মাজনিশা চাৰি মহলীয়া অট্টালিকা ভাঙি ৪ জনৰ মৃত্যু, আৰু বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ
আজি পুৱা এটা চাৰি মহলীয়া অট্টালিকা ভাঙি ৪ জন লোকৰ মৃত্যু হয়। আনহাতে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।

দিল্লীৰ মুস্তাফাবাদ অঞ্চলত আজি পুৱা এটা চাৰি মহলীয়া অট্টালিকা ভাঙি ৪ জন লোকৰ মৃত্যু হয়। আনহাতে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । ঘটনাস্থলীত এনডিআৰএফ আৰু আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । অট্টালিকাটো কেনেকৈ ভাঙি পৰিল সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি, পুৱা ৩ বজাত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । বৰ্তমানে ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও ইয়াৰে চাৰিজনৰ মৃত্যু হয়।
প্ৰকাশিত খবৰ অনুসৰি, ৮ ৰ পৰা ১০ জন লোক এতিয়াও আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । দিল্লীৰ উত্তৰ-পূব অঞ্চলত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । দিল্লীৰ মুস্তাফাবাদ অঞ্চলত থকা এই অট্টালিকা হঠাৎ ভাঙি পৰে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফকো অৱগত কৰা হয়।
#WATCH | Delhi: Sandeep Lamba, Additional DCP, North East District, says, ” The incident took place at 3 am in the morning. 14 people were rescued, but four among them succumbed…it was a four-storey building…rescue operation is underway. 8-10 people are still feared trapped” https://t.co/lXyDvOqwSY pic.twitter.com/F1BTiUZYcp
— ANI (@ANI) April 19, 2025
আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, এই পৰ্যন্ত ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে। ৪ জন লোকৰ মৃত্যু হৈছে। আশংকা কৰা হৈছে যে এতিয়াও ৮-১০ জন লোক ভাঙি পৰা অট্টালিকাৰ তলত আবদ্ধ হৈ আছে। আহতসকলক উদ্ধাৰ কৰি জিটিপি হাস্পতাললৈ লৈ যোৱা হয়।
অট্টালিকাটো কেনেকৈ ভাঙি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিভাগীয় অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ৰাজেন্দ্ৰ আটৱালে কয় যে, “পুৱা প্ৰায় ২:৫০ বজাত ফোন আহিছিল। আমি যেতিয়া সেই স্থানত উপস্থিত হৈছিলো তেতিয়া দেখিলোঁ যে সমগ্ৰ অট্টালিকাটো ভাঙি গৈছে। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। আমি উদ্ধাৰ অভিযান চলাই আছো।”