দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ডাঙৰ সকাহ, সুৰা কেলেংকাৰী গোচৰত জামিন প্ৰদান দিল্লীৰ আদালতৰ Assam news - Assam Tv9

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ডাঙৰ সকাহ, সুৰা কেলেংকাৰী গোচৰত জামিন প্ৰদান দিল্লীৰ আদালতৰ

Published: 

20 Jun 2024 21:45 PM

অৱশেষত জামিন পালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ১ লাখ টকাৰ বিনিময়ত জামিন লাভ কেজৰিৱালৰ ৷ সুৰা কেলেংকাৰী গোচৰত জে'ললৈ যাবলগীয়া হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কাইলৈ তিহাৰ জে'লৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ডাঙৰ সকাহ, সুৰা কেলেংকাৰী গোচৰত জামিন প্ৰদান দিল্লীৰ আদালতৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ডাঙৰ সকাহ!

Follow Us On

সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আদালতৰ পৰা জামিন লাভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ ৰাউছ এভিনিউ আদালতে এক লাখ টকাৰ বণ্ডত জামিন মঞ্জুৰ কৰিছে। ইয়াৰ পূৰ্বে আদালতে তেওঁক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অৱশ্যে ইয়াৰ পিছত তেওঁ পুনৰ জে’ললৈ যাবলগীয়া হৈছিল। EDয়ে এই জামিনৰ বিৰোধিতা কৰিবলৈ বিচাৰিছে ৪৮ ঘণ্টা। এই সন্দৰ্ভত, আদালতে কৈছিল যে আদেশটোৰ ওপৰত কোনো স্থগিতাদেশ নাথাকিব।

আদালতৰ এই সিদ্ধান্তৰ পাছত শুক্ৰবাৰে তিহাৰ কাৰাগাৰৰ পৰা আহিব পাৰে মুখ্যমন্ত্ৰী কেজৰিৱাল । এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে ED।

আদালতৰ এই সিদ্ধান্তক লৈ আনন্দ প্ৰকাশ আম আদমী পাৰ্টিৰ। দলটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয়, “সত্যক বিচলিত কৰিব পাৰি, পৰাজিত নহয়।” বিজেপি, EDৰ কেইবাখনো আবেদন খাৰিজ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এখন ফটো সৈতে কৰা এটা পোষ্টৰ শিৰোনামত লিখিছে- ‘সত্যমেৱ জয়তে’ ।

 

কেতিয়া হৈছিল এই ঘটনা?

২০২১ চনৰ ১৭ নৱেম্বৰত নতুন সুৰা নীতি ৰূপায়ণ দিল্লী চৰকাৰে। ইয়াৰ অধীনত ৰাজধানীখনক ৩২টা জ’নত বিভক্ত কৰা হৈছিল। প্ৰতিটো জ’নত ২৭খন দোকান খোলাৰ সিদ্ধান্ত লোৱা হয়। দিল্লীত খুলিব লাগিছিল ৮৪৯খন সুৰাৰ দোকান। এই নীতিত চৰকাৰী চুক্তিৰ পৰিৱৰ্তে সুৰাৰ বিপণী ব্যক্তিগত কৰা হ’ল। ইয়াৰ আঁৰত দিল্লী চৰকাৰৰ যুক্তি আছিল যে ৩৫০০ কোটি টকাৰ লাভ হ’ব।

দিল্লী চৰকাৰেও বৃদ্ধি কৰিলে সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰৰ মাচুল। ইয়াৰ অধীনত এল-১ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ আগতে ২৫ লাখ টকা দিব লগা হৈছিল। নতুন নীতি কাৰ্যকৰী হোৱাৰ পিছত ইয়াৰ বাবে ঠিকাদাৰসকলে ৫ কোটি টকা দিব লগা হৈছিল। একেদৰে অন্যান্য শিতানৰ অনুজ্ঞাপত্ৰৰ মাচুলও অত্যধিকভাৱে বৃদ্ধি কৰিছিল।

নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
ঋণত ডুব গৈ আছে নেকি? বাস্তু শাস্ত্ৰৰ এই টিপচ গ্ৰহণ কৰি কৰক সমাধান
Exit mobile version