শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বনতাৰাৰ বাবে বাৰ্ষিক কিমান ব্যয় কৰে অনন্ত আম্বানীয়ে? কি কি অন্তৰ্ভুক্ত নিৰ্ধাৰিত পুঁজিত?

বনৰাত ২০০ৰো অধিক হাতী আৰু আন হাজাৰ হাজাৰ জীৱ-জন্তু আৰু চৰাইয়ে বাস কৰে । ইয়াত ৪৩ টাতকৈও অধিক প্ৰজাতি আছে । উদ্ধাৰ কৰা জীৱ-জন্তুবোৰৰ চিকিৎসা, যত্ন লোৱা আৰু ক্ৰমান্বয়ে প্ৰাকৃতিক পৰিৱেশত পুনৰ সংস্থাপন কৰা হয় ।

বনতাৰাৰ বাবে বাৰ্ষিক কিমান ব্যয় কৰে অনন্ত আম্বানীয়ে? কি কি অন্তৰ্ভুক্ত নিৰ্ধাৰিত পুঁজিত?
বনতাৰাত প্ৰধানমন্ত্ৰীৰ সৈতে অনন্ত আম্বানীImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 21 Apr 2025 15:20 PM

ৰিলায়েন্স কোম্পানীৰ মালিক তথা এছিয়াৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে গুজৰাটৰ জামনগৰত নিৰ্মাণ কৰিছে এক বন্যপ্ৰাণী উদ্যান । ইয়াৰ নাম হ’ল বনতাৰা অৰ্থাৎ “বনৰ ৰক্ষক” । জামনগৰ শোধনাগাৰ চৌহদৰ ভিতৰত প্ৰায় ৩০০০ একৰ বিস্তৃত ভূমিত আছে এই উদ্যান । বনতাৰা হৈছে এখন ব্যক্তিগত জন্তু উদ্ধাৰ, পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ । ইয়াক বিশ্বৰ ভিতৰতে বিশাল বুলি বিশ্বাস কৰা হয় ।

পশু কল্যাণৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই অনন্ত আম্বানীয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত এই পদক্ষেপ আৰম্ভ কৰিছিল । তেওঁৰ লক্ষ্য আছিল সাধাৰণ অথচ শক্তিশালী অৰ্থাৎ সমগ্ৰ ভাৰত আৰু আনকি বিদেশৰ পৰা আঘাতপ্ৰাপ্ত, অনাদৃত বা বিলুপ্তপ্ৰায় প্ৰাণীক জীৱনৰ দ্বিতীয়টো সুযোগ দিয়া ।

বনৰাত ২০০ৰো অধিক হাতী আৰু আন হাজাৰ হাজাৰ জীৱ-জন্তু আৰু চৰাইয়ে বাস কৰে । ইয়াত ৪৩ টাতকৈও অধিক প্ৰজাতি আছে । উদ্ধাৰ কৰা জীৱ-জন্তুবোৰৰ চিকিৎসা, যত্ন লোৱা আৰু ক্ৰমান্বয়ে প্ৰাকৃতিক পৰিৱেশত পুনৰ সংস্থাপন কৰা হয় । এই প্ৰচেষ্টাৰ পৰিসৰ অতি বিশাল । বিশেষজ্ঞ পশু চিকিৎসক, পৰিচৰ্যাকাৰী আৰু সহায়ক কৰ্মচাৰীকে ধৰি প্ৰায় ২,১০০ লোকে এই জীৱ-জন্তুবোৰৰ যত্ন ল’বলৈ পূৰ্ণকালীনভাৱে কাম কৰে ।

বনতাৰাত কি কি প্ৰাণী আছে?

  • হাতী
  • সিংহ
  • নাহৰফুটুকী
  • হৰিণ
  • কাছ
  • ঘোঁৰা
  • শ শ বিৰল প্ৰজাতিৰ প্ৰাণী

ভাৰতকে ধৰি আফ্ৰিকা, থাইলেণ্ড আৰু আমেৰিকা আদি দেশৰ পৰা এই জীৱ-জন্তু উদ্ধাৰ কৰা হৈছে । এই কেন্দ্ৰটোত উন্নত চিকিৎসা সুবিধা, জীৱ-জন্তুৰ বাবে বিশেষ খাদ্য পৰিকল্পনা, আৰু প্ৰাকৃতিক বাসস্থানৰ অনুৰূপ পৰিৱেশ প্ৰদানৰ বাবে বিশাল এলেকা আছে । খবৰ অনুসৰি বনতাৰাৰ বছৰেকীয়া ৰক্ষণাবেক্ষণৰ বাবে কেইবা কোটি টকা খৰচ হয় । ইয়াৰ ভিতৰত চিকিৎসা সেৱা, খাদ্য, ৰক্ষণাবেক্ষণ, আৰু কৰ্মচাৰীৰ দৰমহাৰ খৰচো অন্তৰ্ভুক্ত । এই সকলোবোৰৰ পুঁজি অনন্ত আম্বানীৰ ব্যক্তিগত প্ৰতিশ্ৰুতি আৰু সম্পদৰ দ্বাৰা যোগান ধৰা হয় ।

বনতাৰাৰ বাৰ্ষিক খৰচ
খবৰ অনুসৰি এই প্ৰকল্পত প্ৰতি বছৰে প্ৰায় ১৫০ৰ পৰা ২০০ কোটি টকা ব্যয় হয় । এই ব্যয়ৰ ভিতৰত আছে:

  • জীৱ-জন্তুৰ বাবে বিশেষ খাদ্য পৰিকল্পনা: প্ৰজাতি, স্বাস্থ্য, আৰু পুষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি পছন্দ অনুসৰি খাদ্য ।
  • আন্তঃৰাষ্ট্ৰীয় পশু চিকিৎসকৰ দল: উন্নত মানৰ পশুৰ যত্ন নিশ্চিত কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞক নিযুক্তি দিয়া হৈছে ।
  • শীততাপ নিয়ন্ত্ৰিত চিকিৎসা ইউনিট: অস্ত্ৰোপচাৰ, চিকিৎসা আৰু আৰোগ্যৰ বাবে জলবায়ু নিয়ন্ত্ৰিত সুবিধা ।
  • আধুনিক পুনৰ্বাসন কেন্দ্ৰ: উদ্ধাৰ কৰা জীৱ-জন্তুবোৰ সুস্থ কৰিবলৈ অত্যাধুনিক স্থান ।

এই প্ৰকল্পৰ সৈতে অনন্ত আম্বানী আৱেগিকভাৱে জড়িত । তেওঁ ব্যক্তিগতভাৱে ইয়াৰ অগ্ৰগতি চোৱাচিতা কৰে আৰু প্ৰতিটো সৰু-ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ।