শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চিকেন ম’ম’ত এয়া কি মাংস? ম’ম’ কাৰখানাৰ ফ্ৰীজত ওলাল কুকুৰৰ কটা মূৰ

এখন দোকানত চিকেন ম'ম'ৰ নামত যি কাণ্ড সংঘটিত কৰা হৈছে, সেয়া জানিলে আপুনিও ম'ম'ত কামোৰ মৰাৰ আগত দুবাৰ ভাবিব । প্ৰতিদিনেই দোকানখনত বিক্ৰী হয় ম'ম' । গ্ৰাহকৰো ভিৰ থাকে ম'ম' খাবলৈ । কিন্তু চিকেন ম'ম'ৰ নামত কি মাংস গ্ৰাহকক খুৱালে বিক্ৰেতাই জানিলে আপুনি ঘৃণাত নাক কোঁচাব ।

চিকেন ম’ম’ত এয়া কি মাংস? ম’ম’ কাৰখানাৰ ফ্ৰীজত ওলাল কুকুৰৰ কটা মূৰ
ম'ম' (প্ৰতীকী ছবি)Image Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 19 Mar 2025 15:14 PM

সন্ধিয়া পৰত আপোনাৰো নিশ্চয় মন যায় মুখৰোচক কিবা এটা খাবলৈ । ঘৰত বনাই খোৱাৰ বাহিৰেও বহুতেই পছন্দ কৰে ষ্ট্ৰীট ফুডৰ সোৱাদ ল’বলৈ । চাওমিন, ম’ম’, ৰোল আদি বিভিন্ন সোৱাদ লগা খাদ্যৰ জুতি আপুনিও নিশ্চয় লৈছে । বিয়লি একাপ গৰম চুপৰ সৈতে এক প্লেট ম’ম’ যদি কোনোবাই আপোনাক খাবলৈ দিয়ে, আপুনি নিশ্চয় না নকৰে । চিকেন, ভেজ, পৰ্ক আদি বিভিন্ন ম’ম’ পোৱা যায় ফুড কৰ্ণাৰসমূহত ।

এইখিনিতে আপোনাক এটা বিশেষ খবৰ দিওঁ । এখন দোকানত চিকেন ম’ম’ৰ নামত যি কাণ্ড সংঘটিত কৰা হৈছে, সেয়া জানিলে আপুনিও ম’ম’ত কামোৰ মৰাৰ আগত দুবাৰ ভাবিব । প্ৰতিদিনেই দোকানখনত বিক্ৰী হয় ম’ম’ । গ্ৰাহকৰো ভিৰ থাকে ম’ম’ খাবলৈ । কিন্তু চিকেন ম’ম’ৰ নামত কি মাংস গ্ৰাহকক খুৱালে বিক্ৰেতাই জানিলে আপুনি ঘৃণাত নাক কোঁচাব ।

Freshly Boiled Jiaozi Served On Table

ম’ম’ (প্ৰতীকী ছবি)

মানুহে বিশ্বাসেৰে দোকানখনত ম’ম’ খায় । কিন্তু গ্ৰাহকৰ বিশ্বাসৰ সৈতে বিশ্বাসঘাতকতা কৰিলে বিক্ৰেতাই । ম’ম’ প্ৰস্তুত কৰা কাৰখানাত সোমোৱা লগে লগেই পোহৰলৈ আহিল এই ভয়ংকৰ ঘটনাৰ কথা । চিকেনৰ নামত ম’ম’ত ব্যৱহাৰ কৰা হৈছে কুকুৰৰ মাংস । ম’ম’ প্ৰস্তুত উদ্যোগত উদ্ধাৰ কুকুৰৰ কটা মূৰ ।

এই ঘটনা সংঘটিত হৈছে পঞ্জাবত । খাদ্যৰ মান তথা পৰিষ্কাৰ-পৰিছন্নতা সন্দৰ্ভত পৌৰসভাই চলাইছিল অভিযান । সেই অভিযানত পঞ্জাবৰ এটা ম’ম’ প্ৰস্তুত কৰা উদ্যোগত উদ্ধাৰ হৈছে কুকুৰৰ মূৰ । মোহালিৰ মাট্টুৰৰ এখন ফাষ্ট ফুডৰ দোকানত চলিছিল এই তালাচী । কিন্তু উদ্যোগটোৰ ফ্ৰীজ খুলি আচৰিত হয় অভিযানকাৰী দল । কিয়নো ফ্ৰীজৰ ভিতৰত উদ্ধাৰ কুকুৰৰ মূৰৰ লগতে নষ্ট হৈ যোৱা খাদ্যৰ পেকেট ।

Plate Full Of Momo With Soup

ম’ম’ (প্ৰতীকী ছবি)

স্থানীয় একাংশ লোকে অভিযোগ দাখিল কৰিছিল পৌৰ সভাত । তাৰ পাছতেই ফাষ্ট ফুডৰ দোকানখনত চলে অভিযান । ম’ম’ত চিকেনৰ নামত যে তাত কুকুৰৰ মাংস ব্যৱহাৰ কৰা হৈছিল সেয়া জনা নাছিল কোনেও । মূলতঃ পৰিস্কাৰ-পৰিছন্নতাৰ বিষয়তেই দিয়া হৈছিল অভিযোগ । অপৰিষ্কাৰ পানী, আৰু পচা পাচলিৰ ভিডিঅ’ পোষ্ট কৰিছিল লোকসকলে । এই অভিযোগৰ পিছত মেডিকেল টিমে প্ৰতিষ্ঠানখনত অভিযান চলায় ।

অভিযানকালত পচা আৰু নিম্নমানৰ খাদ্য আৰু মাংস উদ্ধাৰ কৰা হয় । ফ্ৰীজ খোলাৰ লগে লগেই অভিযানকাৰী দল আচৰিত হৈ পৰে । কিয়নো ফ্ৰীজত পাগ প্ৰজাতিৰ এটা কুকুৰৰ মূৰ উদ্ধাৰ হয় । প্ৰতিষ্ঠানটোৰ কৰ্মীসকলে দাবী কৰা মতে সেই মাংস ম’ম’ত ব্যৱহাৰ কৰা নহয় । যিহেতু প্ৰতিষ্ঠানটোত বহুকেইজন নেপালী লোকে কাম কৰে, তেওঁলোকেহে কুকুৰ মাংস ভক্ষণ কৰে ।

Fried Momos Dumpling

ম’ম’ (প্ৰতীকী ছবি)

জানিব পৰা মতে সেই প্ৰতিষ্ঠানৰ পৰা ম’ম’ আৰু ৰোল চণ্ডীগড়, পঞ্চকুলা আৰু কালকায়লৈ যোগান ধৰা হয় । উদ্যোগটোত যথেষ্ট মাংস উদ্ধাৰ কৰা হয় । ব্যৱহৃত তেলো উদ্ধাৰ কৰা হয় । মাংসখিনি ইতিমধ্যে পৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে পৰীক্ষাগাৰলৈ । পৰীক্ষাৰ প্ৰতিবেদন আহিলেই জানিব পৰা যাব, সেই ম’ম’ত প্ৰকৃততে কি মাংস ব্যৱহাৰ কৰা হৈছিল ।