5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হাছিনাক বিচাৰিছে ঢাকাই ! ভাৰত-বাংলাদেশৰ মাজৰ প্ৰত্যাৰ্পণ চুক্তিৰ বিধান কি ?

ভাৰত-বাংলাদেশৰ মাজত ২০১৩ চনত স্বাক্ষৰিত হৈছিল প্ৰত্যাৰ্পণ চুক্তি । চুক্তি স্বাক্ষৰ কৰাৰ সময়ত দুয়োখন দেশে আশা প্ৰকাশ কৰিছিল যে, এতিয়াৰে পৰা এখন দেশৰ অপৰাধীয়ে আন এখন দেশত আশ্ৰয় লোৱাৰ প্ৰৱণতা কমি যাব । এই চুক্তিৰ উদ্দেশ্য় আছিল সীমা অতিক্ৰম কৰা বিদ্ৰোহ আৰু সন্থাসবাদৰ সৈতে মোকাবিলা কৰা ।

হাছিনাক বিচাৰিছে ঢাকাই ! ভাৰত-বাংলাদেশৰ মাজৰ প্ৰত্যাৰ্পণ চুক্তিৰ বিধান কি ?
শ্বেখ হাছিনাImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 24 Dec 2024 13:51 PM

বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ পাছৰে ভাৰতত আশ্ৰয় গ্ৰহণ কৰি আছে দেশখনৰ পদচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । ভাৰতৰ পৰা শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণৰ বাবে ইতিমধ্যে বাংলাদেশৰ পৰা ভাৰতলৈ কূটনৈতিক পত্ৰ প্ৰেৰণ কৰিছে । ভাৰতেও এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও পত্ৰ লাভ কৰাৰ কথাটো নিশ্চিত কৰিছে । বাংলাদেশৰ গৃহ উপদেষ্টা জাহাংগীৰ আলমে কয় যে, ঢাকা আৰু নতুন দিল্লীৰ মাজত ইতিমধ্যে প্ৰত্যাৰ্পণ চুক্তি আছে আৰু ইয়াৰ অধীনত হাছিনাক বাংলাদেশলৈ ঘূৰাই অনা হ’ব পাৰে।

ভাৰত-বাংলাদেশৰ মাজত ২০১৩ চনত স্বাক্ষৰিত হৈছিল প্ৰত্যাৰ্পণ চুক্তি । চুক্তি স্বাক্ষৰ কৰাৰ সময়ত দুয়োখন দেশে আশা প্ৰকাশ কৰিছিল যে, এতিয়াৰে পৰা এখন দেশৰ অপৰাধীয়ে আন এখন দেশত আশ্ৰয় লোৱাৰ প্ৰৱণতা কমি যাব । এই চুক্তিৰ উদ্দেশ্য় আছিল সীমা অতিক্ৰম কৰা বিদ্ৰোহ আৰু সন্থাসবাদৰ সৈতে মোকাবিলা কৰা । ২০১৬ এই চুক্তিখনৰ কিছু নিয়ম সংশোধন কৰা হয় । এই সংশোধনৰ লক্ষ্য আছিল যে, দুয়োখন ৰাষ্ট্ৰৰ মাজত প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া সহজ কৰি তোলা । এই চুক্তিৰ অধীনত দীৰ্ঘদিন ধৰি বাংলাদেশৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল । একেদৰে ১৯৭৫ চনত শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ সৈতে জড়িত দুজন দোষীক ২০২০ চনত প্ৰত্যাৰ্পণ কৰা হৈছিল ।

চুক্তিখনত কি নিয়ম আছে ?

দুয়োখন দেশৰ মাজত থকা চুক্তিখনৰ নিয়ম অনুসৰি, কোনো ব্যক্তিক নূন্যতম এবছৰৰ কাৰাদণ্ডৰ শাস্তিযোগ্য অপৰাধৰ বাবে প্ৰত্যাৰ্পণ কৰিব পাৰে । এই অপৰাধ দুয়োখন দেশৰ আইন অনুসৰি শাস্তিযোগ্য হ’ব লাগিব। এই সন্ধিত উচটনি দিয়াৰ জৰিয়তে অপৰাধ সংঘটিত কৰাৰ চেষ্টা আৰু জড়িত হোৱাকো সামৰি লোৱা হৈছে।

২০১৬ চনৰ সংশোধনীৰ এটা মূল বৈশিষ্ট্য আছিল অভিযুক্তৰ বিৰুদ্ধে সুনিৰ্দিষ্ট প্ৰমাণ আগবঢ়োৱাৰ প্ৰয়োজনীয়তা আঁতৰোৱা। বৰঞ্চ অনুৰোধ কৰা দেশখনৰ কোনো যোগ্য আদালতে জাৰি কৰা গ্ৰেপ্তাৰৰ পৰোৱানাই প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ যথেষ্ট । এই নিয়ম সন্ধিৰ ১০ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে।

সন্ধিৰ ৬ নং অনুচ্ছেদৰ অধীনত যদি অভিযোগ কৰা অপৰাধটো “ৰাজনৈতিক প্ৰকৃতিৰ” হয় তেন্তে প্ৰত্যাৰ্পণ অস্বীকাৰ কৰিব পাৰে । কিন্তু হত্যা, সন্ত্ৰাসবাদ সম্পৰ্কীয় অপৰাধ, অপহৰণ আদি অপৰাধক শ্ৰেণীভুক্ত কৰাৰ পৰা স্পষ্টভাৱে বাদ দিয়া হৈছে ।

উল্লেখ আছে ৮ নং অনুচ্ছেদত কোনো ব্যক্তিক প্ৰত্যাৰ্পণ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ ন্যায়ৰ স্বাৰ্থত হ’ব লাগিব বা অভিযোগটোৱে সাধাৰণ অপৰাধমূলক আইনৰ অধীনত অপৰাধ হিচাপে যোগ্যতা অৰ্জন কৰিব লাগিব ।

Latest News