শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হোটেলত চাৰ্ভিচ চাৰ্জ দিয়াটো বাধ্য়তামূলক নেকি ? ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে চাৰ্ভিচ চাৰ্জ সন্দৰ্ভত এক বৃহৎ ৰায় দিছে । কোৱা হয় যে, চাৰ্ভিচ চাৰ্জ বা টিপ কেতিয়াও বাধ্যতামূলক নহয়। দিল্লী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি কয় যে, হোটেল আৰু ৰেষ্টুৰেণ্টে গ্ৰাহকক চাৰ্ভিচ চাৰ্জ বা টিপ দিবলৈ বাধ্য কৰিব নোৱাৰে।

হোটেলত চাৰ্ভিচ চাৰ্জ দিয়াটো বাধ্য়তামূলক নেকি ? ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…
ফাইল ফটো
manas-borah
Manas Borah | Published: 29 Mar 2025 14:04 PM

হোটেল বা ৰেষ্টুৰেণ্টত আপোনাৰ পৰা চাৰ্ভিচ চাৰ্জ বা টিপ বিচাৰে নেকি ? বহু সময়ত প্ৰশ্ন হয় এজন গ্ৰাহকৰ পৰা চাৰ্ভিচ চাৰ্জ বিচৰাটো কিমান গ্ৰহণযোগ্য ? বহুতে হোটেল বা ৰেষ্টুৰেণ্টৰ চাৰ্ভিচ ভাল পালে টিপ হিচাপে অতিৰিক্ত ১০০-২০০ টকাৰ পৰা আৰম্ভ কৰি হাজাৰ টকালৈকে দি আহে । বহুতে এইধৰণৰ টিপ দিব নিবিচাৰে।

বহু সময়ত অভিযোগ উত্থাপন হয় যে, হোটেল আৰু ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীয়ে টিপৰ বাবে গ্ৰাহকক জোৰ কৰে। আকৌ প্ৰশ্ন হয়, হোটেল আৰু ৰেষ্টুৰেণ্টত খাওঁতে টিপ দিয়াটো বাধ্যতামূলক নেকি? আপুনি ইচ্ছা অনুসৰি দিব পাৰে টিপ । কিন্তু ইয়াৰ বাবে আপোনাক জোৰ কৰিব পাৰেনে ?

শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে চাৰ্ভিচ চাৰ্জ সন্দৰ্ভত এক বৃহৎ ৰায় দিছে । কোৱা হয় যে, চাৰ্ভিচ চাৰ্জ বা টিপ কেতিয়াও বাধ্যতামূলক নহয়। দিল্লী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি কয় যে, হোটেল আৰু ৰেষ্টুৰেণ্টে গ্ৰাহকক চাৰ্ভিচ চাৰ্জ বা টিপ দিবলৈ বাধ্য কৰিব নোৱাৰে। ইয়াৰ ফলত গ্ৰাহকৰ অধিকাৰ খৰ্ব হৈছে। ন্যায়াধীশ প্ৰতিভা এম সিঙে কয় যে, “চাৰ্ভিচ চাৰ্জ বা টিপ গ্ৰাহকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। ই বাধ্যতামূলক নহয়। অৱশ্যে হোটেল আৰু ৰেষ্টুৰেণ্টে চাৰ্ভিচ চাৰ্জ বাধ্যতামূলক কৰিছে।” যিয়ে গ্ৰাহকৰ অধিকাৰ খৰ্ব কৰিছে কয় ন্যায়াধীশগৰাকীয়ে ।

২০২২ চনত কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই (CCPA) গাইডলাইন জাৰি কৰি কয় যে, হোটেল আৰু ৰেষ্টুৰেণ্টে নিজৰ বিবেচনা অনুসৰি খাদ্য বিলত চাৰ্ভিচ চাৰ্জ ল’ব নোৱাৰে। এই নিৰ্দেশনাৰ বিৰোধিতা কৰি ফেডাৰেচন অৱ হোটেলছ, ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যনছ অৱ ইণ্ডিয়া (FHRAI)আৰু নেশ্যনেল ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অৱ ইণ্ডিয়াই(NRIA) দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে CCPA এই গাইডলাইনক গৃহীত কৰে। লগতে দিল্লী উচ্চ ন্যায়ালয়ে আৱেদনকাৰীৰ ওপৰত ১ লাখ টকাৰ জৰিমনা বিহে।