শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

“আচৰিত অভিজ্ঞতা !”, কাজিৰঙা ভ্ৰমণ কৰি কেনে অনুভৱ হ’ল জয়শংকৰৰ লগতে বিদেশী ৰাষ্ট্ৰদূতসকলৰ ?

সোমবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতে হাতী আৰু জীপ ছাফাৰী কৰে । দেওবাৰে নিশা তেওঁলোক বিদেশমন্ত্ৰীৰ সৈতে যোৰহাটত উপস্থিত হৈ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত আজি পুৱাৰ ভাগত উপস্থিত হয়। কাজিৰঙাত প্ৰথমে হাতী ছাফাৰী কৰাৰ পিছত তেওঁলোকে জীপ ছাফাৰী কৰে ।

“আচৰিত অভিজ্ঞতা !”, কাজিৰঙা ভ্ৰমণ কৰি কেনে অনুভৱ হ’ল জয়শংকৰৰ লগতে বিদেশী ৰাষ্ট্ৰদূতসকলৰ ?
বিদেশী ৰাষ্ট্ৰদূতৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰিলে এছ জয়শংকৰে
manas-borah
Manas Borah | Updated On: 24 Feb 2025 14:59 PM

“বুজাব নোৱাৰা অভিজ্ঞতা । আমি গঁড়, বনৰীয়া ম’হ আৰু বিভিন্ন প্ৰজাতিৰ হৰিণৰ লগতে বিভিন্ন জীৱ-জন্তু একেবাৰে ওচৰৰ পৰা দেখিলোঁ ।” আজি পুৱা কাজিৰঙা ভ্ৰমণ কৰি এইদৰে সাংবাদিকৰ আগত মনৰ অনুভৱ প্ৰকাশ কৰিলে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । তেওঁ লগতে কয়, “আমি এই বিষয়ে কেৱল কিতাপত পঢ়িছিলোঁ আৰু ছবিত দেখিছিলোঁ। এক সুন্দৰ অভিজ্ঞতাৰে দিনটো আৰম্ভ কৰিছোঁ ।”

ইফালে কাজিৰঙা ভ্ৰমণৰ বাবে অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাক লৈয়ো সুখী অনুভৱ কৰে বৈদেশিক মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়,”মোক কোৱা হৈছে যে এই পৰ্যটন বতৰত তিনি লাখতকৈ অধিক পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছে। এইটো বৰ ভাল ট্ৰেণ্ড। আমি বিচাৰো যে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহে পৰ্যটন আৰু বিনিয়োগ দুয়োটাৰ দিশতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক পৰিচয় লাভ কৰক।”

আজি পুৱা ভাগতে সামাজিক মাধ্যম এক্স হেণ্ডেলটো কাজিৰঙা ভ্ৰমণক লৈ এটা পোষ্ট শ্বেয়াৰ কৰিছিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । তেওঁ কয়, “বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আজি পুৱা কাজিৰঙাত ছাফাৰী কৰিলোঁ । অসমৰ প্ৰাকৃতিক পৰিৱেশ,  জৈৱ-বৈচিত্ৰতা সঁচাকৈয়ে অতুলনীয়।” ইয়াৰ পাছতে এডভান্টেজ অসম ২.০ ত অংশগ্ৰহণ কৰাৰ কথা সদৰী কৰে বিদেশ মন্ত্ৰীগৰাকীয়ে ।

ইফালে, এছ জয়শংকৰৰ পোষ্টটোৰ উত্তৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, দেশৰ বৈদেশিক মন্ত্ৰী আৰু বিশিষ্ট ৰাষ্ট্ৰদূতসকলে কাজিৰঙা ভ্ৰমণ কৰি ভাল অভিজ্ঞতা লাভ কৰাৰ বুলি জানিবলৈ পায় আনন্দিত হৈছো। আজিৰ ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰৰ সময়ত তেওঁলোকৰ ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

উল্লেখ্য যে, কাজিৰঙা ভ্ৰমণ কৰা প্ৰত্যেকখন দেশৰ প্ৰতিনিধিয়ে “বুজাব নোৱাৰা এক সুন্দৰ অভিজ্ঞতা” লাভ কৰা বুলি অনুভৱ প্ৰকাশ কৰে । এই অভিজ্ঞতা স্মৃতি হিচাপে তেওঁলোকৰ লগত আজীৱন থাকিব বুলি অনুভৱ প্ৰকাশ কৰে বিদেশৰ প্ৰতিনিধিসকলে।

সোমবাৰে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতে হাতী আৰু জীপ ছাফাৰী কৰে । দেওবাৰে নিশা তেওঁলোক বিদেশমন্ত্ৰীৰ সৈতে যোৰহাটত উপস্থিত হৈ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙাত আজি পুৱাৰ ভাগত উপস্থিত হয়। কাজিৰঙাত প্ৰথমে হাতী ছাফাৰী কৰাৰ পিছত তেওঁলোকে জীপ ছাফাৰী কৰে ।

অসমৰ কৃষি মন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ আৰু ডি এফ অ’ অৰুণ বিগনেশে ছাফাৰীৰ সময়ত অতিথিসকলক সংগ দিয়ে। সোমবাৰে সন্ধিয়া প্ৰায় ৯ হাজাৰ শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা ‘ঝুমইৰ বিনন্দিনী’ উপভোগ কৰাৰ বাবে ৰাষ্ট্ৰদূতসকলৰ সৈতে জয়শংকৰে গুৱাহাটীলৈ ৰাওনা হ’ব । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকিব।

ইয়াৰ পাছতে মঙলবাৰে এডভান্টেজ আছাম ২.০ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ উদ্বোধনী অধিৱেশনত অংশগ্ৰহণ কৰিব এছ জয়শংকৰৰ লগতে ৰাষ্ট্ৰদূতসকলে।