নিষিদ্ধ ‘শিশু পৰ্ণগ্ৰাফী’ শব্দ, ডাউনলোড বা চালেও কঠোৰ শাস্তি ! | Downloading and Watching child Abuse Videos To Be An Offence Under POSCO and IT law : Supreme Court Assam news - Assam Tv9

নিষিদ্ধ ‘শিশু পৰ্ণগ্ৰাফী’ শব্দ, ডাউনলোড বা চালেও কঠোৰ শাস্তি, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ !

Published: 

23 Sep 2024 12:51 PM

এতিয়াৰ পৰা POCSO আইনৰ অধীনত শিশু পৰ্ণগ্ৰাফী ডাউনলোড বা চোৱাটো অপৰাধ হিচাপে গণ্য কৰা হ'ব । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে ।

নিষিদ্ধ ‘শিশু পৰ্ণগ্ৰাফী’ শব্দ, ডাউনলোড বা চালেও কঠোৰ শাস্তি, নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ !

উচ্চতম ন্যায়ালয়

Follow Us On

শিশুৰ পৰ্ণগ্ৰামীক লৈ ডাঙৰ ৰায় দিছে উচ্চতম ন্যায়ালয়ে । এতিয়াৰ পৰা POCSO আইনৰ অধীনত শিশু পৰ্ণগ্ৰাফী ডাউনলোড বা চোৱাটো অপৰাধ হিচাপে গণ্য কৰা হ’ব । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰিছে । মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এক ৰায়ত কোৱা হৈছিল যে, কেৱল শিশু পৰ্ণগ্ৰাফী ডাউনলোড কৰি চোৱাটো POCSO আইন আৰু তথ্য প্ৰযুক্তি আইন অনুসৰি অপৰাধ নহয়। কিন্তু এই ৰায়ক আজি সোমবাৰে নাকচ কৰে উচ্চতম ন্যায়ালয়ে ।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক ‘গুৰুতৰ ভুল’ বুলি অভিহিত কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক “শিশু পৰ্ণগ্ৰাফী” শব্দটোক “শিশুৰ যৌন নিৰ্যাতন আৰু শোষণমূলক সামগ্ৰী” লৈ সলনি কৰাৰ বাবে সংশোধনী আনিবলৈও নিৰ্দেশ দিছে। আনকি আদালততো ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটো ব্যৱহাৰ কৰা উচিত নহয় বুলি কয় উচ্চতম ন্য়ায়ালয়ে । ন্যায়াধীশ জে বি পাৰ্দিৱালাই কয় যে, “আমি দোষীসকলৰ মনৰ অৱস্থাৰ অনুমানৰ ওপৰত সকলো প্ৰাসংগিক বিধান ব্যাখ্যা কৰিবলৈ আমাৰ পথত চেষ্টা কৰিছো আৰু লগতে নিৰ্দেশনাও নিৰ্ধাৰণ কৰিছো।”

উল্লেখ্য যে,আজি দিনটোৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে, শিশুৰ যৌন সম্পৰ্কৰ ভিডিঅ’ প্ৰকাশ আৰু শ্বেয়াৰ কৰাটো অপৰাধ। এনে ভিডিঅ’ তৈয়াৰ কৰি ডাউনলোড কৰাটোও শাস্তিযোগ্য অপৰাধ।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু হৈছিল য’ত এজন ২৮ বছৰীয়া যুৱকৰ বিৰুদ্ধে শিশুৰ যৌন সম্পৰ্কৰ ভিডিঅ’ চোৱা আৰু ডাউনলোড কৰাৰ অভিযোগ উত্থাপন হৈছিল। শিশু পৰ্ণগ্ৰাফী চোৱা আৰু ডাউনলোড কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে POCSO আৰু IT Actৰ অধীনত গোচৰ ৰুজু কৰা হয়। চলিত বৰ্ষৰ ১১ জানুৱাৰীত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ বাতিল কৰিছিল। উচ্চ ন্যায়ালয়ে কৈছিল যে, নিজৰ ডিভাইচত শিশু পৰ্ণগ্ৰাফী চোৱা বা ডাউনলোড কৰাটো অপৰাধৰ পৰিসৰৰ ভিতৰত নপৰে।

একে সময়তে ২০২৩ চনত কেৰালা উচ্চ ন্যায়ালয়েও একেধৰণৰ ৰায় দিছিল । আদালতে কৈছিল যে, যদি কোনো ব্যক্তিয়ে অশ্লীল ফটো বা ভিডিঅ’ চাই আছে তেন্তে সেয়া অপৰাধ নহয়, কিন্তু যদি তেওঁ আনক দেখুৱাইছে তেন্তে সেয়া অপৰাধৰ ভিতৰত পৰিব।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version