যাত্ৰীসকল অনুগ্ৰহ কৰি মন দিব- বছৰ বছৰ ধৰি ৰে’ল ষ্টেচনত শুনি অহা মাতটো কাৰ জানেনে?
আপুনি কেতিয়াবা ৰেল যাত্ৰা কৰি পাইছেনে? যদি পাইছেনে তেন্তে প্ৰায়ে শুনা পাই নে এটি চিনাকী কণ্ঠ? য'ত এগৰাকী মহিলাই ঘোষণা কৰে আমাৰ গন্তব্য স্থান বা আন বিভিন্ন তথ্য। পিছে এই মাতটো কাৰ?

“যাত্ৰীসকল অনুগ্ৰহ কৰি মনোযোগ দিয়ক…” ৰে’ল ষ্টেচনলৈ গ’লে এই ঘোষণা আমি বাৰে বাৰে শুনো। ঘোষণাটোত কেতিয়াবা কোৱা হয় যে …ৰে’লখন নিজৰ গন্তব্যস্থান আহি পালে। কেতিয়াবা আকৌ এই ঘোষণাটোৱে আমাৰ গন্তব্যস্থানলৈ যোৱা ৰে’লখন কোনটো প্লেটফৰ্মত আছে সেই কথা কয়। কেতিয়াবা অসমীয়াত, কেতিয়াবা হিন্দীত, কেতিয়াবা ইংৰাজীত। মুঠতে একাধিত ভাষাৰে ঘোষণা কৰা হয় ৰে’ল ষ্টেচনত আৰু একেটা মাতে আমাক এই নিৰ্দেশ দিয়ে।
কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এইটো কাৰ মাত? এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে এই কণ্ঠটো আচলতে এগৰাকী মহিলা ৰে’ল কৰ্মচাৰীৰ। যাৰ নাম সৰলা চৌধুৰী। বছৰ বছৰ ধৰি ভাৰতীয় ৰে’লৱেৰ ঘোষক হিচাপে কাম কৰি আহিছে তেওঁ। পিছলৈ ভাৰতীয় ৰে’লৱেই যান্ত্ৰিক প্ৰযুক্তিৰ জৰিয়তে তেওঁৰ কণ্ঠ দেশৰ প্ৰতিটো ষ্টেচনতে বিয়পাই দিছে।
কেনেকৈ পাইছিল চাকৰি?
জানিব পৰা মতে, ৰে’লৱে নিযুক্তি দিয়াৰ কথা শুনি আন সকলো চাকৰি প্ৰত্যাশীৰ দৰে সৰলাও পৰীক্ষাত হাজিৰ হৈছিল। এয়া ১৯৮২ চনৰ কথা। সেই সময়ত, মূলতঃ ভাৰতীয় ৰে’লৱেই ষ্টেচনত ৰে’ল ঘোষণা কৰা কামৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। পৰীক্ষাৰ সময়ত পৰীক্ষকে হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীৰ মাজত সৰলাৰ কণ্ঠ বাছি লৈছিল। তাৰ পাছতে সৰলাই নিজৰ কাম আৰম্ভ কৰিছিল।
ইয়াৰ পিছত বছৰ বছৰ ধৰি ৰে’ল ষ্টেচনত ৰে’লৰ আগমন আৰু প্ৰস্থানৰ পৰা আৰম্ভ কৰি সকলো ঘোষণা সৰলাই কৰিবলৈ ধৰে। জানিব পৰা মতে, তেওঁ চাকৰি জীৱনৰ প্ৰথমচোৱাত মহাৰাষ্ট্ৰৰ পাৰ্লি ভজিনাথ ৰে’লৱে ষ্টেচনত কাম কৰিছিল। ৰে’ল কৰ্তৃপক্ষৰ লগতে যাত্ৰীসকলেও তেওঁৰ মাতটো অতি পচন্দ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৮৬ চনত কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি সৰলাৰ কণ্ঠ ৰেকৰ্ডিং কৰি দেশৰ সকলো ষ্টেচনলৈ সম্প্ৰচাৰ কৰা হয়। তেতিয়াৰ পৰাই এই প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে যুগ যুগ ধৰি মানুহে শুনি আহিছে তেওঁৰ কণ্ঠ।