শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিশোৰ-কিশোৰীসকলক প্ৰেমৰ অধিকাৰ দিব লাগে, এই ক্ষেত্ৰত আইনৰ বিকাশ হোৱা প্ৰয়োজনঃ ন্যায়ালয়

ন্যায়ালয়ে কয় যে, কিশোৰ কিশোৰীৰ সুৰক্ষাৰ বাবে সহমতৰ আইনী বয়স ১৮ বছৰ। সমান্তৰালকৈ সহমতি সাপেক্ষে বিকাশ হোৱা সম্পৰ্কবোৰত অপৰাধ বুলি গন্য কৰাৰ পৰিৱৰ্তে এই সম্পৰ্কবোৰত নিৰ্যাতন তথা শোষণ ৰোধত গুৰুত্ব দিব লাগে।

কিশোৰ-কিশোৰীসকলক প্ৰেমৰ অধিকাৰ দিব লাগে, এই ক্ষেত্ৰত আইনৰ বিকাশ হোৱা প্ৰয়োজনঃ ন্যায়ালয়
প্ৰতীকি ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 20 Feb 2025 11:47 AM

কিছুদিন পূৰ্বে পাৰ হৈ গৈছে ভেলেন্টাইন ডে’। প্ৰায় এটা সপ্তাহ ধৰি প্ৰেমৰ দিৱস উদযাপন কৰা হয়। যাৰ বাবে আপুনি হয়তো ফুলৰ দোকান, হোটেল, ৰেষ্টুৰেন্ট আদিত প্ৰেমিক- প্ৰেমিকা,প্ৰাপ্ত বয়স্ক দম্পতীৰ লগতে কিশোৰ-কিশোৰীকো দেখিছে। ইয়াৰ কিছুমানৰ বয়স ১৮ বছৰৰ তলত। এই কিশোৰ- কিশোৰীসকলেও নিজৰ আপোনজনক বিভিন্ন উপহাৰ দিছে। এনে কিশোৰ-কিশোৰীসকলক এতিয়া প্ৰেমৰ স্বাধীনতা দিয়াৰ পোষকতা কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে।

শুনিবলৈ আচৰিত হ’লেও এয়াই সত্য। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে কয় যে, ১৮ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলে বিধিগত ধৰ্ষণ আইনৰ ভয় নোহোৱাকৈ ৰোমান্টিক আৰু সহমতৰ সম্পৰ্কত প্ৰৱেশ কৰিবলৈ স্বাধীন হ’ব লাগে। উল্লেখ কৰা প্ৰয়োজন যে, বিধিগত ধৰ্ষণ আইন অনুসৰি যদি সম্পৰ্কত থকা কোনো ব্যক্তিৰ বয়স ১৮ বছৰৰ তলৰ হয়, তেন্তে এই সম্পৰ্কক অপৰাধ বুলি গণ্য কৰা হয়।

আদালতে কি ক’লে

ন্যায়াধীশ জছমীত সিঙৰ বিচাৰপীঠে কয় যে কিশোৰ অৱস্থাত কিশোৰ-কিশোৰীসকলৰ মাজত সন্মতিসূচক শাৰীৰিক সম্পৰ্কক অপৰাধ বুলি গন্য কৰা হয় আৰু ইয়াক পকচো আইনৰ অধীনত অপৰাধ বুলি গন্য কৰা হয়। ইয়াৰ মাজতে ন্যায়াধীশগৰাকীয়ে কয় যে, এই কম বয়সত ল’ৰা-ছোৱালীৰ মাজত প্ৰেম স্বীকাৰ কৰিবলৈ আইনখনৰ বিকাশ হ’ব লাগে।

ন্যায়াধীশগৰাকীয়ে কয়, মই বিশ্বাস কৰো যে সমাজ আৰু আইন দুয়োটাই যুৱসকলক প্ৰেমৰ সম্পৰ্কত লিপ্ত হোৱাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিব লাগে। এই প্ৰেমৰ সম্পৰ্কবোৰ এনে হ’ব লাগে য’ত ল’ৰা-ছোৱালীয়ে কাকো শোষণ নকৰে বা বেয়া ব্যৱহাৰ নকৰে।

প্ৰেমৰ স্বাধীনতা

কিশোৰ-কিশোৰীৰ প্ৰেমক সমৰ্থন জনাই ন্যায়াধীশগৰাকীয়ে কয় যে, প্ৰেম এনে এক অনুভূতি যি সকলোৰে লগত হ’ব লাগে। এয়া এক মৌলিক অভিজ্ঞতা। কিশোৰ-কিশোৰীসকলৰ আৱেগিক সংযোগ স্থাপন কৰাৰ অধিকাৰ আছে। এই সম্পৰ্কবোৰক স্বীকাৰ আৰু সন্মান কৰিবলৈ আইনখনৰ বিকাশ হোৱা দৰকাৰ।

ন্যায়ালয়ে কয় যে, কিশোৰ কিশোৰীৰ সুৰক্ষাৰ বাবে সহমতৰ আইনী বয়স ১৮ বছৰ। সমান্তৰালকৈ সহমতি সাপেক্ষে বিকাশ হোৱা সম্পৰ্কবোৰত অপৰাধ বুলি গন্য কৰাৰ পৰিৱৰ্তে এই সম্পৰ্কবোৰত নিৰ্যাতন তথা শোষণ ৰোধত গুৰুত্ব দিব লাগে। আইনী ব্যৱস্থাত কিশোৰ-কিশোৰীসকলৰ সুৰক্ষাৰ নিশ্চিয়তা প্ৰদান কৰি প্ৰেমৰ স্বাধীনতা দিব লাগে। কিশোৰ-কিশোৰীৰ এইবোৰ বিষয়ত বুজাবুজিৰ ওপৰত অধিক গুৰুত্ব দিয়া দৰকাৰ।

ঘটনাটো কি

উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় ২০১৪ চনৰ এটা গোচৰত কৰিছিল। ২০১৪ চনত এগৰাকী পিতৃয়ে গোচৰ ৰুজু কৰি কৈছিল যে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত তেওঁৰ কন্যা টিউচনলৈ গৈ ঘৰলৈ উভতি অহা নাছিল। পাছত কিশোৰীগৰাকী এজন যুৱকৰ সৈতে উদ্ধাৰ হৈছিল। যুৱকজনৰ বয়স আছিল ১৮ বছৰতকৈও অধিক আৰু এই গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

বিচাৰ আদালতে অভিযুক্তক সকলো অভিযোগৰ পৰা মুক্ত কৰে, তাৰ পিছত ইয়াৰ ওপৰত উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। উচ্চ ন্যায়ালয়ে ২০২৫ চনৰ ৩০ জানুৱাৰীত আবেদন খাৰিজ কৰি কয় যে কিশোৰীগৰাকীৰ সাক্ষ্যত স্পষ্টকৈ উল্লেখ আছে যে তেওঁৰ এই সম্পৰ্কত সন্মতি আছিল। সেই সময়ত তেওঁৰ বয়স আছিস ১৬-১৭ বছৰ। যুৱকজনতকৈ কিশোৰীগৰাকী মাত্ৰ ২ বছৰ সৰু হোৱা বাবে POCSO আইনৰ অধীনত অভিযুক্তক দোষী সাব্যস্ত কৰিব নোৱাৰি। অৱশ্যে ঘটনাৰ সময়ত কিশোৰীৰ বয়স ১৪-১৫ বছৰৰ তলৰ বুলি প্ৰমাণিত হ’লে এই নীতি প্ৰযোজ্য নহ’ব বুলি কয়।