শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মণিপুৰত উগ্ৰপন্থীৰ ড্ৰ’ন আক্ৰমণ ! ভাৰতৰ বাবে কিয় চিন্তাৰ বিষয় ?

ছেপ্টেম্বৰ মাহৰ প্ৰথম দিনটোতে মণিপুৰত যি ধৰণৰ ভয়াৱহ আক্ৰমণ সংঘটিত হৈছিল সেই আক্ৰমণে সমগ্ৰ দেশবাসীকে স্তম্ভিত কৰি তুলিছে । এই আক্ৰমণত ২ জন লোকৰ মৃত্য হোৱাৰ লগতে আন ১০ জন লোক আহত হৈছে । এই লোক সকলৰ ভিতৰত আছে এগৰাকী ১২ বছৰীয়া কিশোৰী, দুজন আৰক্ষীৰ জোৱান আৰু এজন সংবাদ কৰ্মী ।

মণিপুৰত উগ্ৰপন্থীৰ ড্ৰ’ন আক্ৰমণ ! ভাৰতৰ বাবে কিয় চিন্তাৰ বিষয় ?
প্ৰতিনিধিত্বমূলক ফটো
manas-borah
Manas Borah | Published: 03 Sep 2024 18:28 PM

অশান্ত মণিপুৰত এতিয়াও শান্তিৰ পৰিৱেশ ঘূৰি অহা নাই । সাময়িক শান্তিৰ দুমাহৰ পাছত ছেপ্টেম্বৰ মাহৰ প্ৰথম দিনটোতে মণিপুৰত যি ধৰণৰ ভয়াৱহ আক্ৰমণ সংঘটিত হৈছিল সেই আক্ৰমণে সমগ্ৰ দেশবাসীকে স্তম্ভিত কৰি তুলিছে । এই আক্ৰমণত ২ জন লোকৰ মৃত্য হোৱাৰ লগতে আন ১০ জন লোক আহত হৈছে । এই লোক সকলৰ ভিতৰত আছে এগৰাকী ১২ বছৰীয়া কিশোৰী, দুজন আৰক্ষীৰ জোৱান আৰু এজন সংবাদ কৰ্মী ।

আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল, সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বুলি ধাৰণা কৰা এই আক্ৰমণত ব্যৱহাৰ কৰা হৈছিল ড্ৰ’ন । মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘাতে সৃষ্টি কৰা হিংসাত্মক পৰিস্থিতিৰ মাজতে সংঘটিত হোৱা এই আক্ৰমণত ব্যৱহাৰ কৰা হৈছে ড্ৰ’ন বোমা । ই কেৱল ৰাজ্যখনৰ বাবেই নহয়, উত্তৰ-পূব তথা দেশবাসীৰ বাবে অত্যন্ত চিন্তনীয় বিষয় ।

ড্ৰ’ন বোমা আধুনিক যুদ্ধৰ এক মাৰাত্মক মাৰণাস্ত্ৰ লৈ পৰিণত হৈছে । ২০২০ চনত নাগৰ্নো-কাৰাবাখ যুদ্ধ আৰু ৰাছিয়া-ইউক্ৰেইন সংঘাতত ব্যৱহাৰ হোৱা দেখা গৈছে ড্ৰ’ন। বৰ্তমান ভাৰতৰ মণিপুৰত ড্ৰ’ন বোমা ব্যৱহাৰে ভয়ংকৰ ইংগিত বহন কৰিছে । ইয়াৰ সহায়ত আক্ৰমণকাৰীয়ে দূৰৰ পৰা নিজৰ লক্ষ্যত আক্ৰমণ সংঘটিত কৰিব পাৰে ।

ড্ৰ’ন ব্যৱহাৰ কৰি কোনে, কেতিয়া,ক’ত আক্ৰমণ সংঘটিত কৰিব তাৰ কোনো ধাৰণা কৰিব নোৱাৰি । গতিকে ড্ৰ’ন বোমা আক্ৰমণে অঞ্চলটোৰ বাবে অতি ভয়ানক পৰিস্থিতিৰ ইংগিত বহন কৰিছে । ইফালে মণিপুৰত সংঘটিত হোৱা শেহতীয়া ড্ৰ’ন বোমা আক্ৰমণে বৃহৎ পৰিসৰৰ হিংসাৰ উচটনি দিব পাৰে বুলিও আশংকা কৰা হৈছে।

এই ড্ৰ’ন আক্ৰমণৰ বাবে মণিপুৰ আৰক্ষীয়ে ‘কুকি উগ্ৰপন্থী’ গোটক জগৰীয়া কৰিছে । ৰাজ্যখনৰ আৰক্ষী আৰু গৃহ বিভাগৰ তথ্য অনুসৰি, এই আক্ৰমণ ‘সন্দেহযুক্ত কুকি সন্ত্ৰাসবাদী’ৰ দ্বাৰা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে । ইয়াৰ লগতে ড্ৰ’ন ব্যৱহাৰ কৰি ৰকেট চালিত গ্ৰেনেড আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী নিক্ষেপ কৰি আক্ৰমণ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে, ইতিমধ্যে মণিপুৰৰ ৰাজ্য আৰু কেন্দ্ৰীয় বাহিনীয়ে এই ধৰণৰ আক্ৰমণ ৰোধ কৰাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্য চৰকাৰে জনসাধাৰণক শান্ত হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে অপৰাধীক চিনাক্ত কৰিৰ বাবে অভিযান অব্যাহত আছে বুলি আশ্বাস দিছে।

ঘৰুৱা সংঘাতত ড্ৰ’ন ব্যৱহাৰে এক বিপদজনক নজিৰ সৃষ্টি কৰি তুলিব পাৰে । নিৰাপত্তা সংস্থাসমূহৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে বিবেচিত হ’ব । কাৰণ এতিয়া ড্ৰ’নৰ ভাবুকি প্ৰতিহত কৰিবলৈ নিজকে সাজু কৰিব লাগিব। ইয়াৰ উপৰিও ড্ৰ’নৰ ব্যৱহাৰে ভাৰতৰ ভিতৰতে অন্যান্য সন্ত্ৰাসবাদী গোটসমূহৰো শক্তি বৃদ্ধি কৰিব পাৰে ।

INPUT-Deepak Bhadana

Latest News