Delhi Air Pollution: দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ! দীপাৱলীৰ আতচবাজীৰ পিছত বিষাক্ত হৈ পৰে দিল্লীৰ আকাশ-বতাহ

দেশৰ ৰাজধানী দিল্লী এতিয়া বায়ু প্ৰদূষণৰ কৱলত পৰিছে। বৃহস্পতিবাৰে সমগ্ৰ দেশতে উদযাপন কৰা দীপাৱলী। এই উৎসৱৰ সময়ত জ্বলোৱা বৃহৎ আতচবাজীৰ ফলত ইতিমধ্যে দিল্লীৰ বতাহ অধিক বিষাক্ত হৈ পৰিছে। দিল্লীৰ বায়ুৰ মান অতি নিম্ন শ্ৰেণীত উপনীত হৈছে। ৰাজধানীত পুৱা ৫ বজাত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৩৬০ত হৈছে।

Delhi Air Pollution: দিল্লীত ভয়ংকৰ বায়ু প্ৰদূষণ! দীপাৱলীৰ আতচবাজীৰ পিছত বিষাক্ত হৈ পৰে দিল্লীৰ আকাশ-বতাহ

ভয়ংকৰ বায়ু প্ৰদূষণ দিল্লীত!

Updated On: 

01 Nov 2024 07:18 AM

ৰাজধানী দিল্লীত যোৱা কেইদিনমান ধৰি ধোঁৱাৰ ডাৱৰ আছে আৰু মানুহে বিষাক্ত বতাহত উশাহ ল’বলৈ বাধ্য হৈছে। একে সময়তে, এতিয়া দেৱালীৰ পিছত, পৰিস্থিতি অধিক অৱনতি ঘটিছে। দেৱালীত হোৱা বৃহৎ আতচবাজীৰ বাবে সকলো ঠাইতে ধোঁৱা দেখা গৈছে।

আতচবাজীৰ বাবে দিল্লীৰ বায়ুৰ গুণাগুণ অতি নিম্ন শ্ৰেণীত উপনীত হৈছে। পুৱা ৫ বজাত বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৩৬০ হৈছে। দীপাৱলীৰ পিছত দিল্লীৰ বহু ঠাইত ধোঁৱাৰ তৰপ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও পথৰ বিভিন্ন স্থানত ফটকাৰ অৱশিষ্টও দেখা যায়। চাৰিওদিশে এতিয়া ধুঁৱলি-কুঁৱলী পৰিৱেশৰ সৃষ্টি হৈছে। আতচবাজীৰ ধোৱাৰ ফলত বায়ু ডাঠ হৈ পৰাৰ বাবে ৰাজধানীত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

দিল্লীৰ বতাহ বিষাক্ত হৈ পৰে

দিল্লীৰ আনন্দ বিহাৰকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ AQI গুৰুতৰ শ্ৰেণীত উপনীত হৈছে। দিল্লীৰ জনসাধাৰণৰ হাতত বিষাক্ত বতাহত উশাহ লোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। যোৱা বছৰ দীপাৱলীৰ দিনা আকাশ পৰিষ্কাৰ আছিল আৰু AQIস্পৰ্শ কৰিছে ২১৮। ইয়াৰ বিপৰীতে এইবাৰ দেৱালীৰ দিনা চহৰখনত প্ৰদূষণৰ মাত্ৰা পুনৰ শিখৰত উপনীত হৈছে। দিল্লীত AQI দেৱালীৰ আগতেও ৪০০ৰ ওপৰত আছিল, কিন্তু দেৱালীৰ পিছত পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰিছে।

ক’ত কিমান AQI?

আনন্দ বিহাৰ – ৭১৪
চিৰিফৰ্ট – ৪৮০
গুৰুগ্ৰাম – ১৮৫
ডিফেন্স কলনী – ৬৩১
নয়ডা- ৩৩২
শ্বাহাদৰা – ১৮৩
নজফগড় – ২৮২
পাটপাৰগঞ্জ – ৫১৩

ফটকা নিষিদ্ধ কৰাৰ পিছতো কোনো প্ৰভাৱ দেখা নগ’ল

ৰাজধানীত শস্যৰ অৱশিষ্ট জ্বলোৱা আৰু যান-বাহনৰ পৰা অহা ধোঁৱাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। এই বিপদৰ পৰা হাত সাৰিবলৈ দিল্লী চৰকাৰে দেৱালীৰ পূৰ্বে ফটকা নিষিদ্ধ কৰিবলৈ ৩৭৭ টা প্ৰৱৰ্তনকাৰী দল গঠন কৰা হৈছিল। ইয়াৰ লগতে সজাগতা বিয়পোৱাৰ কামো কৰিছিল। কিন্তু তাৰ পিছতো দিল্লীৰ বতাহত কোনো প্ৰভাৱ দেখা নগ’ল। পূৱ আৰু পশ্চিম দিল্লীৰ অঞ্চলত ব্যাপক হাৰত নিষেধাজ্ঞা উলংঘা কৰাৰ খবৰ পোৱা গৈছে।

যোৱা ২৪ ঘণ্টাত দিল্লীৰ গড় AQI ৩৩০, যিটো পূৰ্বৰ দিনটোত আছিল ৩০৭। এই বিষাক্ত বায়ু উশাহ ল’লে স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব। বিশেষকৈ শিশু, বৃদ্ধ আৰু যিসকল লোকে ইতিমধ্যে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সন্মুখীন হৈছে তেওঁলোকে অধিক সমস্যাৰ সন্মুখীন হয়। বায়ু প্ৰদূষণৰ ফলত ঠায়ে ঠায়ে শিশু আৰু বৃদ্ধসকলৰ শ্বাস প্ৰশ্বাসজনিত আৰু চকুৰ সমস্যায়ে দেখা দিছে। দিল্লীত দীপাৱলী উপলক্ষে ২০২২ চনত ৩১২, ২০২১ চনত ৩৮২, ২০২০ চনত ৪১৪, ২০১৯ চনত ৩৩৭, ২০১৮ চনত ২৮১, ২০১৭ চনত ৩১৯ আৰু ২০১৬ চনত ৪৩১ AQI হৈছে।

 

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস