5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মোৰ মনত বহুত দুখ আছে, মোক অভিনন্দন নিদিবঃ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী

আম আদমী পাৰ্টিতে কেৱল এনেকুৱা হ'ব পাৰে য'ত প্ৰথমবাৰৰ বিধায়িকা এগৰাকীক মুখ্যমন্ত্ৰীৰ পদ দিয়া হয়। মই বহুত সুখী যে অৰবিন্দ কেজৰিৱালে মোক বিশ্বাস কৰিছে।

মোৰ মনত বহুত দুখ আছে, মোক অভিনন্দন নিদিবঃ দিল্লীৰ নতুন মুখ্যমন্ত্ৰী আতিশী
আতিশী মাৰ্লেনা
Follow Us
barasha-sarma
Barasha Sarma | Published: 17 Sep 2024 16:00 PM

দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনাৰ নাম ঘোষণা হোৱাৰ পাছতেই আপৰ মন্ত্ৰীগৰাকীয়ে প্ৰথম সম্বোধন ৰাখি মত ব্যক্ত কৰে। তেওঁ কয়, আজি মই যিমান সুখী তাতকৈ বেছি দুখী। মুখ্যমন্ত্ৰী হোৱাৰ বাবে মোক শুভেচ্ছা জ্ঞাপন নকৰিব। মালাও নিপিন্ধো মই। তেওঁ এয়াও কয় যে, অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰাৰ বাবে দিল্লীৰ জনতাই দুখ পাইছে।  বিজেপিয়ে ৰচা ষড়যন্ত্ৰৰ বাবে নিৰাশ হৈছে দিল্লীবাসী।

আতিশীয়ে কয়, ‘প্ৰথমে মই অৰবিন্দ কেজৰিৱালক ধন্যবাদ জনাইছো যিয়ে মোক ইমান ডাঙৰ দায়িত্ব দিছে। কেজৰিৱালে মোক বিশ্বাস কৰে। ইয়াৰ বাবে মোৰ নেতা আৰু গুৰু কেজৰিৱালক ধন্যবাদ।” তেওঁ লগতে কয়, আম আদমী পাৰ্টিতে কেৱল এনেকুৱা হ’ব পাৰে য’ত প্ৰথমবাৰৰ বিধায়িকা এগৰাকীক মুখ্যমন্ত্ৰীৰ পদ দিয়া হয়। মই বহুত সুখী যে অৰবিন্দ কেজৰিৱালে মোক বিশ্বাস কৰিছে। আনাহাতে এই ক্ষেত্ৰত দুখো আছে যে অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিছে।

বিজেপিক কটাক্ষ কৰি আতিশীয়ে কয়, দিল্লীত মাত্ৰ এজনেই মুখ্যমন্ত্ৰী আছে, আৰু তেওঁ হ’ল অৰবিন্দ কেজৰিৱাল। বিজেপিয়ে সৎ ব্যক্তি এজনৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰিছে। সেই ভুৱা গোচৰতেই কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি ৬ মাহ জেলত ৰাখিলে। কিন্তু উচ্চতম ন্যায়ালয়ে কেজৰিৱালক কেৱল জামিন দিয়াই নহয়, বিজেপিৰ মুখত এটা প্ৰচণ্ড চৰ সোধালে।

ভাষণত আতিশীয়ে অৰবিন্দ কেজৰিৱালৰ প্ৰশংসা কৰি কয় যে, অন্য কোনোবা হ’লে পদত্যাগ নকৰিলহেতেন। কিন্তু ইতিহাসত প্ৰথমবাৰৰ বাবে অৰবিন্দ কেজৰিৱালে জনতাৰ আদালতলৈ যাব বুলি কৈছে। লগতে কেজৰিৱালে এয়াও কৈছে যে যদি জনতাই তেওঁক সৎ  বুলি ভাৱে তেতিয়াহে মুখ্যমন্ত্ৰীৰ চকীত বহিব। দিল্লীবাসীয়ে বিজেপিৰ ষড়যন্ত্ৰৰ বাবে ক্ষোভিত হৈ পৰিছে আৰু পুনৰ অৰবিন্দ কেজৰিৱালকে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিব বিচাৰি আছে।

তেওঁ কয়, দিল্লীবাসীয়ে জানে যে অৰবিন্দ কেজৰিৱাল নহ’লে দিল্লীত বাল শিক্ষা, বিনামূলীয়া বিদ্যুত, হাস্পাতাল আদিৰ সুবিধাসমূহ লাভ নকৰে। কেজৰিৱাল এগৰাকী আদৰ্শবাদী নেতা। অৰবিন্দ কেজৰিৱালক পুনৰবাৰ মুখ্যমন্ত্ৰীৰ চকীত বহোৱাৰ বাবে সকলো চেষ্টায়ে কৰিম। এয়াই মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ প্ৰধান কাম হ’ব বুলি তেওঁ কয়। লগতে কয় যে, বিজেপি আৰু এলজিযে যি আঁচনি বন্ধ কৰিছিল সেয়া পুনৰ আৰম্ভ কৰাৰ চেষ্টা কৰি দিল্লীবাসীক ৰক্ষা কৰিম।

উল্লেখ্য যে, আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা অৰবিন্দ কেজৰিৱাল তিহাৰ জেলৰ পৰা ওলাই আহিয়েই পদত্যাগৰ কথা ঘোষণা কৰিছিল। কেজৰিৱালে কৈছিল যে, তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ থকা বাবে পদত্যাগ কৰিছে। যদি জনতাই তেওঁক সৎ বুলি ভাৱে তেন্তে ভোট দি পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহাব। মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগৰ পাছতেই এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰীৰ চকীত বহিব আতিশী মাৰ্লেনা।

Latest News