তিনি ছাত্ৰৰ মৃত্যুৰ পিছত লৰিল গাঃ দিল্লীত ১৩টা ক’চিং চেণ্টাৰৰ বেছমেণ্ট ছীল কৰিলে প্ৰশাসনে | Delhi MCD action old Rajendra Nagar coaching center basement Assam news - Assam Tv9

তিনি ছাত্ৰৰ মৃত্যুৰ পিছত লৰিল গাঃ দিল্লীত ১৩টা ক’চিং চেণ্টাৰৰ বেছমেণ্ট ছীল কৰিলে প্ৰশাসনে

শনিবাৰে নিশা দিল্লীৰ ৰাজেন্দ্ৰ নগৰত অৱস্থিত এটা ক’চিং চেণ্টাৰত বৰষুণৰ পানী সোমোৱাৰ ফলত তিনিজন ছাত্ৰৰ মৃত্যু হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছত দিল্লী পৌৰ নিগমে নিয়ম উলংঘা কৰি অঞ্চলটোত নিৰ্মাণ কৰা ১৩টা কোচিং চেণ্টাৰৰ বেছমেণ্ট ছীল কৰি দিছে।

তিনি ছাত্ৰৰ মৃত্যুৰ পিছত লৰিল গাঃ দিল্লীত ১৩টা ক’চিং চেণ্টাৰৰ বেছমেণ্ট ছীল কৰিলে প্ৰশাসনে

১৩টা ক’চিং চেণ্টাৰৰ বেছমেণ্ট ছীল প্ৰশাসনৰ

Published: 

29 Jul 2024 10:06 AM

দিল্লীৰ পুৰণি ৰাজেন্দ্ৰ নগৰত এক ক’চিং চেণ্টাৰত সংঘটিত দুৰ্ঘটনাৰ পিছত অৱশেষত গা লৰিল প্ৰশাসনৰ। নিয়ম উলংঘা কৰি অঞ্চলটোত নিৰ্মাণ কৰা ১৩টা কোচিং চেণ্টাৰৰ বেছমেণ্ট ছীল কৰি দিছে দিল্লী পৌৰ নিগমে। এই ক’চিং ইনষ্টিটিউটসমূহলৈ দিল্লী পৌৰ নিগমে ইতিমধ্যে জাননী জাৰি কৰিছে আৰু জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে। ক’চিং চেণ্টাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত এক্স যোগে সদৰী কৰিছে দিল্লীৰ মেয়ৰ ডাঃ শৈলী অ’বেৰয়ে। ছাত্ৰকেইগৰাকীৰ মৃত্যুৰ এই কৰুণ ঘটনাৰ পিছতে দিল্লী পৌৰ নিগমে ৰাজেন্দ্ৰ নগৰৰ বেছমেণ্টত নিয়ম উলংঘা কৰি থকা সকলো ক’চিং চেণ্টাৰ ছীল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি তেওঁ সদৰী কৰিছে।

শৈলী অ’বেৰয়ে লগতে প্ৰয়োজন হ’লে সমগ্ৰ দিল্লীতে এই অভিযান চলোৱা হ’ব বুলিও পোষ্টটোত উল্লেখ কৰে। দিল্লী পৌৰ নিগমে ছীল কৰা এই ১৩টা কোচিং ইনষ্টিটিউটৰ বেছমেণ্ট হৈছে- আই এ এছ গুৰুকুল, চহল একাডেমী, প্লুটছ একাডেমী, ছাই ট্ৰেডিং, আই এ এছ সেতু, টপাৰ্ছ একাডেমী, দৈনিক সংবাদ, চিভিল ডেইলী আই এ এছ, কেৰিয়াৰ পাৱাৰ, ৯৯ নোটছ, বিদ্যা গুৰু, গাইডেন্স আই এ এছ আৰু এছে ফৰ আই এ এছ।

উল্লেখ্য যে শনিবাৰে নিশা দিল্লীৰ ৰাজেন্দ্ৰ নগৰত অৱস্থিত এটা ক’চিং চেণ্টাৰত বৰষুণৰ পানী বেছমেণ্টত প্ৰৱেশ কৰাৰ পিছতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। অলপ সময়ৰ ভিতৰতে প্ৰায় ৮ ফুট দ বেছমেণ্টটো সম্পূৰ্ণৰূপে পানীত ডুব যায় আৰু ইয়াৰ ফলত তিনিজন ছাত্ৰৰ মৃত্যু হয়। ঘটনাৰ পিছতে আক্ৰমণৰ লক্ষ্য হৈ পৰিছে দিল্লী চৰকাৰ আৰু দিল্লী পৌৰ নিগম।

এই শোকাৱহ ঘটনাৰ পিছতে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই এই দুৰ্ঘটনাটোৱে সংশ্লিষ্ট সংস্থাসমূহৰ অপৰাধমূলক গাফিলতিৰ দিশটো আঙুলিয়াই দিয়ে বুলি মন্তব্য কৰে। অসামৰিক সেৱাৰ বাবে অনুশীলন চলাই থকা ছাত্ৰকেইজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি উপ-ৰাজ্যপালগৰাকীয়ে লগতে ৰাজেন্দ্ৰ নগৰৰ এই ঘটনা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ সংমণ্ডল আয়ুক্তক নিৰ্দেশ দিয়ে।

এক টুইট যোগে তেওঁ দেশৰ ৰাজধানীত এনে ঘটনা সংঘটিত হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এনে ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে। ইফালে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক’চিং চেণ্টাৰটোৰ স্বত্বাধিকাৰীসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে ঘটনাত নিহত শিক্ষাৰ্থীসকলক শ্ৰেয়া যাদৱ, তানিয়া চোনি আৰু নবীন ডলউইন বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?