Devendra Fadnavis : নাম চূড়ান্ত কৰিলে বিজেপিয়ে, কাইলৈ শপত ল’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে…
কাইলৈ বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জনিব পৰা গৈছে । আজিৰ দিনটোত মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰিছে বিজেপিয়ে ।
সকলো জল্পনা-কল্পনা অন্ত পেলাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে । দক্ষিণৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নাবিছে । কাইলৈ বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বুলি সূত্ৰৰ পৰা জনিব পৰা গৈছে । আজিৰ দিনটোত মহাৰাষ্ট্ৰৰ মুখ্য়মন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰিছে বিজেপিয়ে ।
মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছৰে পৰা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদকলৈ বিভিন্ন কথা বতৰা আলোচনা তথা চৰ্চা হৈছিল । মহাযুতিৰ তিনিজন অংশীদাৰ বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাবিছ, শিৱসেনাৰ একনাথ সিন্দে আৰু এন চি পিৰ অজিত পাৱাৰ আটাইকেইজনেই মুখ্যমন্ত্ৰী পদৰ প্ৰতিদ্বন্দ্বী বুলি চৰ্চা আৰম্ভ হৈছিল । অজিত পাৱাৰে মুখ্যমন্ত্ৰী পদৰ দৌৰৰ পৰা আঁতৰি আহিলেও প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দে নিজৰ স্থিতিত অটল হৈ আছিল ।
অৱশেষত একনাথ সিন্দেও মুখ্যমন্ত্ৰী দৌৰৰ পৰা আঁতৰি আহে । শেষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰে বিজেপিয়ে । সূত্ৰ খবৰ অনুসৰি, গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে বিজেপিৰ এক বৈঠকত দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম পৰামৰ্শ দিছিল। বিজেপিৰ সকলো নেতাই এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে।
সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত শপত গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে । একনাথ সিন্দে আৰু অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অৱশ্যে কেবিনেট গঠন সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। প্ৰতি ৫ জন বিধায়কৰ বিপৰীতে এজন মন্ত্ৰীৰে মহাৰাষ্ট্ৰৰ কেবিনেট গঠন কৰাৰ সম্ভাৱনা আছে । নতুন চৰকাৰত বিজেপিৰ পৰা ২০ জন মন্ত্ৰী থাকিব পাৰে। শিৱসেনাৰ ১৩জন আৰু অজিত পাৱাৰৰ দলৰ ৯ জন বিধায়কক মন্ত্ৰী পদ দিয়াৰ সম্ভাৱনা।
লগতে পঢ়ক : Maharashtra Chief Minister : আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম ! কোন দলে কেইজন মন্ত্ৰী পাব…?