Act of water terrorism: যমুনাৰ পানীক লৈ চিন্তিত আতিশী; মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখিলে চিঠি

দিল্লীত যমুনাৰ পানীত বাঢ়িছে এম'নিয়াৰ মাত্ৰা । পানী যোগানকলৈ চিন্তিত মুখ্য়মন্ত্ৰী আতিশী । হাৰিয়ানাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ।

Act of water terrorism: যমুনাৰ পানীক লৈ চিন্তিত আতিশী; মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখিলে চিঠি

দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী

Published: 

28 Jan 2025 14:06 PM

যমুনা নদীত এম’নিয়াৰ মাত্ৰা বৃদ্ধি পোৱাক লৈ চিন্তিত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী । মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰ লিখি এই বিষয়ত হস্তক্ষেপ কৰিবলৈ দাবী জনালে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । যমুনাৰ পানীত এম’নিয়াৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলত দিল্লীত পানী যোগানত ব্যাঘাত জন্মা বুলি তেওঁ দাবী কৰিছে ।

পত্ৰত আতিশীয়ে এই সমস্যাৰ ক্ষেত্ৰত হাৰিয়ানাৰ ভূমিকাক লৈ অভিযোগ তুলিছে । তেওঁ কয়, “দিল্লী জল ব’ৰ্ডৰ চিইঅ’ৰ টোকাত তালিকাভুক্ত তথ্যই স্পষ্ট কৰি দিয়ে যে দিল্লী জল ব’ৰ্ডৰ পানী পৰিশোধন প্লাণ্টসমূহ কেৱল ১ পিপিএম স্তৰলৈকে এমোনিয়াৰ শোধন কৰিব পৰাকৈ ডিজাইন কৰা হৈছে ।”

তেওঁ লগতে কয়, “টোকাত এই কথাটোও আঙুলিয়াই দিয়া হৈছে যে হাৰিয়ানাৰ পৰা অপৰিশোধিত নলা-নৰ্দমা বা উদ্যোগিক আৱৰ্জনা নদীৰ পানীত মিহলি হোৱাৰ বাবে হাৰিয়ানাৰ পৰা যমুনা নদীৰে দিল্লীলৈ অহা পানীত এমোনিয়াৰ মাত্ৰা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, শেষত ৭ পিপিএমতকৈও ইয়াৰ মাত্ৰা বৃদ্ধি পাইছে । দুদিনত ৭০০% লৈ বৃদ্ধি পাইছে ।”

মুখ্যমন্ত্ৰী আতিশীয়ে পত্ৰখনত আৰু উল্লেখ কৰিছে, “হাৰিয়ানাৰ পৰা অহা পানীত থকা এই বিষাক্ত এমোনিয়াই দিল্লীৰ পানী পৰিশোধন প্লাণ্টসমূহক পানী ফলপ্ৰসূভাৱে পৰিশোধন কৰিবলৈ প্ৰায় অক্ষম কৰি তুলিছে, যাৰ ফলত প্ৰায় ৩৪ লাখ লোকৰ পানী যোগান ১৫ ৰ পৰা ২০% হ্ৰাস পাইছে ।” দিল্লীৰ খোৱাপানীত এমোনিয়াৰ মাত্ৰা অধিক হ’লে জনস্বাস্থ্যৰ সংকটৰ সৃষ্টি হ’ব পাৰে । এম’নিয়াই বৃক্কৰ ক্ষতি, শ্বাস-প্ৰশ্বাসৰ অসুবিধা আৰু আনকি দীৰ্ঘম্যাদী অংগ ক্ষতিৰ দৰে ৰোগ সৃষ্টি কৰে ।”

আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ হাৰিয়ানা চৰকাৰে ইচ্ছাকৃতভাৱে দিল্লীৰ পানী যোগানত ব্যাঘাত জন্মোৱাৰ অভিযোগ উত্থাপন কৰি আতিশীয়ে এই পৰিস্থিতিক “জল সন্ত্ৰাসবাদৰ কাৰ্য” বুলি অভিহিত কৰিছে ।

“পানী এম’নিয়াযুক্ত হোৱাৰ ফলত বিষাক্ত প্ৰভাৱ পৰাৰ কথা জানিও দিল্লী জল ব’ৰ্ডৰ চিইঅ’ৰ টোকাত কোনো সন্দেহ নাই যে হাৰিয়ানাৰ পৰা অপৰিশোধিত নলা-নৰ্দমা আৰু উদ্যোগিক আৱৰ্জনা নিৰ্বিচাৰে আৰু ইচ্ছাকৃতভাৱে পেলোৱাৰ বাবেই বৰ্তমানৰ পানী যোগানত ব্যাঘাত জন্মিছে । এইটো কোনো গাফিলতিৰ কাম নহয়; দিল্লীৰ স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত ইচ্ছাকৃতভাৱে প্ৰভাৱিত কৰিবলৈ এয়া জল সন্ত্ৰাসবাদৰ কাৰ্য ।” আতিশীয়ে লিখিছে ।

সামাজিক মাধ্যম এক্সত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে এটা পোষ্টত লিখিছে, “যমুনাৰ পানীত এম’নিয়াৰ মাত্ৰা স্বাভাৱিকতকৈ ৬ গুণ বেছি হৈয়েই আছে, যিহেতু ই হাৰিয়ানাৰ পৰা দিল্লীত প্ৰৱেশ কৰিছে । এনে মাত্ৰা মানুহৰ শৰীৰৰ বাবে অত্যন্ত বিষাক্ত । দিল্লীৰ জনসাধাৰণক চিকিৎসা আৰু পানী যোগান ধৰিব নোৱাৰিলে তেওঁলোকৰ জীৱন বিপদত পৰিব ।”

ইয়াৰ উপৰিও তেওঁ চিইচিৰ সৈতে জৰুৰী বৈঠকত এই বিষয়ত আলোচনা কৰাৰ লগতে বাহ্যিক শক্তিৰ দ্বাৰা নিৰ্বাচনত আপোচ নকৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনায় ।

মুখ্যমন্ত্ৰী আতিশীয়ে লিখিছে, “মই আপোনালোকক অনুৰোধ কৰিছো যে এই জৰুৰী বিষয়টো সন্দৰ্ভত আজি নিজেই আপোনালোকক লগ কৰিবলৈ সময় দিয়ক যাতে দিল্লীৰ নিৰ্বাচনত কোনো বাহ্যিক শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে ।”
ইয়াৰ পূৰ্বে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব ছাইনিয়ে আপক অভিযোগৰ বাবে সমালোচনা কৰি কয় যে আপে পানী পৰিশোধনৰ ব্যৱস্থা কৰা নাই আৰু আনক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছে ।

“তেওঁৰ (অৰবিন্দ কেজৰিৱাল) স্বভাৱ আৰু চিন্তা-চৰ্চা হৈছে অভিযোগ কৰি তাৰ পিছত পলাই যোৱা । এটা কথা আছে, ‘থুকো ঔৰ ভাগো (থু পেলোৱা আৰু পলোৱা)’ । এয়া কেজৰিৱালে কৰে । মই কৈছিলো যে আপুনি আপোনাৰ মুখ্য সচিবক পঠাওক আৰু ময়ো পঠাম । মোৰ মুখ্য সচিবক শোণিতাত পানীৰ মান পৰীক্ষা কৰিবলৈ কওক য’ৰ পৰা ই (যমুনা) দিল্লীত প্ৰৱেশ কৰিছে ।’-ছাইনিয়ে কয় ।

কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?
জানেনে ভাৰতৰ কোনখন চহৰক চিকিৎসাৰ ৰাজধানী বুলি কোৱা হয় ? কিয় কোৱা হয় ?