5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পঞ্চভূতত বিলীন মানৱদৰদী ৰতন টাটা, তেওঁৰ স্মৃতিত মৰমৰ কুকুৰটোৱেও খাদ্য গ্ৰহণ কৰা নাই

মুম্বাইৰ ৱৰ্লি শ্মশানত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম সংস্কাৰ অনুষ্ঠিত কৰা হয় ৰতন টাটাৰ। পাৰ্চী ৰীতি-নীতি অনুসৰি সম্পন্ন কৰা হয় শেষকৃত্য। অন্ত্যেষ্টিক্ৰিয়াৰ পাছত দক্ষিণ মুম্বাইৰ কোলাবাত থকা প্ৰয়াত উদ্যোগপতিগৰাকীৰ বাসগৃহত তিনিদিনধৰি পালন কৰা হ’ব যথাযথ ৰীতি-নীতি।

পঞ্চভূতত বিলীন মানৱদৰদী ৰতন টাটা, তেওঁৰ স্মৃতিত মৰমৰ কুকুৰটোৱেও খাদ্য গ্ৰহণ কৰা নাই
পঞ্চভূতত বিলীন মানৱদৰদী ৰতন টাটা
barasha-misra
Barasha Misra | Updated On: 11 Oct 2024 08:57 AM

ৰতন টাটাৰ শৰীৰ পঞ্চভূতত বিলীন হৈ গৈছে। বৃহস্পতিবাৰে মুম্বাইৰ ৱৰ্লি শ্মশানত তেওঁক ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল। তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু সংখ্যক লোকে সেই উপস্থিত হৈছিল। ইয়াৰ পূৰ্বে শেষ দৰ্শনৰ বাবে এন চি পি এ পাৰ্কত ৰখা হৈছিল। য’ত দেশৰ আগশাৰীৰ ৰাজনীতিবিদ, ব্যৱসায়ী টাইকুন, অভিনেতা আদি উপস্থিত হৈ তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাই আৱেগিক হৈ পৰিছিল।

বুধবাৰে গভীৰ নিশা শেষ নিশ্বাস ত্যাগ কৰে ৮৬ বছৰীয়া ৰতন টাটাই। তেওঁক মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক আই চি ইউলৈ স্থানান্তৰ কৰা হয়। চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছৰে পৰা ৰতন টাটাৰ বাবে প্ৰাৰ্থনা আৰম্ভ হৈছিল যদিও বুধবাৰে গভীৰ নিশা ভাৰতৰ এই ৰতনে চিৰন্তন যাত্ৰাত গুচি যায়। তেওঁৰ মৃত্যুৰ খবৰৰ বাবে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰে।

অন্তিম দৰ্শনৰ বাবে এন চি পি এ পাৰ্কত ৰখা হৈছিল নশ্বৰ দেহ

বৃহস্পতিবাৰে পুৱা ব্ৰীচ কেণ্ডি হাস্পতালৰ পৰা এন চি পি এ পাৰ্কলৈ অনা হয় ৰতন টাটাৰ মৃতদেহ। ইয়াত টাটা পৰিয়ালে প্ৰথমে তেওঁৰ শেষ শ্ৰদ্ধাঞ্জলি জনালে। ইয়াৰ পিছত প্ৰতিজন সাধাৰণ মানুহ আৰু বিশেষ ব্যক্তিয়ে আহি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। ইয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱাল, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, আৰ বি আইৰ ৰাজ্যপাল, অভিনেতা আমিৰ খানৰ সৈতে তেওঁৰ পত্নী কিৰণ ৰাও, শয়না এন চি, ৰাজ ঠাকৰে, উদয় সামন্ত, ৰাহুল নাৰ্ভেকাৰ , বিজয় ভাট্টীকে ধৰি অন্যান্য নেতা-অভিনেতা সকলে তেওঁৰ ওচৰলৈ যায়। টাটাৰ অন্তিম দৰ্শনৰ বাবে সমগ্ৰ পৰিয়ালসহ উপস্থিত হয় ব্যৱসায়ী মুকেশ আম্বানী।

গোৱাৰ মৰম!

প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেম সকলোৰে পৰিচিত আছিল। ৰতন টাটাৰ মৃত্যুৰ পিছত বৃহস্পতিবাৰে মুম্বাইৰ এন চি পি এ খেলপথাৰত শেষ দৰ্শনৰ বাবে মৃতদেহ ৰখা হয়, য’ত তেওঁৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা কুকুৰ ‘গোৱা’ও উপস্থিত হয়। কুকুৰটো তাত উপস্থিত হোৱাৰ পিছত দুখৰ পৰিৱেশটো আৰু অধিক মৰ্মস্পৰ্শী হৈ পৰিছিল। কুকুৰটোৰ যত্ন লোৱা ব্যক্তিজনে ক’লে যে ‘গোৱা’ই ৰাতিপুৱাৰ পৰা একো খোৱা নাই।  কুকুটোৱেও বুজি পাইছে টাটা নোহোৱাৰ কথা।

উল্লেখ্য যে, কুকুৰ আছিল ৰতন টাটাৰ অতি প্ৰিয়। মুম্বাইৰ হোটেল তাজমহলৰ চৌহদত আশ্ৰয় দিছিল বাটৰ কুকুৰক৷ হোটেল তাজমহলৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰায়েই দেখা গৈছিল কুকুৰক৷

ভাৰত ৰত্নৰ দাবী শিৱসেনাৰ

ৰতন টাটাৰ বাবে ভাৰত ৰত্নৰ দাবী শিৱসেনাৰ। মুখ্যমন্ত্ৰী শিণ্ডেৰ ঘনিষ্ঠ নেতা ৰাহুল কানালে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি কয় যে ৰাজ্য চৰকাৰে ভাৰতৰত্নৰ বাবে ৰতন টাটাৰ নাম প্ৰস্তাৱ কৰিব লাগে। ইয়াৰ পিছত মহাৰাষ্ট্ৰৰ কেবিনেটে ভাৰত ৰত্ন বঁটাত অন্তৰ্ভুক্তিৰ বাবে উদ্যোগপতি ৰতন টাটাৰ নাম প্ৰস্তাৱ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ কেবিনেটেও এক শোক প্ৰস্তাৱ গৃহীত কৰিছে।

 

Latest News