“সকলো পাকিস্তানীক চিনাক্ত কৰক”, সকলো ৰাজ্য়ৰ মুখ্যমন্ত্ৰীলৈ গৃহমন্ত্ৰীৰ ফোন…
সকলো ৰাজ্যৰ মুখ্য়মন্ত্ৰীলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা গৃহমন্ত্ৰী অমিত শ্বাহৰ । ইতিমধ্যে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ফোন যোগে কথা পাতিছে অমিত শ্বাহে । একে সময়তে পহলগাম আক্ৰমণৰ দোষীক শাস্তিৰ দাবী উত্থাপন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ।

অতি সোনকালে নিজ নিজ ৰাজ্যত থকা পাকিস্তানী নাগৰিকক চিনাক্ত কৰা ব্যৱস্থা কৰিব লাগিব মুখ্যমন্ত্ৰীসকলে । ইতিমধ্যে সকলো মুখ্য়মন্ত্ৰীক এইলৈ নিৰ্দেশ দিছে গৃহমন্ত্ৰী অমিত শ্বাহে । সূত্ৰৰ খবৰ অনুসৰি, গৃহমন্ত্ৰীগৰাকীয়ে প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে এই সন্দৰ্ভত কথা পাতিছে । ফোন যোগে প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোৱা হৈছে যে, নিজ নিজ ৰাজ্যৰ সকলো পাকিস্তানী নাগৰিকক চিনাক্ত কৰি পাকিস্তানলৈ তৎকালীনভাৱে বিতাড়ন নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে।
ইফালে, পহলগাম আক্ৰমণৰ দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে(NHRC) । একে সময়তে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে। লগতে এই আক্ৰমণত নিৰীহ লোকৰ মৃত্যু আৰু আহত হোৱাকলৈ উদ্বেগ প্ৰকাশ কৰিছে আয়োগে। আয়োগে উল্লেখ কৰিছে যে, এই আক্ৰমণে মানৱ অধিকাৰ উলংঘা আৰু ই সমাজত ভয় আৰু সন্ত্ৰাস বিয়পাই দিছে।
Union Home Minister Amit Shah is speaking to all chief ministers on the issue, asking them to identify all Pakistan nationals in their respective states and take steps to ensure their prompt return to Pakistan: Sources pic.twitter.com/7MgHqkmRoe
— ANI (@ANI) April 25, 2025
NHRC য়ে এই আক্ৰমণৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। আহতসকলৰ চিকিৎসাৰ লগতে তেওঁলোকৰ পৰিয়ালক সাহায্য প্ৰদানৰ বাবেও আয়োগে আহ্বান জনাইছে ।
যোৱা ২২ এপ্ৰিলত দক্ষিণ কাশ্মীৰৰ পহলগামৰ পৰ্যটনস্থলীত সাধাৰণ নাগৰিকৰ ওপৰত ভয়াৱহ আক্ৰমণ সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে । এই আক্ৰমণত ২৬ জন লোক নিহত হয় আৰু বহু লোক আহত হয় । ইতিমধ্যে পাকিস্তানস্থিত নিষিদ্ধ লস্কৰ-ই-তৈবা (LeT)ৰ সমৰ্থিত ৰেজিষ্টেন্স ফ্ৰণ্টে (টি আৰ এফ)য়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।
ইফালে, এই আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক আক্ৰমণ ঘোষণা কৰিছে ভাৰত চৰকাৰে । তাৰ অংশ হিচাপে পাকিস্তানী নাগৰিকৰ ভিজা বাতিলকে ধৰি, পাকিস্তানী নাগৰিকক বিতাড়ন, সিদ্ধু জল চুক্তি অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখাৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ।