আজি পঞ্চভূতত বিলীন হ’ব মনমোহন সিঙৰ নশ্বৰ দেহঃ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃতদেহৰ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব। নতুন দিল্লীৰ নিগমবোধ ঘাটত ১১:৪৫ বজাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী যান-বাহন আৰক্ষীয়ে এক নিৰ্দেশনা জাৰি কৰিছে।

যোৱা বৃহস্পতিবাৰে নিশা দেহাৱসান ঘটা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃতদেহৰ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব। নতুন দিল্লীৰ নিগমবোধ ঘাটত ১১:৪৫ বজাত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনৰ এই অন্তিম যাত্ৰাত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বসহ বহু কেইগৰাকী ৰাজনৈতিক নেতা তথা গণ্যমান্য ব্যক্তি নিগমবোধ ঘাটত সমবেত হ’ব। ইফালে এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী যান-বাহন আৰক্ষীয়ে এক নিৰ্দেশনা জাৰি কৰিছে।
এই নিৰ্দেশনা যোগে দিল্লী যান-বাহন আৰক্ষীয়ে নতুন দিল্লীৰ বহুকেইটা প্ৰধান পথত যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই পথসমূহ পৰিহাৰ কৰি ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈও সকলোকে আহ্বান জনোৱা হৈছে। এই নিৰ্দেশনাত কোৱা হৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া উপলক্ষে বহু গণ্যমান্য ব্যক্তি তথা ভিআইপি/ভিভিআইপি আৰু সাধাৰণ জনতা নিগমবোধ ঘাটলৈ আহিব।
সেয়ে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰি এই পথসমূহ পৰিহাৰ কৰি যানজঁট কমাব লাগে বুলি নিৰ্দেশনাত কোৱা হৈছে। এই নিৰ্দেশনা অনুসৰি ডাইভাৰচন পথসমূহৰ ভিতৰত আছে ৰাজা ৰাম কোহলী মাৰ্গ, ৰাজঘাট ৰেড লাইট, চিগনেচাৰ ব্ৰীজ আৰু যুধিষ্ঠিৰ সেতু।
দিল্লী যান-বাহন আৰক্ষীৰ তথ্য অনুসৰি পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰিং ৰোড (মহাত্মা গান্ধী মাৰ্গ), নিষাদ ৰাজ মাৰ্গ, বলিভাৰ্ড ৰোড, এছ পি এম মাৰ্গ, লোথিয়ান ৰোড আৰু নেতাজী সুভাষ মাৰ্গত যান-বাহন নিষেধাজ্ঞা আৰু ডাইভাৰচন আৰোপ কৰিব পাৰে। এই পথসমূহৰ লগতে যিবোৰ অঞ্চলৰ মাজেৰে মনমোহন সিঙৰ নশ্বৰ দেহ পাৰ হ’ব সেইবোৰ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
একে সময়তে পুৰণি দিল্লী ৰে’লৱে ষ্টেচন, আই এছ বি টি, লালকিল্লা, চান্দনী চক আৰু তিছ হাজাৰী আদালতলৈ যোৱা যাত্ৰীসকলক পথত বিলম্ব হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত সময়সহ যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। পথৰ যানজঁট হ্ৰাস কৰিবলৈ ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰাৰ পৰামৰ্শও দিয়া হৈছে। কেৱল নিৰ্দিষ্ট পাৰ্কিং স্থানতহে বাহন ৰখাবলৈ আৰু পথৰ কাষত পাৰ্কিং কৰাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে।
ইয়াৰ উপৰিও সন্দেহজনক পৰিস্থিতিত কোনো অস্বাভাৱিক বা অচিনাকি বস্তু বা ব্যক্তি দেখা পালে তৎকালীনভাৱে আৰক্ষীক অৱগত কৰিবলৈ জনসাধাৰণক অনুৰোধ জনোৱা হৈছে। উল্লেখ্য যে পুৱা ৯.৩০ বজাৰ পিছত মনমোহন সিঙৰ অন্তিম বিদায়ৰ প্ৰস্তুতি আৰম্ভ হ’ব। নিজা বাসগৃ্হৰ পৰা ইতিমধ্যে মনমোহন সিঙৰ নশ্বৰ দেহ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হৈছে। কংগ্ৰেছ কাৰ্যালয়ত সাধাৰণ ৰাইজ আৰু দলীয় কৰ্মীসকলে তেওঁৰ প্ৰতি অন্তিম শ্ৰদ্ধা জনাব।