5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দিল্লীৰ মুখ্যমন্ত্ৰীহৈও মুখ্যমন্ত্ৰীৰ আসনত নবহে আতিশী মাৰ্লেনাই! কেজৰিৱালে বহা চকীত নবহি কাষতে অন্য চকীত বহিল আতিশী

মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিছে। আজি প্ৰথমবাৰৰ বাবে দিল্লী সচিবালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী আতিশী, কিন্তু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ চকীত বহি নবহিল। অৰবিন্দ কেজৰিৱালে বহা মুখ্যমন্ত্ৰীৰ চকীত নবহি কাষতে এখন চকী পাৰি বহিল আতিশী। তেওঁ কয়, কেজৰিৱালে পুনৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী নহয় তেতিয়ালৈ এই চকী ইয়াতেই থাকিব।

দিল্লীৰ মুখ্যমন্ত্ৰীহৈও মুখ্যমন্ত্ৰীৰ আসনত নবহে আতিশী মাৰ্লেনাই! কেজৰিৱালে বহা চকীত নবহি কাষতে অন্য চকীত বহিল আতিশী
মুখ্যমন্ত্ৰীহৈও মুখ্যমন্ত্ৰীৰ আসনত নবহে আতিশী মাৰ্লেনাই!
Follow Us
barasha-misra
Barasha Misra | Published: 23 Sep 2024 16:44 PM

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে মুখ্যমন্ত্ৰী পদৰ দায়িত্ব গ্ৰহণ কৰিছে। আজি প্ৰথমবাৰৰ বাবে দিল্লী সচিবালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী আতিশী, কিন্তু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ চকীত নবহিল মুখ্যমন্ত্ৰী আতিশী। মুখ্যমন্ত্ৰী আতিশীয়ে এখন চকী লৈ সচিবালয় পালে আৰু বগা ৰঙৰ এখন চকীতে বহিল। তেওঁৰ চকীখনৰ লগতে ৰখা হৈছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৰঙা ৰঙৰ চকীখনৰ ওচৰত।

মুখ্যমন্ত্ৰী আতিশীয়ে কয়, আজি মই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছোঁ। আজি মোৰ মনত একেই দুখ, যিদৰে ভগৱান শ্ৰীৰামৰ খৰম ৰাখি ভাৰতে কাম কৰিছিল, ঠিক সেইদৰে মই আগন্তুক ৪ মাহ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থাকিম।

‘এই চকীখন কেজৰিৱাল ডাঙৰীয়াৰ’
মুখ্যমন্ত্ৰী আতিশীয়ে কয়, যোৱা ২ বছৰে বিজেপিয়ে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক বদনাম কৰিবলৈ কোনো সোৰোঙা এৰা নাই, ৬ মাহৰ কাৰাগাৰত ভৰাইছে। আতিশীয়ে আৰু কয়, এই চকীখন অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ, মোৰ বিশ্বাস যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত দিল্লীৰ জনসাধাৰণে অৰবিন্দ কেজৰিৱালক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰিব। তেতিয়ালৈকে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ এই চকীখন ইয়াতে থাকিব।

আতিশীয়ে আৰু কয়, আমাৰ আস্থা আৰু আত্মবিশ্বাসেৰে আমি আকৌ এবাৰ অৰবিন্দ কেজৰিৱালক এই চকীখনত বহিবলৈ দিম আৰু তেতিয়ালৈকে এই চকীখন এই কোঠাতে থাকিব। অৰবিন্দ কেজৰিৱালে সততাৰ নিদৰ্শন দাঙি ধৰিছে। বিগত দুবছৰে কেজৰিৱালৰ ভাবমূর্তি কলংকিত কৰিবলৈ বিজেপিয়ে যৎপৰোনাস্তি চেষ্টা চলাই আহিছে৷ তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি তেওঁক সম্পূৰ্ণ ৬ মাহৰ বাবে জেললৈ প্ৰেৰণ কৰা হয়।

 

 

Latest News