উত্তৰ প্ৰদেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! প্ৰায় ১২টাকৈ ডবা লাইনচ্যুত হৈ ৪জন যাত্ৰীৰ মৃত্যু
উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে এটা ডাঙৰ ৰে'ল দুৰ্ঘটনা। গোণ্ডা জিলাত ডিব্ৰুগড় এক্সপ্ৰেছৰ প্ৰায় ১২টাকৈ ডবা লাইনচ্যুত হৈছে। চণ্ডিগড়ৰ পৰা ডিব্ৰুগড়লৈ আহি আছিল এই ৰে'লখন । দুৰ্ঘটনাটোত ৪জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে বহু যাত্ৰী গুৰুতৰভাৱে আহত হৈছে।
উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। যাৰ ফলত ডিব্ৰুগড় এক্সপ্ৰেছৰ প্ৰায় ১২টা ডবা লাইনচ্যুত হৈছে। ৰে’লখন চণ্ডিগড়ৰ পৰা ডিব্ৰুগড়লৈ আহি থকা অৱস্থাতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো । গোণ্ডা জিলাৰ ঝিলাহী আৰু মতিগঞ্জ ৰে’ল ষ্টেচনৰ মাজত দুৰ্ঘটনাটো সংঘটিত হৈছে। বৰ্তমান ঘটনাস্থলীত চলি আছে উদ্ধাৰ কাৰ্য । দুৰ্ঘটনাটোত ৪জন যাত্ৰীৰ মৃত্যু হৈছে। বহুতো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।তথ্য আহৰণ কৰাৰ পাছত, ঘটনাস্থলীলৈ এখন দুৰ্ঘটনা সহায়ক ৰে’ল প্ৰেৰণ কৰা হৈছে। ৰে’লৱেৰ সকলো উচ্চ বিষয়াও ঘটনাস্থলীত উপস্থিত হৈছে।
একে সময়তে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও গোণ্ডাত সংঘটিত ৰে’ল দুৰ্ঘটনাৰ বিষয়ে খবৰ লৈছে। তেওঁ জিলা প্ৰশাসনৰ বিষয়াসকলক ঘটনাস্থলীত উপস্থিত হ’বলৈ আৰু সাহায্যৰ কাম ততালিকে আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী যোগীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক আহতসকলক তৎক্ষণাৎ চিকিৎসালয়লৈ লৈ যাবলৈ আৰু তেওঁলোকক সঠিক চিকিৎসা দিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে তেওঁ আহতসকলক সোনকালে সুস্থ হোৱাটো কামনা কৰিছে। বৰ্তমান গোণ্ডা জিলা প্ৰশাসন আৰু গোৰখপুৰ ৰে’ল বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে।
ঘটনাস্থলীৰ ফটো-ভিডিঅ’ও পোহৰলৈ আহিছে। য’ত দেখা গৈছে যে ওলোটা হৈ থকা ডবাবোৰ হৈছে এচি ডবা। এনে পৰিস্থিতিত, যদি যাত্ৰীসকল তেওঁলোকৰ ভিতৰত আবদ্ধ হৈ থাকে, তেন্তে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাব পাৰে। বৰ্তমান স্থানীয় লোকসকলেও ঘটনাস্থলীত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযানৰ কামত সহায় কৰিছে। এচি ডবাত কাঁচৰ খিৰিকী ভাঙি আবদ্ধ লোকসকলক বাহিৰলৈ উলিওৱা হৈছে।
হেল্পলাইন নম্বৰ মুকলি কৰিছে উত্তৰ-পূব ৰে’লৱেই
ৰে’ল দুৰ্ঘটনা সন্দৰ্ভত জাৰি কৰা হৈছে হেল্পলাইন নম্বৰ। উত্তৰ-পূব ৰে’লৱেৰ লক্ষ্ণৌ বিভাগে ডিব্ৰুগড় এক্সপ্ৰেছ লাইনচ্যুত হোৱা সন্দৰ্ভত হেল্পলাইন নম্বৰ জাৰি কৰিছে। বাণিজ্যিক নিয়ন্ত্ৰণ- 9957555984, ফৰকাটিং (এফকেজি)-9957555966, মৰিয়নি (এমএক্সএন)-6001882410, চিমলগুৰি (এছএলজিআৰ)-8789543798, তিনিচুকীয়া (এনটিএছকে)-9957555959, ডিব্ৰুগড় (ডিবিআৰজি)-9957555960।
ঘটনাস্থলীত ৪০টা চিকিৎসা দল উপস্থিত
উত্তৰ প্ৰদেশৰ সাহায্য আয়ুক্তৰ মতে, দুৰ্ঘটনাটোত ২৭জন যাত্ৰী আহত হৈছে। ঘটনাস্থলীত ৪০জনীয়া চিকিৎসা দল এটা উপস্থিত আছে। সামান্য আঘাতপ্ৰাপ্ত যাত্ৰীসকলক ঘটনাস্থলীতে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। একে সময়তে গুৰুতৰভাৱে আহত যাত্ৰীসকলক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত বৰ্তমান ১৫খন এম্বুলেন্স উপস্থিত আছে। অধিক চিকিৎসা দল আৰু এম্বুলেন্স আহি আছে।