5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেজৰিৱালৰ হাতৰ পুতলা আতিশী! শপত গ্ৰহণৰ পিছতে কটাক্ষবাণী কেন্দ্ৰীয় মন্ত্ৰীৰ

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে আজি আতিশীৰ শপত গ্ৰহণৰ পিছতে আপ চৰকাৰক উদ্দেশ্যি তীব্ৰ কটাক্ষবাণী নিক্ষেপ কৰিছে বিজেপি নেতা তথা কেন্দ্ৰীয় পথ পৰিবহণ ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আতিশীসহ আপৰ সকলো নেতাকে অৰবিন্দ কেজৰিৱালৰ হাতৰ পুতলা বুলি কটাক্ষ কৰে।

কেজৰিৱালৰ হাতৰ পুতলা আতিশী! শপত গ্ৰহণৰ পিছতে কটাক্ষবাণী কেন্দ্ৰীয় মন্ত্ৰীৰ
আতিশীক কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 21 Sep 2024 21:42 PM

আজি দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আম আদমী পাৰ্টিৰ নেত্ৰী আতিশীয়ে। মুখ্যমন্ত্ৰী আতিশীৰ লগতে তেওঁৰ কেবিনেটেও আজি শপত গ্ৰহণ কৰিছে। আতিশীৰ শপত গ্ৰহণৰ পিছতে আপ চৰকাৰক উদ্দেশ্যি তীব্ৰ কটাক্ষবাণী নিক্ষেপ কৰিছে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ মালহোত্ৰাই। আতিশীয়ে মুখ্যমন্ত্ৰী হিচাপ দায়িত্ব গ্ৰহণ কৰিলেও দিল্লীত একো সলনি নহয় বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে আতিশীসহ আপৰ সকলো নেতাকে অৰবিন্দ কেজৰিৱালৰ হাতৰ পুতলা বুলিও কটাক্ষ কৰে।

কেন্দ্ৰীয় পথ পৰিবহণ ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰাই দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশীক আক্ৰমণ কৰি কয় যে এই সকলো মানুহ অৰবিন্দ কেজৰিৱালৰ পুতলা। পাঁচ মাহৰ আতিশী চৰকাৰৰ দিনত দিল্লীৰ কোনো পৰিৱৰ্তন নহয় বুলিও তেওঁ দৃঢ় দাবী কৰে। হৰ্ষ মালহোত্ৰাৰ দাবী, দিল্লীৰ জনসাধাৰণে এইবাৰ পৰিৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছে।

তেওঁ লগতে আপৰ সকলো নেতা দুৰ্নীতিৰ মাজত ডুব গৈছে বুলি অভিযোগ কৰি দিল্লীৰ জনসাধাৰণে এতিয়া সকলো বুজি পাইছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে সমান্তৰালকৈ দিল্লীত মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত লোকসকলক অগ্ৰাধিকাৰ দিবলৈও আতিশীক পৰামৰ্শ দিছে। তেওঁৰ মতে, বিগত ১০ বছৰে দিল্লীবাসী মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে।

আতিশীয়ে সেইসকল লোকক অগ্ৰাধিকাৰ ভিত্তিত সুবিধা প্ৰদান কৰিব লাগে বুলি পৰামৰ্শ দিয়ে মালহোত্ৰাই। ইয়াৰ বাবে আতিশীৰ হাতত কেইমাহমান বাকী আছে যদিও ইয়াৰ কোনো পৰিৱৰ্তন হ’ব যেন নালাগে বুলিও হৰ্ষ মালহোত্ৰাই দাবী কৰে। এনে কাৰণতে দিল্লীৰ জনসাধাৰণে পৰিৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়।

শেহতীয়াকৈ অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত দিল্লীৰ জনসাধাৰণে ইয়াৰ আভাস দিছে বুলিও আঙুলিয়াই দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। শেহতীয়া লোকসভা নিৰ্বাচনত দিল্লীৰ সাতখন আসনতে বিজেপিয়ে জয়লাভ কৰিছিল। অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ আৰু কংগ্ৰেছৰ মিত্ৰতা সত্ত্বেও বিৰোধীৰ মিত্ৰজোঁটে দিল্লীত এখনো আসনত জয়লাভ কৰিব পৰা নাছিল।

উল্লেখ্য যে দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ দুদিন পিছতে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদৰ বাবে আতিশীৰ নাম ঘোষণা কৰিছিল। আপৰ বিধায়িনী দলৰ বৈঠকতো সকলো বিধায়কে আতিশীৰ নামত অনুমোদন জনায়।

আতিশীৰ লগতে আপৰ আন পাঁচগৰাকী বিধায়ক গোপাল ৰায়, সৌৰভ ভৰদ্বাজ, কৈলাশ গেহলট, ইমৰাণ হুছেইন আৰু মুকেশ আহলাৱতেও আজি দিল্লী চৰকাৰৰ মন্ত্ৰী হিচাপে শপত লয়। উল্লেখ্য যে দিল্লী বিধানসভাৰ কাৰ্যকাল ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অন্ত পৰিব। এই সময়ছোৱালৈ আতিশী দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বত থাকিব।

Latest News