শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মহিলাই অনুমতি প্ৰদান কৰিলেও ব্যক্তিগত সময়ৰ ফটো, ভিডিঅ’ ল’ব নোৱাৰিবঃ দিল্লী উচ্চ ন্যায়ালয়

শাৰীৰিক সম্পৰ্ক স্থাপনৰ অনুমতি থকাৰ পাছতো লব নোৱাৰিব ফটো, ভিডিঅ'। এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে দিল্লী উচ্চ ন্যায়ালয়ে। এগৰাকী বিবাহিতা মহিলাই দাখিল কৰা আবেদনৰ ওপৰত এই ৰায় প্ৰদান কৰে।

মহিলাই অনুমতি প্ৰদান কৰিলেও ব্যক্তিগত সময়ৰ ফটো, ভিডিঅ’ ল’ব নোৱাৰিবঃ দিল্লী উচ্চ ন্যায়ালয়
উচ্চ ন্যায়ালয়Image Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Jan 2025 12:54 PM

মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। এক গোচৰৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে কয় যে, মহিলাই যৌন সম্পৰ্ক স্থাপনৰ অনুমতি দিয়াৰ পাছতো পুৰুষে সেই ব্যক্তিগত সময়ৰ ফটো বা ভিডিঅ’ ল’ব নোৱাৰে। ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই কয় যে, এগৰাকী মহিলাই যৌন সম্পৰ্কৰ অনুমতি দিলেও তেওঁৰ ব্যক্তিগত মুহূৰ্তৰ অপব্যৱহাৰ কৰিব নোৱাৰি। এগৰাকী মহিলাৰ যৌন সম্পৰ্কৰ প্ৰতি অনুমতিক কোনো কাৰণতে অনুপযুক্ত ভিডিঅ’ বনাই সেয়া সামাজিক মাধ্যমত পোষ্ট কৰাৰ সন্মতি বুলি ধৰিব নোৱাৰি।

১৭ জানুৱাৰীত ধৰ্ষণৰ এক গোচৰত ৰায়দান কৰি ন্যায়ালয়ে কয় , শাৰীৰিক সম্পৰ্ক স্থাপনৰ সন্মতি কেৱল ব্যক্তিৰ ব্যক্তিগত মুহূৰ্তৰ অপব্যৱহাৰ বা শোষণ আৰু অপমানজনকভাৱে ফটো, ভিডিঅ’ প্ৰস্তুত কৰাতেই সীমাবদ্ধ নহয়। মহিলা এগৰাকীয়ে শাৰীৰিক সম্পৰ্ক স্থাপনৰ অনুমতি দিয়াৰ অৰ্থ এয়া নহয় যে তেওঁ ব্যক্তিগত সময়ৰ ভিডিঅ’, ফটো সামাজিক মাধ্যমত পোষ্ট কৰাৰ অনুমতি প্ৰদান কৰিছে। আদালতে কয় যে, প্ৰথম অৱস্থাত দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক অনুমতি সাপেক্ষে হৈছিল। কিন্তু পাছলৈ অভিযুক্তই মহিলাগৰাকীক ব্লেকমেইল কৰিব আৰম্ভ কৰিছিল। মহিলাগৰাকীক নিয়ন্ত্ৰণ কৰিবলৈ অভিযুক্তই এনে কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন যে,  বিগত বৰ্ষত এগৰাকী বিবাহিতা মহিলাই দাখিল কৰা ধৰ্ষণৰ গোচৰত এজনলোকৰ জামিন খাৰিজ কৰি  দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।  মহিলাগৰাকীয়ে অভিযুক্ত ব্যক্তিগৰাকীৰ ওপৰত উত্থাপন কৰা অভিযোগ অনুসৰি, ব্যক্তিগৰাকীয়ে হোৱাটছ এপ কলৰ জৰিয়তে তেওঁক কাপোৰ খুলিবলৈ বাধ্য কৰাইছিল আৰু সেই ব্যক্তিগত সময়ৰ ভিডিঅ’ প্ৰস্তুত কৰি মহিলাগৰাকীলৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত অভিযুক্তই ভুক্তভোগী মহিলাগৰাকীক সেই ভিডিঅ’ৰ জৰিয়তে ব্লেকমেইল কৰি কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে, কোনো এটা পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ মহিলাগৰাকীয়ে সেই ব্যক্তিজনৰ পৰা ধন ধাৰলৈ লৈছিল। মহিলাগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল যে চাকৰি লাভৰ পাছত তেওঁ সকলো ধন ঘূৰাই দিব। কিন্তু অভিযুক্তই মহিলাগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে আৰু এনেকৈ কেইবাবাৰো শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। আনকি পৰিস্থিতি এনে আহি পৰিছিল যে ব্যক্তিগৰাকীয়ে যি কৈছিল মহিলাগৰাকীয়ে তাকেই কৰিছিল।

এজাহাৰত উল্লেখ থকা অনুসৰি, অভিযুক্তই ভুক্তভোগী মহিলাগৰাকীৰ নগ্ন ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি মহিলাগৰাকীৰ সৈতে বলপূৰ্বকভাৱে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। আনকি অভিযুক্তই মহিলাগৰাকীক পৈত্ৰিক গাঁৱৰ লোকসকললৈ ভিডিঅ’ প্ৰেৰণ কৰিছিল আৰু পাছলৈ সামাজিক মাধ্যমতো আপলোড কৰিছিল। এই ঘটনা সন্দৰ্ভতে মহিলাগৰাকীয়ে লোকজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল।