Delhi CM Rekha Gupta: ৰেখাক ভৰষা কৰি দিল্লীত শাসনৰ যো-জা ভাৰতীয় জনতা পাৰ্টীৰ
দিল্লী বিধানসভা নিৰ্বাচন-২০২৫ত শালিমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেখা । তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰে । প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে ৰেখা গুপ্তা ।

ৰেখা গুপ্তা
ঘোষণা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম । বুধবাৰে বিজেপি নেতৃত্বই ঘোষণা কৰে নতুন মুখ্যমন্ত্ৰীৰ নাম । এগৰাকী মহিলা বিধায়িকাক মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে গেৰুৱা দলটোৱে । তেওঁৰ নাম ৰেখা গুপ্তা । শালিমাৰ বাগ সমষ্টিৰ পৰা দিল্লী বিধানসভালৈ নিৰ্বাচিত ৰেখা গুপ্তাৰ হাতত এতিয়া দিল্লীৰ শাসনভাৰ । বৃহস্পতিবাৰে ৰামলীলা মৈদানত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই । তেওঁৰ লগতে শপত ল’ব আন ছগৰাকী মন্ত্ৰীয়েও ।
কোন এইগৰাকী ৰেখা গুপ্তা ?
দিল্লীৰ শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা ৰেখা গুপ্তা বিধায়িকা নিৰ্বাচিত হৈছে । প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে ৰেখা গুপ্তা । ১৯৭৪ চনৰ ১৯ জুলাইত হাৰিয়ানাৰ জুলানাত জন্মগ্ৰহণ কৰিছিল তেওঁ । ৰেখাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল । পিছলৈ মেনেজমেণ্ট এণ্ড আৰ্টছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।
ৰেখা গুপ্তাই ১৯৯৩ চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল । ১৯৯৬-১৯৯৭ চনত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভানেত্ৰী হয় । ২০০৭ আৰু ২০১২ চনত উত্তৰ পিতামপুৰা (৫৪ নং ৱাৰ্ড)ৰ পৰা পৌৰসভাৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হৈছিল । ইয়াৰ পিছত ২০২২ চনত দিল্লী পৌৰ নিগমৰ মেয়ৰ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনীত হয় ।
দিল্লী বিধানসভা নিৰ্বাচন-২০২৫ত শালিমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেখা । তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰে । ৰেখা গুপ্তাই তেওঁৰ এই বিজয়ৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ক্ষমতা বুলি কয় । তেওঁ কয় যে, দিল্লীৰ জনসাধাৰণে উন্নয়নৰ আশা কৰে ।
ৰেখা গুপ্তাৰ সাফল্য
ৰেখা গুপ্তাই ৰাজনৈতিক যাত্ৰাত নাৰী কল্যাণ, শিক্ষা সংস্কাৰ আৰু সম্প্ৰদায় উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । তেওঁ নিজৰ অঞ্চলত চুইমিং পুল, জিম, লাইব্ৰেৰী, কমিউনিটি হলৰ দৰে সুবিধা আগবঢ়াইছে । ইয়াৰ উপৰিও তেওঁ মহিলা আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ কৰে । মহিলা ভ্ৰুণ হত্যা আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা অভিযানো চলায় ৰেখা গুপ্তাই ।
বিধায়িনী দলৰ বৈঠকত তেওঁৰ নাম ঘোষণা কৰাৰ আগতেই তেওঁৰ ঘৰত উদযাপন আৰম্ভ হৈছিল । ইতিমধ্যে ৰেখা মুখ্যমন্ত্ৰী হ’ব বুলি দাবী কৰিছিল পৰিয়ালটোৱে । আনহাতে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবি শংকৰ প্ৰসাদ, ওম প্ৰকাশ ধনকাৰ আৰু নিৰ্বাচন প্ৰভাৰী বৈজয়ন্ত পাণ্ডাক দিল্লী বিধানসভাৰ নেতা নিৰ্বাচিত কৰিবলৈ আদৰণি জনায় ।