মাজনিশা চাৰি মহলীয়া অট্টালিকা ভাঙি ৪ জনৰ মৃত্যু, আৰু বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ

আজি পুৱা এটা চাৰি মহলীয়া অট্টালিকা ভাঙি ৪ জন লোকৰ মৃত্যু হয়। আনহাতে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।

মাজনিশা চাৰি মহলীয়া অট্টালিকা ভাঙি ৪ জনৰ মৃত্যু, আৰু বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল চাৰি মহলীয়া অট্টালিকা

Published: 

19 Apr 2025 10:42 AM

দিল্লীৰ মুস্তাফাবাদ অঞ্চলত আজি পুৱা এটা চাৰি মহলীয়া অট্টালিকা ভাঙি ৪ জন লোকৰ মৃত্যু হয়। আনহাতে বহু লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । ঘটনাস্থলীত এনডিআৰএফ আৰু আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । অট্টালিকাটো কেনেকৈ ভাঙি পৰিল সেই সন্দৰ্ভত এতিয়াও কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি, পুৱা ৩ বজাত এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । বৰ্তমানে ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও ইয়াৰে চাৰিজনৰ মৃত্যু হয়।

প্ৰকাশিত খবৰ অনুসৰি, ৮ ৰ পৰা ১০ জন লোক এতিয়াও আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । দিল্লীৰ উত্তৰ-পূব অঞ্চলত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা । দিল্লীৰ মুস্তাফাবাদ অঞ্চলত থকা এই অট্টালিকা হঠাৎ ভাঙি পৰে। লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফকো অৱগত কৰা হয়।

আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, এই পৰ্যন্ত ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে। ৪ জন লোকৰ মৃত্যু হৈছে। আশংকা কৰা হৈছে যে এতিয়াও ৮-১০ জন লোক ভাঙি পৰা অট্টালিকাৰ তলত আবদ্ধ হৈ আছে। আহতসকলক উদ্ধাৰ কৰি জিটিপি হাস্পতাললৈ লৈ যোৱা হয়।

অট্টালিকাটো কেনেকৈ ভাঙি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিভাগীয় অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া ৰাজেন্দ্ৰ আটৱালে কয় যে, “পুৱা প্ৰায় ২:৫০ বজাত ফোন আহিছিল। আমি যেতিয়া সেই স্থানত উপস্থিত হৈছিলো তেতিয়া দেখিলোঁ যে সমগ্ৰ অট্টালিকাটো ভাঙি গৈছে। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। আমি উদ্ধাৰ অভিযান চলাই আছো।”

কাইলৈ চেৰা বিহু, সাত বিহুৰ শেষৰ দিনটোৰ পৰম্পৰাৰ বিষয়ে জানো আহক
এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়