Delhi-NCR Air Pollution : বিষাক্ত হৈ পৰিছে দিল্লীৰ বায়ু, কাৰ্যকাৰী কৰা হৈছে GRAP-4, বন্ধ বিদ্যালয়…
প্ৰদূষণৰ ফলত বিষাক্ত হৈ পৰিছে দিল্লীৰ বতাহ । দিল্লীৰ বায়ু প্ৰদূষণে এক বিপদজনক স্তৰত উপনীত হৈছে । ইতিমধ্যে দিল্লীৰ এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে দিল্লীৰ চৰকাৰে কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিবলগীয়া হৈছে । প্ৰদূষণৰ বাবে আজিৰে পৰা হাইস্কুল পৰ্যায়লৈকে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।
প্ৰদূষণৰ ফলত দিল্লীৰ পৰিস্থিতি জনস্বাস্থ্যৰ বাবে ভয়াবহ হৈ পৰিছে । প্ৰদূষণৰ ফলত বিষাক্ত হৈ পৰিছে দিল্লীৰ বতাহ । দিল্লীৰ বায়ু প্ৰদূষণে এক বিপদজনক স্তৰত উপনীত হৈছে । ইতিমধ্যে দিল্লীৰ এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে দিল্লীৰ চৰকাৰে কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিবলগীয়া হৈছে । প্ৰদূষণৰ বাবে আজিৰে পৰা হাইস্কুল পৰ্যায়লৈকে বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।
একেদৰে প্ৰাথমিক বিদ্যালয়সমূহো প্ৰদূষণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে দিল্লীৰ চৰকাৰে । দিল্লী চৰকাৰে সদৰী কৰা মতে, ছাত্ৰ-ছাত্ৰীসকলে ঘৰৰ পৰা অনলাইন ক্লাছ কৰিব পাৰিব । কেৱল দশম আৰু দ্বাদশ শ্ৰেণী অফলাইন ক্লাছ হোৱাৰ বিপৰীতে বাকী শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে দিল্লী চৰকাৰে । ইফালে, কৰ্মক্ষেত্ৰত ৫০ শতাংশ শ্ৰমিকক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছে দিল্লী চৰকাৰে ।
দিল্লীৰ বায়ুৰ মানদণ্ড(AQI)
আজি সোমবাৰৰ দিনটোৰ পুৱা ভাগত দিল্লীৰ বায়ুৰ মানদণ্ড ৪৮১ স্পৰ্শ কৰে । এই স্তৰ, এই সময়ছোৱাত আটাইতকৈ বিপদজনক বুলি বিবেচিত হৈছে । শীতৰ কুঁৱলীৰ সমান্তৰালভাৱে প্ৰদূষিত ধোঁৱাই দিল্লী চহৰৰ পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে । ইফালে প্ৰদূষণৰ বাবে বিমান সেৱাত ব্যাঘাত জন্মিছে। দিল্লী বিমানবন্দৰৰ পৰা প্ৰায় সকলো বিমান আধা ঘণ্টাৰ পৰা এঘণ্টা পলম হোৱা বুলি জানিব পৰা গৈছে । সোমবাৰে পুৱা কিছুমান অঞ্চলত দৃশ্যমানতা ১৫০ মিটাৰলৈ হ্ৰাস পায়।
কাৰ্যকৰী কৰা হৈছে GRAP-4
উল্লেখ্য যে, প্ৰদূষণ ৰোধৰ বাবে আজি পুৱা ৮ বজাৰ পৰা GRAP-4 কাৰ্যকৰী কৰা হৈছে। ইয়াৰ অধীনত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। GRAP-4 অধীনত নিৰ্দেশনা জাৰি কৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰে বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়সমূহৰ পাঠদান অনলাইনলৈ স্থানান্তৰিত কৰা হৈছে। দিল্লী-এনচিআৰৰ চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত কাৰ্যালয়সমূহক ৫০% কৰ্মচাৰীৰে কাম সম্পাদন কৰিবলৈ নিৰ্দেশ দিছে । বাকী ৫০ শতাংশ কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
একেদৰে দিল্লীত অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো ট্ৰাকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে । অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া বা CNG, LNG, বা BS-VI ডিজেলত চলোৱা ট্ৰাকৰ বাহিৰে বাণিজ্যিক বাহন দিল্লীত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ঘাইপথ আৰু উৰণীয়া সেতুৰ দৰে ৰাজহুৱা আন্তঃগাঁথনি প্ৰকল্পকে ধৰি নিৰ্মাণৰ কাম বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে । প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ প্ৰাপ্তবয়স্ক, শিশুসকলক যিমান পাৰি ঘৰৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিছে দিল্লী চৰকাৰে ।