Railways: টিকটৰ সৈতে বিনামূলীয়া বীমা, লেট কৰিলে পাব ক্ষতিপূৰণ! এই ৰে’লত উঠিলে বিমানত উঠিবলৈ নাযাব মন

Railways: নিতৌ লাখ লাখ যাত্ৰীয়ে ৰে’লযোগে যাত্ৰা কৰে। যদিও এই ৰে’লপথ চৰকাৰী মালিকানাধীন, কিন্তু বৰ্তমান বেচৰকাৰী মালিকানাধীনটো চলে ৰে’ল। আপুনি জানেনে দেশত কৰ্পৰেট ৰে'লো চলে?

Railways: টিকটৰ সৈতে বিনামূলীয়া বীমা, লেট কৰিলে পাব ক্ষতিপূৰণ! এই ৰেলত উঠিলে বিমানত উঠিবলৈ নাযাব মন

টিকটৰ সৈতে বিনামূলীয়া বীমা, লেট কৰিলে পাব ক্ষতিপূৰণ!

Updated On: 

13 Apr 2025 11:13 AM

ভাৰতীয় ৰে’লৱেই বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ ৰে’ল নেটৱৰ্ক। দীৰ্ঘ দূৰত্বৰ আৰু স্থানীয় ৰে’লত প্ৰতিদিনে লাখ লাখ যাত্ৰীয়ে যাত্ৰা কৰে। যদিও এই ৰে’লপথ চৰকাৰী মালিকানাধীন, বৰ্তমান বেচৰকাৰী মালিকানাধীনো ৰে’ল চলে। আপুনি জানেনে যে দেশত কৰ্পৰেট ৰে’লো চলে?

বৰ্তমান ভাৰতীয় ৰে’লৱেই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰ্হিৰ অধীনত একাধিক ৰে’ল চলায়। কিন্তু প্ৰথম কৰ্পোৰেট ৰে’ল আছিল তেজস এক্সপ্ৰেছ। ব্যক্তিগত মালিকানাধীন এই ৰে’লখনে ২০১৯ চনৰ পৰা লক্ষ্ণৌ-নতুন দিল্লী পথত চলাচল আৰম্ভ কৰিছিল। বিপুল সঁহাৰিৰ অন্তত দ্বিতীয়খন তেজস এক্সপ্ৰেছ মুম্বাই-আহমেদাবাদ পথত মুকলি কৰা হয়।

তেজস এক্সপ্ৰেছৰ টিকট আই আৰ চি টি চিৰ পৰা ক্ৰয় কৰিব পাৰি। আই আৰ চি টি চিয়ে ইয়াৰ কেটাৰিং সেৱাৰ বাবেও দায়বদ্ধ। অৱশ্যে সেৱাৰ ক্ষেত্ৰত তেজস আন এক্সপ্ৰেছ  তুলনাত বহুত বেলেগ। বিমানত উঠাৰ লগে লগে যাত্ৰীসকলে যেনেকৈ অন-বৰ্ডিং কিট লাভ কৰে, তেনেদৰে তেজছ এক্সপ্ৰেছৰ যাত্ৰীসকলকো একে সুবিধা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও টিকটৰ সৈতে ভ্ৰমণ বীমাৰ ব্যৱস্থা আছে। আনকি ৰে’লখন দেৰি হ’লে ক্ষতিপূৰণ দিয়ে।

এই ৰে’লখনত অত্যাধুনিক সকলো সেৱা আছে। ইয়াত আধুনিক বহাৰ ব্যৱস্থা আৰু এল চি ডি ইনফোটেনমেন্ট স্ক্ৰীণ আছে। এই ৰে’লখন সকলো সময়তে চিচিটিভিৰ নিৰীক্ষণত থাকে। তেজস এক্সপ্ৰেছত অ’টমেটিক দুৱাৰ আৰু বায়’-ভেকুয়াম শৌচাগাৰো আছে। লক্ষ্ণৌ-দিল্লী পথৰ এই প্ৰিমিয়াম ৰে’লখনৰ আছে মাত্ৰ দুটা ষ্টপেজ কানপুৰ আৰু গাজিয়াবাদ।

 

 

 

Related Stories
ভয়ংকৰ দুৰ্ঘটনা! কুঁৱাত বাগৰি পৰিল দ্ৰুতবেগী বাহনঃ প্ৰাণ হেৰুৱালে ১০ জনে
৮ লাখ জোৱান নিয়োজিত থকাৰ পিছতো…পহলগাম আক্ৰমণক লৈ ভাৰতীয় সেনাক অকৰ্মণ্য, মিডিয়াক বলীউড আখ্যা শ্বাহিদ আফ্ৰিদীৰ
তেজ উতলি আছে, সকলোৱে ন্যায় পাব: পহলগাম আক্ৰমণ সন্দৰ্ভত ‘মন কী বাত’যোগে প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ
যুদ্ধংদেহী ৰূপত ভাৰতীয় সেনা! বোমাৰে উৰুৱাইছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ
Kailash Mansarovar Yatra: পাকিস্তানৰ সৈতে সম্পৰ্ক ফাঁট মেলাৰ লগে লগে ভাৰতৰ বাবে দুৱাৰ মুকলি চীনৰ
পণ্ডিত জৱাহৰলাল নেহৰুৱে সিন্ধু জল চুক্তি স্বাক্ষৰ কৰাটোৱে ভাৰতৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল… কিয় এইদৰে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
সোৱাদত তিতা কেৰেলাৰ জুচে দেহত কৰে এনে উপকাৰিতা, লিভাৰেও পায় সুৰক্ষা
কাৰ সৈতে ৰে’লত ভ্ৰমণ কৰিব বিচাৰে কোহলীয়ে? জানিলে আপুনিও হ’ব আচৰিত…
গ্ৰীষ্মকালত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়, কেনেকৈ ল'ব হৃদযন্ত্ৰৰ যত্ন ?
ধন-সম্পত্তি আছেই ! ইয়াৰ উপৰি অনন্ত আম্বানী কিহৰ বাবে বেছি বিখ্যাত ?