প্ৰচণ্ড বৰষুণ দিল্লীত ! কোচিং চেণ্টাৰ পানীৰে ভৰি পৰাত প্ৰাণ হেৰুৱালে ৩ গৰাকী ছাত্ৰীৰ

দিল্লীৰ আৰক্ষীয়ে সদৰী কৰা মতে,ধাৰাসাৰ বৰষুণৰ ফলত বেছমেণ্ট পানীৰে ভৰি পৰিছিল। উদ্ধাৰ অভিযান অব্যাহত আছে । ইযাৰ লগতে সেই ঠাইৰ পৰা পানী ওলাবলৈ সময় লাগিব বুলিও সদৰী কৰে দিল্লীৰ আৰক্ষীয়ে । ইয়াৰ লগতে এই ঘটনাত তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

প্ৰচণ্ড বৰষুণ দিল্লীত ! কোচিং চেণ্টাৰ পানীৰে ভৰি পৰাত প্ৰাণ হেৰুৱালে ৩ গৰাকী ছাত্ৰীৰ

এনডিআৰএফ আৰু দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে

Updated On: 

28 Jul 2024 06:44 AM

প্ৰচণ্ড বৰযুণৰ ফলত ৰাজধানী দিল্লীৰ কেইবাটা অঞ্চল পানীত বুৰ গৈছে । ইফালে, পুৰণি ৰাজেন্দ্ৰ নগৰৰ এটা কোচিং চেণ্টাৰৰ বেছমেণ্টত হঠাতে পানীৰে ভৰি পৰে । ইয়াৰ ফলত ৩ গৰাকী ছাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে । উক্ত স্থানত নিশাৰ পৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰে এন ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে ।

এই ঘটনা সন্দৰ্ভত দিল্লীৰ আৰক্ষীয়ে সদৰী কৰা মতে,ধাৰাসাৰ বৰষুণৰ ফলত বেছমেণ্ট পানীৰে ভৰি পৰিছিল। উদ্ধাৰ অভিযান অব্যাহত আছে । ইযাৰ লগতে সেই ঠাইৰ পৰা পানী ওলাবলৈ সময় লাগিব বুলিও সদৰী কৰে দিল্লীৰ আৰক্ষীয়ে । ইয়াৰ লগতে এই ঘটনাত তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

ঘটনা সন্দৰ্ভত নতুন দিল্লীৰ সাংসদ বনছুৰী স্বৰাজে দাবী কৰিছে যে, বিদ্যুৎস্পৃষ্ট হৈ তিনি শিশুৰ মৃত্যু হৈছে। এই ঘটনা সন্দৰ্ভত দিল্লী চৰকাৰে দণ্ডাধীশৰ তদন্তৰ নিৰ্দেশ দিছে। ইফালে, বৰষুণৰ পিছত দিল্লীৰ একাংশ অঞ্চলত পানী জমা হোৱা আৰু গছ উভালি পৰাৰ বাবে ৰাইজক যাতায়তৰ বাবে বিকল্প পথ অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

এই ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে বিবৃতিত কয়, কোচিং চেণ্টাৰৰ বেছমেণ্টত আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীক উদ্ধাৰৰ বাবে উদ্ধাৰৰ কাম পূৰ্ণগতিত চলি আছে। এন ডি আৰ এফৰ বাহিনী জড়িত হৈ আছে । বেছমেণ্টটো সম্পূৰ্ণৰূপে পানীৰে ভৰি পৰিছে।

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?