Delhi Secretariat: ছীল কৰা হ’ল দিল্লীৰ সচিবালয়, পূৰ্বৰ অনুমতি অবিহনে নিব নোৱাৰিব কোনো ফাইল, নথি-পত্ৰ

বিভিন্ন ৰেকৰ্ড সুৰক্ষিত ৰখাৰ স্বাৰ্থত দিল্লী সচিবালয় ছীল কৰা হৈছে। বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত ৰাজধানীত শাসন ব্যৱস্থা সলনি হোৱাৰ কথা স্পষ্ট হোৱাৰ লগে লগে শনিবাৰে দিল্লী চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ।

Delhi Secretariat: ছীল কৰা হল দিল্লীৰ সচিবালয়, পূৰ্বৰ অনুমতি অবিহনে নিব নোৱাৰিব কোনো ফাইল, নথি-পত্ৰ

ফাইল ফটো

Published: 

08 Feb 2025 21:01 PM

হঠাতে ছীল কৰা হ’ল দিল্লী সচিবালয় । ২৭ বছৰৰ পাছত দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সাজু হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইয়াৰ লগতে দিল্লীৰ সচিবালয়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । কিন্তু হঠাতে এই সিদ্ধান্ত কিয় গ্ৰহণ কৰা হৈছে ?

প্ৰকাশিত খবৰ অনুসৰি, বিভিন্ন ৰেকৰ্ড সুৰক্ষিত ৰখাৰ স্বাৰ্থত দিল্লী সচিবালয় ছীল কৰা হৈছে। বিধানসভাৰ নিৰ্বাচনৰ ফলাফলত ৰাজধানীত শাসন ব্যৱস্থা সলনি হোৱাৰ কথা স্পষ্ট হোৱাৰ লগে লগে শনিবাৰে দিল্লী চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এক নিৰ্দেশত কয় যে, অভিলেখৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পূৰ্বৰ অনুমতি অবিহনে কোনো ফাইল, নথি-পত্ৰ বা কম্পিউটাৰ দিল্লী সচিবালয়ৰ পৰা বাহিৰলৈ লৈ যাবলৈ দিয়া নহ’ব।

দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ নিৰ্দেশত সাধাৰণ প্ৰশাসন বিভাগে মন্ত্ৰী পৰিষদৰ সকলো বিভাগ, সংস্থা, কেম্পৰ কাৰ্যালয়ক বিভাগৰ পূৰ্বৰ অনুমতি অবিহনে কোনো ৰেকৰ্ড বা ফাইল আঁতৰাই নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। আজিৰ দিনটোত প্ৰকাশ পোৱা শেহতীয়া নিৰ্বাচনী ফলাফল ধাৰা অনুসৰি ২৭ বছৰৰ পাছত দিল্লীত পুনৰ চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে বিজেপি।

বিভিন্ন বিভাগৰ মুৰব্বী আৰু দায়িত্বত থকা জিএডিৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, দিল্লী সচিবালয় কমপ্লেক্সৰ বাহিৰলৈ ইয়াৰ পূৰ্বৰ অনুমতি অবিহনে কোনো ফাইল, নথি-পত্ৰ, কম্পিউটাৰ হাৰ্ডৱেৰ আদি লৈ যাব নোৱাৰিব।

তথ্য আৰু প্ৰচাৰ সঞ্চালকালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, সচিবালয়খনে পূৰ্বৰ দৰেই স্বাভাৱিকভাৱে কাম কৰি আছে আৰু নিশ্চিত কৰা হৈছে যে, কমপ্লেক্সটোৰ কোনো কাৰ্যালয়ৰ পৰা কোনো চৰকাৰী কাগজ-পত্ৰ, ফাইল, ৰেকৰ্ড, ডাটা, লেপটপ আৰু কম্পিউট আদি কোনোৱে আঁতৰাই নিদিয়ে।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ