোটগণনাত প্ৰথমবাৰৰ বাবে আগবাঢ়িল কেজৰিৱাল, চিছ’দিয়া
আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু দলটোৰ অন্যতম এগৰাকী শীৰ্ষ নেতা মনীষ চিছ’দিয়া ভোটগণনা আৰম্ভ হোৱাৰ সময়ৰ পৰাই পিছপৰি থকা দেখিবলৈ পোৱা গৈছিল যদিও এতিয়া দুয়োগৰাকীকে আগবঢ়া দেখিবলৈ পোৱা গৈছে। নতুন দিল্লী আসনত কেজৰিৱাল ২৫৪টা ভোটত আগবাঢ়ি আছে। আনহাতে চিছ’দিয়াও জাংপুৰা বিধানসভা আসনত কিছু ভোটত আগবাঢ়িছে।
-
মুছলিম প্ৰধান আসনতো আগবাঢ়িছে বিজেপি
প্ৰাৰম্ভিক পৰ্যায়ৰ ভোটগণনাত এইপৰ্যন্ত দিল্লীত বিজেপিৰ উত্থানৰ ইংগিত পৰিলক্ষিত হৈছে। লক্ষণীয়ভাৱে দলটোৱে মুছলমান প্ৰধান আসনতো শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে। মুলমান প্ৰধান এনে ১২ টা অঞ্চলৰ ভিতৰত ৭ টা অঞ্চলত বিজেপিৰ অগ্ৰগতি দেখা গৈছে।
-
সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম বিজেপিৰ
দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভোটগণনাৰ তথ্য পোহৰলৈ আহিছে। এইপৰ্যন্ত বিজেপিয়ে ৩৯খন আসনেৰে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে। একে সময়তে আম আদমী পাৰ্টিয়ে ২৯খন আসনত আৰু কংগ্ৰেছে ২খন আসনত অগ্ৰগতি লাভ কৰিছে।
-
প্ৰথম পৰ্যায়ৰ ভোটগণনাত সংখ্যাগৰিষ্ঠতাৰ কাষ চাপিছে বিজেপি
দিল্লী নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগণনাত বিজেপিয়ে ৩১খন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে আপ ২০ খন আসনত আগবাঢ়ি আছে। পুনৰ হতাশাজনক প্ৰদৰ্শনেৰে কংগ্ৰেছ কেৱল ১ খন আসনত আগবাঢ়ি আছে।
-
পিছ পৰিছে কেজৰিৱাল, আতিশী আৰু চিছ’দিয়া
দিল্লী নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগণনাত বিজেপি যথেষ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। আপৰ হেভীৱেইট প্ৰাৰ্থী অৰবিন্দ কেজৰিৱাল, আতিশী আৰু মনীষ চিছ’দিয়াও নিজ নিজ আসনত পিছ পৰি থকা দেখা গৈছে।
-
প্ৰথম পৰ্যায়ত আগবাঢ়িছে বিজেপি
৮ বজাৰ পৰাই দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। এইপৰ্যন্ত চলি থকা প্ৰথম পৰ্যায়ৰ ভোটগণনাত বিজেপি আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। আনহাতে পিছ পৰিছে শাসকীয় আম আদমী পাৰ্টি।
-
৮ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা
৮ বজাৰ লগে লগে ভোটগণনা কেন্দ্ৰসমূহত আৰম্ভ হৈছে ভোটগণনা। উল্লেখ্য যে ইভিএমৰ পূৰ্বে প্ৰথমে পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে। পোষ্টেল ভোটৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছতহে ইভিএম খোলা হ’ব।
-
ইভিএমত বন্দী ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
৭০ খন আসনৰ দিল্লী বিধানসভা নিৰ্বাচনত মুঠ ৬৯৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। ইয়াৰ ভিতৰত ৬০৩ জন পুৰুষ, ৯৫ গৰাকী মহিলা আৰু এজন তৃতীয় লিংগৰ প্ৰাৰ্থী। নিৰ্বাচনত ১৫,৬১৪,০০০ পঞ্জীভুক্ত ভোটাৰৰ ভিতৰত ৯,৪৫১,৯৯৭ জন ভোটাৰে ভোটদান কৰি এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰূপণ কৰিছে
-
৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ
যোৱা ৫ ফেব্ৰুৱাৰীত দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য মতে, নিৰ্বাচনত মুঠ ৬০.৫৪ শতাংশ ভোটদান সম্পন্ন হৈছিল। ২০২০ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ প্ৰায় ২.৫ শতাংশ কমকৈ ভোটদান হয়।
-
ফলাফলৰ পূৰ্বে দিল্লী বিধানসভা ভংগ
আজি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে দিল্লী বিধানসভা ভংগ কৰাৰ সন্দৰ্ভত এখন জাননী জাৰি কৰা হৈছে। দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে ৭ ফেব্ৰুৱাৰী, অৰ্থাৎ শুকুৰবাৰে বিধানসভা ভংগ সম্পৰ্কীয় জাননী জাৰি কৰিছিল।
কিছুসময় পিছতে আৰম্ভ হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে জনসাধাৰণে যোৱা ৫ ফেব্ৰুৱাৰীত ইভিএমত কৰা মতদানৰ গণনা কৰা হ’ব। সেই উপলক্ষে ইতিমধ্যে নিৰ্বাচন আয়োগ আৰু দিল্লী প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৮ বজাৰ লগে লগে ভোটগণনা কেন্দ্ৰসমূহত মুকলি কৰা হ’ব ইভিএম।