5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মোদীয়ে কেতিয়া ল’ব অৱসৰ? আইন সকলোৰে বাবে সমান নহয় নেকি- কেজৰিৱালৰ ৫টা প্ৰশ্ন

Arvind kejriwal: আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। এই পত্ৰৰ জৰিয়তে বিজেপিক তীব্ৰ কটাক্ষ কৰিছে কেজৰিৱালে।

মোদীয়ে কেতিয়া ল’ব অৱসৰ? আইন সকলোৰে বাবে সমান নহয় নেকি- কেজৰিৱালৰ ৫টা প্ৰশ্ন
অৰবিন্দ কেজৰিৱাল
barasha-sarma
Barasha Sarma | Published: 25 Sep 2024 12:49 PM

পদত্যাগৰ পাছতেই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ধাৰাবাহিকভাৱে বিজেপি আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক লক্ষ্য কৰি আহিছে। এইবাৰ কেজৰিৱালে মোহন ভাগৱতলৈ চিঠি লিখি ৫ টাকৈ প্ৰশ্ন কৰি তীব্ৰ কটাক্ষ কৰে। অৱশ্যে এই অৰবিন্দ কেজৰিৱালৰ এই পত্ৰক লৈ আৰ এছ এছ (RSS) ৰ মুৰব্বীগৰাকীয়ে এতিয়ালৈকে কোনো মন্তব্য প্ৰদান কৰা নাই।  কেজৰিৱালে আৰ এছ এছৰ মুৰব্বীগৰাকীক কৰা প্ৰশ্নসমূহ তলত উল্লেখ কৰা হ’ল।

কেজৰিৱালৰ প্ৰশ্ন

১)  বিজেপিয়ে দেশজুৰি নেতাসকলক ভাবুকি দি বা বিভিন্ন প্ৰলোভনেৰে ধ্বংস কৰিছে। ইডি- চিবিআইৰ ভয় দেখুৱাই দল ভাঙি পেলোৱাৰ লগতে অন্য দলৰ চৰকাৰ উফৰাই পেলাইছে। দেশৰ গণতন্ত্ৰই এনেদৰে নিৰ্বাচিত চৰকাৰক উফৰাই দিয়াটো উচিত নেকি? কোনো অসৎ উপায়েৰে ক্ষমতা অৰ্জন কৰাটো আপোনাৰ বা RSS ৰ বাবে গ্ৰহণযোগ্য নেকি?

২) ২০২৩ চনৰ ২৮ জুনত মোদীজীয়ে ভাষণ দি এটা দলৰ আৰু এজন নেতাৰ বিৰুদ্ধে ৭০ হাজাৰ কোটি টকা কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল। কিছুদিন পাছত সেই নেতাগৰাকীৰ লগত লগ হৈ চৰকাৰ গঠন কৰিছিল। দুৰ্নীতিগ্ৰস্ত বুলি কোৱা সেই নেতাগৰাকীকে উপ মুখ্যমন্ত্ৰী বনালে। এনে বহু ধৰণৰ ঘটনা আছে। এনে হ’ব বুলি আপুনি কেতিয়াবা কল্পনা কৰিছিল নেকি?  এই সকলো দেখি আপুনি দুখ অনুভৱ কৰেনে?

৩) বিজেপি হৈছে আৰ এছ এছৰ গৰ্ভত জন্ম হোৱা দল। বিজেপি বিভ্ৰান্তি হ’লে পুনৰ সঠিক পথলৈ অনাটো আৰ এছ এছৰ দায়িত্ব। আপুনি কেতিয়াবা প্ৰধানমন্ত্ৰীক ভুল কাম কৰাত বাধা দিছেনে?

৪) জে পি নড্ডাই কয় যে বিজেপিক আৰ এছ এছৰ প্ৰয়োজন নাই। আৰ এছ এছ বিজেপিৰ মাতৃ। সন্তান ইমানেই ডাঙৰ হ’ল নেকি যে মাতৃৰ ওপৰত কথা ক’ব পৰা হ’ল?  নাড্ডাৰ এই কথাৰ পৰা যে আৰ এছ এছৰ নেতাসকল দুখী হৈছে সেয়া মই বুজি পাওঁ। তেওঁৰ বক্তব্যৰ পৰা আপুনি কি অনুভৱ কৰিছে সেয়া দেশে জানিব বিচাৰিছে।

৫) আপোনালোকে এখন আইন আনিছিল যে ৭৫ বছৰ বয়সৰ পাছত বিজেপি নেতাই অৱসৰ গ্ৰহণ কৰিব। এই আইনখনৰ যথেষ্ঠ প্ৰচাৰ কৰা হৈছিল আৰু ইয়াৰ অধীনত লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ দৰে বহু জ্যেষ্ঠ নেতাক অৱসৰ দিয়া হৈছিল। এতিয়া অমিত শ্বাহে কৈছে যে সেই আইন নৰেন্দ্ৰ মোদীৰ লগত কাৰ্যকৰী নহয়। ইয়াত আপোনাৰ স্থিতি কি? সকলোৰে বাবে আইন সমান নহয় নেকি?

Latest News