Delhi Election Results 2025: আপৰ পৰাজয়ৰ কাৰণ কি ? কি ক’লে যোগেন্দ্ৰ যাদৱে ?
বিগত তিনি বছৰ ধৰি দিল্লীত চৰকাৰ গঠন কৰা আপে কিয় ইমান বেয়া ফলাফল লাভ কৰিবলগীয়া হ'ল? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যোগেন্দ্ৰ যাদৱে ।
সলনি হ’ল দিল্লীৰ নিৰ্বাচনী ধাৰা । দিল্লীত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি । বিয়লি ৩:৩০ বজালৈকে প্ৰকাশিত দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ধাৰা অনুসৰি, বিজেপিয়ে এতিয়ালৈকে লাভ কৰিছে ৪৮ খন আসন । ইয়াৰ বিপৰীতে আপে লাভ কৰিছে ২৩ খন আসন । কংগ্ৰেছে এতিয়ালৈকে এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
নিৰ্বাচনৰ পাছত প্ৰকাশ পোৱা এগজিট প’লেও বিজেপিয়ে চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছিল । শনিবাৰে দিনটোত ফলাফল আহিবলৈ আৰম্ভ কৰাৰ লগে লগে এগজিট প’লে কোৱো দৰে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । কিন্তু বিগত তিনি বছৰ ধৰি দিল্লীত চৰকাৰ গঠন কৰা আপে কিয় ইমান বেয়া ফলাফল লাভ কৰিবলগীয়া হ’ল?
VIDEO | Delhi election results 2025: Swaraj India National President Yogendra Yadav (@_YogendraYadav) says, “In this city, the BJP has been winning all seven seats in Lok Sabha elections, it happened three times in a row. The amazement was that despite that, they were losing the… pic.twitter.com/FtNS3zSWjX
— Press Trust of India (@PTI_News) February 8, 2025
আজিৰ দিনটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোগেন্দ্ৰ যাদৱে কয়, “মুঠতে এই ফলাফল কেৱল আপৰ বাবেই নহয়, ১০-১২ বছৰ ধৰি বিকল্প ৰাজনীতিৰ সপোন দেখাসকলৰ বাবেও এক বিপৰ্যয়। বিৰোধীৰ বাবেও ই এক বিপৰ্যয়। অৰবিন্দ কেজৰিৱাল, মনীষ চিছ’দিয়াৰ পৰাজয় এক ডাঙৰ বিপৰ্যয় আৰু ই আপৰ ভৱিষ্যতৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব। ”
তেওঁ কয়, “দিল্লীত বিজেপিয়ে লোকসভা নিৰ্বাচনত সাতখন আসনতে জয়লাভ কৰি আহিছে। আচৰিত কথাটো আছিল যে, তাৰ পিছতো তেওঁলোকে বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছিল, প্ৰায় ১৫ শতাংশ ভোট আপলৈ (বিধানসভা নিৰ্বাচনত) গৈছিল, এইবাৰ বিজেপিয়ে আধা সংখ্যক আসন ধৰি ৰাখিছে। তেওঁলোক মোদীৰ সমৰ্থক আছিল।”
লগতে যোগেন্দ্ৰ যাদৱে কয় যে, আম আদমী পাৰ্টিৰ যি পৰিষ্কাৰ ভাবমূৰ্তি আছিল, সেয়া আবকাৰী দুৰ্নীতিৰ দৰে বিষয়বোৰে ধ্বংস কৰিলে । তেওঁ কয় যে, দিল্লীৰ উন্নয়নৰ বাবে আপ চৰকাৰে কোনো দীৰ্ঘম্যাদী কাম কৰা নাই। যোগেন্দ্ৰ যাদৱে কয়, “দিল্লীৰ বাবে যি মৌলিক কাম কৰিব লাগিছিল, সেয়া সম্পন্ন হোৱা নাই।”
যোগেন্দ্ৰ যাদৱৰ মতে অৰবিন্দ কেজৰিৱালৰ সমৰ্থনৰ অন্যতম কাৰণ হ’ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ অৰ্থাৎ ইউ পি চৰকাৰৰ মাজত অহৰহ হৈ থকা বিতৰ্ক। তেওঁ কয়, “যিদৰে প্ৰতিদিনে লেফটেনেণ্ট গৱৰ্ণৰ আৰু দিল্লী চৰকাৰৰ মাজত বিতৰ্ক হৈছিল, মই ভাবো মোডীৰ সমৰ্থকসকলে ভাবিছিল যে আমি কেন্দ্ৰত মোদীৰ লগত আছো, এতিয়া কেজৰিৱালৰ লগত থাকি কি লাভ? তাৰ পৰিৱৰ্তে বিজেপি আনিলে ভাল হ’ব।”