Women’s Rights on Father’ Property: পিতৃৰ সম্পত্তিৰ ওপৰত কন্যাৰ সম্পূৰ্ণ অধিকাৰ থাকেনে? কি কয় আইনে?
Women’s Rights on Father’s Property: আগতে বিশ্বাস কৰা হৈছিল যে বিয়াৰ পিছত এগৰাকী কন্যা স্বামীৰ পৰিয়ালৰ সদস্য হৈ পৰে। গতিকে এনে ক্ষেত্ৰত দেউতাকৰ ঘৰৰ সম্পত্তিত তেওঁৰ কোনো অধিকাৰ নাথাকে।

পিতৃৰ সম্পত্তিৰ ওপৰত কন্যাৰ সম্পূৰ্ণ অধিকাৰ থাকেনে?
২০০৫ চনত হিন্দু উত্তৰাধিকাৰ আইনত এক গুৰুত্বপূৰ্ণ সংশোধনী কৰা হয়। সেই আইন অনুসৰি কন্যা সন্তানক পুত্ৰ হিচাপে পিতৃৰ সম্পত্তিৰ সমান অধিকাৰ দিয়া হ’ব। তাৰ আগতে পিতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী কেৱল পুত্ৰইহে হ’ব পাৰিছিল। যদি পিতৃয়ে উইলত কন্যাৰ নাম লিখি থৈ যায়, তেন্তে পিতৃৰ সম্পত্তিৰ ওপৰত কন্যাৰ অধিকাৰ থাকিব। ২০০৫ চনত এই আইনখন সংশোধন কৰা হয়। সেই সংশোধনী অনুসৰি সকলো কন্যাই পিতৃৰ সম্পত্তি দাবী কৰিব নোৱাৰে।
কেতিয়া কন্যাই পিতৃৰ সম্পত্তিৰ অধিকাৰ দাবী কৰিব পাৰিব?
যদি পিতৃ হিন্দু অবিভক্ত পৰিয়াল (HUF)ৰ সম্পত্তিৰ সহ-মালিক হয় তেন্তে কন্যাই তাত সমান অধিকাৰ লাভ কৰে। ই এগৰাকী কন্যাৰ জন্মগত অধিকাৰ। কন্যা বিবাহিত হওক বা অবিবাহিত হওক, সম্পত্তিৰ ওপৰত তেওঁৰ সমান অধিকাৰ থাকিব। উল্লেখ্য যে, ২০০৫ চনৰ ৯ ছেপ্টেম্বৰৰ পিছত যদি পিতৃৰ মৃত্যু হয় তেন্তে কন্যাৰ অধিকাৰ সম্পূৰ্ণৰূপে বৈধ হ’ব। তাৰ আগতে নহয়।
পূৰ্বে বিশ্বাস কৰা হৈছিল যে বিয়াৰ পিছত এগৰাকী ছোৱালী স্বামীৰ পৰিয়ালৰ সদস্য হৈ পৰে। গতিকে দেউতাকৰ ঘৰৰ সম্পত্তিত তেওঁৰ কোনো অধিকাৰ নাথাকে। সেই আইনখন ২০০৫ চনত সংশোধন কৰা হৈছিল। তাৰ পিছত ছোৱালীক পূৰ্বপুৰুষৰ সম্পত্তিত সম্পূৰ্ণ অধিকাৰ দিয়া হয়।
যদি সেই সম্পত্তি পৰিয়ালৰ হয় আৰু তাত পিতৃৰ সহ-স্বত্বাধিকাৰী থাকে তেন্তে তাৰ ওপৰত কন্যাৰো অধিকাৰ থাকিব । যদি পিতৃৰ নিজৰ উপাৰ্জনৰ পৰা আহৰণ কৰা সম্পত্তি হয় আৰু তেওঁ উইল কৰা নাই তেন্তে সেই সম্পত্তিৰ ওপৰত কন্যাৰ সমান অধিকাৰ থাকিব । এই ক্ষেত্ৰত স্থাৱৰ সম্পত্তি (যেনে – মাটি, ঘৰ ইত্যাদি) আৰু অস্থাৱৰ সম্পত্তি (যেনে – বেংকৰ বেলেঞ্চ, বিনিয়োগ ইত্যাদি)ৰ দুয়ো প্ৰকাৰৰ সম্পত্তিত কন্যাৰ সমান অধিকাৰ থাকিব ।
যদি পিতৃয়ে উইলযোগে কন্যাক সম্পত্তিৰ অংশৰ পৰা বঞ্চিত কৰে তেন্তে পিতৃৰ স্ব-অধিগ্ৰহণ সম্পত্তিৰ ওপৰত কন্যাৰ কোনো অধিকাৰ নাথাকে। যদি পৈতৃক সম্পত্তি থাকে তেন্তে উইলত নাম উল্লেখ কৰা হওক বা নহওক কন্যাই নিজৰ অধিকাৰ পায়। অন্যথা মহিলাগৰাকীয়ে আদালতত হাজিৰ হ’ব পাৰে।
ওপৰৰ সকলোবোৰ কথা কেৱল হিন্দু পৰিয়ালৰ ক্ষেত্ৰতহে প্ৰযোজ্য। মুছলমান উত্তৰাধিকাৰৰ আইন ইয়াতকৈ বেলেগ। সেই আইন অনুসৰি ছোৱালীয়ে পিতৃৰ সম্পত্তিৰ অংশ পায়, কিন্তু পুত্ৰৰ আধাহে। খ্ৰীষ্টান আৰু পাৰ্চী আইন অনুসৰি পিতৃৰ সম্পত্তিৰ ওপৰত কন্যা আৰু পুত্ৰৰ সমান অধিকাৰ আছে।
উল্লেখ্য যে, ২০০৫ চনৰ ৯ ছেপ্টেম্বৰৰ আগতে পিতৃৰ মৃত্যু হ’লে যৌথ পৰিয়ালৰ পৈতৃক সম্পত্তিৰ ওপৰত কন্যাৰ কোনো আইনী অধিকাৰ নাথাকিব। কিন্তু ২০০৫ চনৰ পিছত যদি পিতৃৰ মৃত্যু হয়, তেন্তে কন্যাই সমান অংশ পাব।
(বি:দ্ৰ: আপোনাৰ কোনো ব্যক্তিগত সমস্যা থাকিলে উকীলৰ পৰামৰ্শ লওক। এই প্ৰতিবেদন কেৱল প্ৰাপ্ত তথ্যৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে।)