শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা… ২৭ বছৰৰ পিছত দেশৰ ৰাজধানীত বিজেপিৰ মুখ্যমন্ত্ৰী

দিল্লীৰ নতুন মুখ্যমন্ত্রীৰ নাম ঘোষণা বিজেপিৰ ৷ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব শালিমাৰ বাগৰ বিধায়িকা ৰেখা গুপ্তা। দলৰ দুয়োজন পৰ্যবেক্ষক ৰবি শংকৰ প্ৰসাদ আৰু ওম প্ৰকাশ ধনকাৰে এজন এজনকৈ বিধায়কৰ সৈতে কথা পাতি তাৰ পিছত ৰেখা গুপ্তাৰ নাম ঘোষণা কৰে।

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা… ২৭ বছৰৰ পিছত দেশৰ ৰাজধানীত বিজেপিৰ মুখ্যমন্ত্ৰী
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
barasha-misra
Barasha Misra | Updated On: 19 Feb 2025 23:40 PM

অশেষ জল্পনা-কল্পনাৰ অন্তত বিজেপি দলে ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম । দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব ৰেখা গুপ্তা । কাইলৈ দুপৰীয়া শপত ল’ব শালিমাৰ বাগৰ পৰা নিৰ্বাচিত বিধায়িকা ৰেখা গুপ্তাই। দলৰ পৰ্যবেক্ষক ৰবি শংকৰ প্ৰসাদ আৰু ওম প্ৰকাশ ধনকাৰে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে প্ৰতিজন বিধায়কৰ সৈতে কথা পাতিছিল আৰু তাৰ পিছত ৰেখা গুপ্তাৰ নাম ঘোষণা কৰে । ২৭ বছৰৰ মূৰত দিল্লীৰ বিধানসভা বিজেপিৰ দখললৈ আহিছে ।

বহু অপেক্ষাৰ অন্তত বুধবাৰে সন্ধিয়া বিজেপি বিধায়িনী দলৰ বৈঠকত ৰেখা গুপ্তাৰ নাম অনুমোদন জনোৱা হৈছিল । শালিমাৰ বাগৰ বিধায়িকা ৰেখা গুপ্তাক আজি মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হয় । ২৭ বছৰৰ পাছত দিল্লীত পুনৰ ক্ষমতালৈ অহাৰ সময়ত বিজেপিৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত ।

বিধায়িনী দলৰ বৈঠকত লোৱা সিদ্ধান্ত

বৈঠকত দলৰ জ্যেষ্ঠ নেতা ৰবিশংকৰ প্ৰসাদ আৰু ওম প্ৰকাশ ধনকাৰে এজন এজনকৈ বিধায়কসকলৰ সৈতে কথা পাতি সকলোৰে মতামত জনাৰ পাছত ৰেখা গুপ্তাৰ নাম ঘোষণা কৰে । ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ বাবে কেইবাটাও নাম সংবাদ মাধ্যমত প্ৰকাশ পাইছিল যদিও ৰেখা গুপ্তাই সকলোকে পিছ পেলাই এই দৌৰত জয়ী হয় । তেওঁৰ নাম ঘোষণাৰ লগে লগে দলৰ কাৰ্যালয়ত আনন্দময় পৰিৱেশৰ সৃষ্টি হয় আৰু সমৰ্থকসকলে আনন্দ-স্ফূৰ্তি কৰা দেখা যায় ।

ৰেখা গুপ্তাৰ ঘৰত আনন্দ

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা বিজেপি বিধায়িকা ৰেখা গুপ্তাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ । তেওঁৰ সমৰ্থকসকলে ঘৰৰ বাহিৰত একগোট হৈ তেওঁৰ পৰিয়ালৰ লোকক মালাৰে আদৰণি জনায় । ঢোল আৰু ফটকা ফুটাই উদযাপন কৰিছে বিজেপি কৰ্মীসকলে। ৰেখা গুপ্তা মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাক লৈ সমৰ্থকৰ মাজত উছাহৰ জোৱাৰ উঠিছে। কাইলৈ ​​পুৱা ১১ বজাত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰেখাই । ৰামলীলা মৈদানত হ’ব শপত গ্ৰহণৰ অনুষ্ঠান ।