পান্নুৰ ভাবুকিঃ ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ভ্ৰমণ নকৰিব এয়াৰ ইণ্ডিয়াৰ বিমানত… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

পান্নুৰ ভাবুকিঃ ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ভ্ৰমণ নকৰিব এয়াৰ ইণ্ডিয়াৰ বিমানত…

Air india: ২০২০ চনত UAPA ৰ অধীনত ভাৰত চৰকাৰে তেওঁক সন্ত্ৰাসবাদী ঘোষণা কৰিছিল। বিভিন্ন সময়ত পান্নুয়ে ভাৰতকলৈ ভাবুকি প্ৰদান কৰি আহিছে। ২০২৩ চনৰ এপ্ৰিল মাহত নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তো পান্নুয়ে ভাবুকি দিছিল। 

পান্নুৰ ভাবুকিঃ ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ভ্ৰমণ নকৰিব এয়াৰ ইণ্ডিয়াৰ বিমানত...

এয়াৰ ইণ্ডিয়ালৈ ভাবুকি

Published: 

21 Oct 2024 18:36 PM

বিগত কেইটামান দিন ধৰি ভাৰতৰ কেইবাখনো বিমানলৈ ভাবুকি আহি আছে। ইমেইল জৰিয়তে বা বিভিন্ন ধৰণে একাংশ দুষ্ট চক্ৰই বোমাৰে প্ৰায় ৩০ খন উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। এতিয়ালৈতকে ১০০ ৰো অধিক ভাবুকি লাভ কৰিছে।  ইয়াৰ মাজতে সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৱে ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ এয়াৰ ইণ্ডিয়াৰ বিমান বয়কট কৰিবলৈ কয়। তেওঁ  জনতাক এয়াৰ ইণ্ডিয়াৰ বিমানক ভ্ৰমণ নকৰিবলৈ তেওঁ ভাবুকি দিয়ে। দ্বিতীয়বাৰৰ বাবে পান্নুয়ে ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে এয়াৰ ইণ্ডিয়াৰ বিমানক ভাবুকি প্ৰদান কৰিছে।

পান্নুয়ে কয় যে, ১৯৮৪ চনৰ ঘটনাৰ ৪০ বছৰ সম্পূৰ্ণ হ’বলৈ গৈ আছে। এই দিনটোত সমগ্ৰ বিশ্বই বিৰোধ কৰিব লাগে। পান্নুয়ে ১৯৮৪ ঘটনাৰ প্ৰতিশোধ ল’বলৈ আহ্বান জনায়। উল্লেখ্য যে, ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে পান্নয়ে এই ভাবুকি প্ৰদান কৰিছে। পান্নু শিখ ফৰ জাষ্টিছৰ প্ৰতিষ্ঠাপক। তেওঁ কৈছে যে, ১৯ নৱেম্বৰৰ পাছত এয়াৰ ইণ্ডিয়াৰ বিমানত বিস্ফোৰণ হ’ব পাৰে। তেওঁ কয়, এয়াৰ ইণ্ডিয়াৰ বিমানত ভ্ৰমণ নকৰিব। ১৯ নৱেম্বৰৰ পৰা বিশ্বব্যাপী ক’লা দিৱস হ’ব।সেয়ে এয়াৰ ইণ্ডিয়াত যাত্ৰা নকৰিব।

ইয়াৰ পূৰ্বে শনিবাৰে বেলেগ বেলেগ কোম্পানীৰ প্ৰায় ৩০ খন বিমান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। বিভিন্ন ছ’চিয়েল মিডিয়াৰ জৰিয়তে এয়াৰ ইণ্ডিয়া, ইণ্ডিগো, আকাশ এয়াৰ, বিস্তাৰা, স্পাইচজেট, ষ্টাৰ এয়াৰ আদিয়ে এই ভাবুকি লাভ কৰিছিল। ইয়াৰ পাছতেই বিভাগীয় কৰ্তৃপক্ষসমূহ এই ক্ষেত্ৰত সস্তম হৈ পৰিছে আৰু এনে ঘটনা ৰোধ কৰাৰ চেষ্টা কৰি আছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে গুৰপতৱন্ত সিং পান্নুৰ ভাবুকিৰ সন্দৰ্ভত  কয় যে সকলো যাত্ৰীৰ সুৰক্ষা আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ। আমি সকলো বিমান সংস্থাতে বিমান সুৰক্ষা প্ৰট’কল সম্পূৰ্ণৰূপে মানি চলিছো। ভাবুকি লাভ কৰা বা নকৰা সকলোৰে ওপৰত গুৰুত্ব দিয়া হৈছে।

পান্নুয়ে শিখ ফৰ জাষ্টিচৰ কৰ্মীসকলৰ জৰিয়তে বিভিন্ন বিমান বন্দৰ, ৰে’ল ষ্টেচন, দলং আদিত খালিস্তানী শ্লোগান লিখিছিল। পান্নুক ভাৰত চৰকাৰে সন্ত্ৰাসবাদী ঘোষণা কৰাৰ লগতে বিভিন্ন ধাৰাত তেওঁৰ বিৰুদ্ধে বহু গোচৰ ৰুজু কৰিছে। ২০২০ চনত UAPA ৰ অধীনত ভাৰত চৰকাৰে তেওঁক সন্ত্ৰাসবাদী ঘোষণা কৰিছিল। বিভিন্ন সময়ত পান্নুয়ে ভাৰতকলৈ ভাবুকি প্ৰদান কৰি আহিছে। ২০২৩ চনৰ এপ্ৰিল মাহত নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তো পান্নুয়ে ভাবুকি দিছিল।

 

তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে কেনেকুৱা লক্ষণে দেখা দিয়ে ? জানক...
লাই আৰু গাহৰি মাংসৰ আঞ্জা আপোনাৰ প্ৰিয় নে ? কেনেকৈ ৰান্ধিব জানক...
Aimee Baruah Birthday : আজি জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ ওপজা দিন
লংকাৰ অধিপতি মহাবলবান ৰাৱণে লক্ষ্মণ ৰেখা কিয় পাৰ হ’ব পৰা নাছিল?