ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া ড° মনমোহন সিঙৰ, শেষ শ্ৰদ্ধাঞ্জলি জনালে দেশবাসীয়ে…

দিল্লীৰ নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় সন্মানেৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বহু নেতা।

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া ড° মনমোহন সিঙৰ, শেষ শ্ৰদ্ধাঞ্জলি জনালে দেশবাসীয়ে...

মনমোহন সিঙৰ অন্ত্যেষ্টিক্ৰিয়া

Updated On: 

28 Dec 2024 14:46 PM

পঞ্চভূতত বিলীন হ’ল ভাৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং । দিল্লীৰ নিগমবোধ ঘাটত ৰাষ্ট্ৰীয় সন্মানেৰে তেওঁৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, সংসদীয় দলৰ সভানেত্ৰী ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বহু নেতা। সকলোৱে নিগমবোধ ঘাটত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক।

আজি সমগ্ৰ দেশে অৰ্থনৈতিক সংস্কাৰৰ মহান নেতা মনমোহন সিঙক স্মৰণ কৰিছে। মনমোহন সিঙৰ নশ্বৰদেহ আজি পুৱা প্ৰায় ৮ বজাত নতুন দিল্লীৰ মতিলাল নেহৰু ৰোডৰ ৩ নং বাসগৃহৰ পৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ অনা হয়। ইয়াৰ পিছত তেওঁৰ নশ্বৰদেহ কেইঘণ্টামান কংগ্ৰেছৰ কাৰ্যালয়ত ৰখা হয়, য’ত সাধাৰণ জনতা আৰু কংগ্ৰেছ কৰ্মীসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। কংগ্ৰেছৰ কাৰ্যালয়ত ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেকে ধৰি বহু জ্যেষ্ঠ নেতাই প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত তেওঁৰ নশ্বৰদেহ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিগম বোধ ঘাটলৈ লৈ যোৱা হয়।

২৬ ডিচেম্বৰৰ নিশা দিল্লীৰ এইমছ হাস্পতালত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ। কিছুদিন তেওঁ যথেষ্ট অসুস্থ হৈ আছিল। মৃত্যুৰ কিছু সময়ৰ পূৰ্বে তেওঁক এইমছত ভৰ্তি কৰা হৈছিল। মনমোহন সিং ২০০৪ চনৰ পৰা ২০১৪ চনলৈ দেশৰ প্ৰধানমন্ত্ৰী আছিল। তেখেতে দেশৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে । তেওঁ দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল । মনমোহন সিঙক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে দেশত ৭ দিন ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী হিচাপে তেওঁ তথ্য বিপ্লৱ, এম জি এনৰেগা, কৃষকৰ ঋণ ৰেহাই, শিক্ষাৰ অধিকাৰ আদি ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ তথ্যৰ অধিকাৰ (আৰ টি আই), শিক্ষাৰ অধিকাৰ (আৰ টি ই) আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন আদি আঁচনি প্ৰৱৰ্তন কৰিছিল । নৰসিংহ ৰাও চৰকাৰত তেওঁক ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৯১ চনত তেওঁ দেশখনক অৰ্থনৈতিক সংকটৰ পৰা ৰক্ষা কৰিছিল । সেয়েহে ড° মনমোহন সিঙক অৰ্থনৈতিক সংস্কাৰৰ মেগাষ্টাৰ বুলি কোৱা হয়।

১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত পাকিস্তানৰ গাহত জন্মগ্ৰহণ কৰিছিল মনমোহন সিঙে। ১৯৪৭ চনত বিভাজনৰ পিছত তেওঁৰ পৰিয়াল ভাৰতলৈ আহিছিল। মনমোহন সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডি.ফিল ডিগ্ৰী লৈছিল। নব্বৈৰ দশকৰ আৰম্ভণিতে মনমোহন সিঙৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল, তেতিয়াৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও চৰকাৰত বিত্তমন্ত্ৰী হৈছিল। বিত্তমন্ত্ৰী হিচাপে তেওঁ ভাৰতত অৰ্থনৈতিক উদাৰীকৰণৰ ভেটি স্থাপন কৰিছিল ।

শীতকালত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! কৰক এই কাম...
বলীউডৰ আটাইতকৈ ধনী অভিনেতাগৰাকী কোন? কিমান সম্পত্তি আছে শ্বাহৰুখ খান, আল্লু অৰ্জুনৰ?
iPhone 16 Pro ত গ্ৰাহকে লাভ কৰিছে আকৰ্ষণীয় ৰেহাই, সবিশেষ জানক...
একেদিনাই অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰা নীতিশ কুমাৰ ৰেড্ডীৰ দৰমহা কিমান জানেনে ?