Delhi new CM: দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ৰেখা গুপ্তাৰ, ২৭ বছৰ পাছত বিজেপিৰ হাতলৈ ৰাজধানীৰ বাঘজৰী…
Delhi new CM: দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৰেখা গুপ্তাই। দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ইয়াৰ পূৰ্বে সুষমা স্বৰাজ, শীলা দীক্ষিত আৰু আতিশীয়ে দিল্লীৰ শাসনভাৰ গ্ৰহণ কৰিছিল।

সুদীৰ্ঘ ২৭ বছৰৰ পাছত দিল্লীৰ বাঘজৰী আহিল বিজেপিৰ হাতলৈ। দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ৰেখা গুপ্তাই। সুষমা স্বৰাজ, শীলা দীক্ষিত, অতিশীৰ পাছত দিল্লীৰ চতুৰ্থগৰাকী মহিলা মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। আজিৰ এই বিশেষ দিনটো বিজেপিৰ বাবে ঐতিহাসিক হিচাপে পৰিগণিত হ’ব। কিয়নো কেন্দ্ৰত চৰকাৰ থকাৰ পাছতো বিজেপিয়ে ৰাজধানী নিজৰ হাতলৈ নিব পৰা নাছিল। কিন্তু অৱশেষত দিল্লীৰ কামান ল’লে বিজেপিয়ে। আজিৰ শপত গ্ৰহণ অনুষ্ঠানত ৰেখা গুপ্তাৰ লগতে ৬ গৰাকীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দিল্লীৰ ৰামলীলা ময়দানত প্ৰবেশ ভাৰ্মা, আশীষ ছুদ, মঞ্জিন্দৰ সিং ছিৰছা, কপিল মিশ্ৰ, ৰবীন্দ্ৰ ইন্দ্ৰৰাজ আৰু পংকজ সিঙেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
ৰেখা গুপ্তা
২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত ৰেখা গুপ্তাই গৰিষ্ঠসংখ্যক ভোটত জয়লাভ কৰিছিল। বিজেপিৰ বাবে দিল্লী বিজয় সহজ কথা নাছিল। ২৭ বছৰ পাছত বিজেপিয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই বিজয়ৰ পাছত মুখ্যমন্ত্ৰী নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ সন্মুখত আন এক সংকতে দেখা দিছিল। অৱশেষত, বহু জল্পনা-কল্পনাৰ অন্তত বিজেপিয়ে ক্ষমতাৰ বাঘজৰী অৰ্পণ কৰে ছাত্ৰ ৰাজনীতিৰ পৰা ওলাই অহা ৰেখা গুপ্তাৰ হাতত।
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈ ৰেখা গুপ্তাই মুখ্যমন্ত্ৰী পদ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে তেওঁ তিনিবাৰকৈ কাউন্সিলাৰ আৰু দিল্লী বিশ্ব বিদ্যালয়ৰ সাধাৰণ সম্পাদিকা আছিল। ৰেখা গুপ্তাই পূৰ্বে দুবাৰকৈ শলিমাৰ বাগৰ বিধানসভা সমষ্টিৰ পৰা পৰাজয় বৰণ কৰিছিল। কিন্তু গুপ্তাৰ ওপৰত আস্থা প্ৰকাশ কৰি তৃতীয়বাৰৰ বাবে বিজেপিয়ে তেওঁক টিকট প্ৰদান কৰিছিল। এইবাৰ দলৰ বিশ্বাস আৰু আশাত উপনীতি হৈ ৰেখাই জয়লাভ কৰিবলৈ সক্ষম হয়।
৩ দলৰ শাসন
দিল্লীৰ ৰাজনীতিত এতিয়ালৈতে ৩ টাকৈ দলে শাসন কৰি আহিছে। কংগ্ৰেছ, আম আদমী পাৰ্টি আৰু বিজেপি। এই তিনিওটা দলে ৰাজ্যখনৰ দায়িত্ব এবাৰ হ’লেও মহিলাৰ হাতত প্ৰদান কৰিছে। কংগ্ৰেছৰ পৰা ১৫ বছৰ ধৰি শীলা দীক্ষিতে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰোপৰি শেহতীয়াকৈ অৰবিন্দ কেজৰিৱাল জেললৈ যোৱাৰ পাছত আতিশীয়ে দিল্লীৰ দায়িত্ব গ্ৰহণ কৰিছিল। আতিশী ১৫২ দিন দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰোপৰি বিজেপিয়ে সুষমা স্বৰাজৰ হাতত পূৰ্বে শাসনৰ বাঘজৰী প্ৰদান কৰিছিল আৰু এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰিছে ৰেখা গুপ্তাক।
এই তিনিওটা দলে মহিলা মুখ্যমন্ত্ৰী পাতি দিল্লীৰ মহিলাসকলক আকৰ্ষিত কৰি অহাৰ চেষ্টা কৰিছে। এক কথাত দিল্লীৰ মহিলাসকল হৈ পৰিছে ক্ষমতা নিৰ্ণায়ক ভোটাৰ। দিল্লীত চৰকাৰ গঠনৰ ক্ষেত্ৰত মহিলা ভোটাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বিগত কেইটামান বছৰত কেজৰিৱালে মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰা, মহিলা সুৰক্ষা কাৰ্যসূচী আৰু মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত হৈছিল। এনে কাৰ্যসূচীসমূহৰ বাবে আপে দিল্লীত মজবুতস্থিতি ৰক্ষা কৰিবলৈ সামৰ্থ হৈছিল।
২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনতো মহিলা ভোটাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হয়। সেয়ে হয়তো বিজেপিয়ে ৰেখা গুপ্তাৰ হাতত দিল্লীৰ বাঘজৰী অৰ্পন কৰিছে। এনে পৰিস্থিতিত ৰেখা গুপ্তাক এগৰাকী সাধাৰণ আৰু কোমল অন্তৰৰ মহিলা বুলি উপস্থাপন কৰি বিজেপিয়ে মহিলা ভোট বেংক তৈয়াৰ কৰাৰ চেষ্টা কৰিব আৰু এই শাসন অব্যাহত ৰখাৰ ৰণনীতি চলাই যাব…